অনুভৱৰ দস্তাবেজ- নাহৰৰ দেশ আৰু ইটো-সিটো বহুতো

“ডিব্ৰুগড় বিশ্ববিদ্যালয়” যি অনন্য আৰু অদ্বিতীয়। যাৰ বুকুত নিতৌ বাস্তৱায়িত হয় ভৱিষ্যতৰ ৰঙীণ স্বপ্নদ্ৰষ্টা হাজাৰজন তৰুণ তৰুণীৰ সোণালী স্বপ্ন ।যাৰ প্ৰতিটো বিভাগ, প্ৰতিটো কেন্দ্ৰ, আলি-পদূলি, গছ-গছনি সকলোবোৰ বছৰ বছৰ জুৰি নিৰৱ সাক্ষী হৈ ৰৈ আছে বহুজনৰ বন্ধুত্ব, প্ৰেম, সুখ-দুখ কিম্বা হাঁহি -কান্দোনেৰে পৰিপূৰ্ণ অলেখ স্মৃতিৰ পৃষ্ঠাৰে। তাতেই আকৌ বিশ্ববিদ্যালয়খনত শাৰী শাৰীকৈ থকা নাহৰ গছবোৰে বহন কৰিছে এক অনন্য শোভা।‌ যাৰ বাবেই বিশ্ববিদ্যালয়খনৰ আন এটি নাম “নাহৰৰ দেশ”। এই ঠাইটুকুৰাৰ বুকুত এবাৰ যিজনে থিতাপি লৈছেহি, হয়তো সেই প্ৰত্যেকজন ব্যক্তিৰেই হৃদয়ত শেষ উশাহ পৰ্যন্ত থাকিব বিশ্ববিদ্যালয়খনৰ প্ৰতি অপৰিসীম ভালপোৱা আৰু এক আচুতীয়া কোঠালী। য’ত ব্যক্তিজনে সাঁচি ৰাখিব নাহৰৰ দেশত পাৰ কৰা সময়ৰ স্মৃতিৰ গধুৰ টোপোলাটো। নাহৰৰ দেশৰ প্ৰতিজন বাসিন্দাৰ দৰেই মোৰ হৃদয়তো বৰ্তমানলৈকে খোদিত হৈছে, বহু তিতা- মিঠা অভিজ্ঞতা আৰু অলেখ অনুভৱ। জীৱন মানেই জানো তিতা-মিঠা অভিজ্ঞতাৰ এটা বৃহৎ টোপোলা নহয়? কলেজীয়া জীৱনৰ সময়চোৱাতেই অসমৰ এগৰাকী বিখ্যাত উপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ দ্বাৰা সৃষ্ট এখন বিখ্যাত উপন্যাস “নাহৰৰ নিৰিবিলি ছাঁ” পঢ়িয়েই প্ৰথম বিশ্ববিদ্যালয়খনৰ প্ৰেমত পৰিছিলো। উপন্যাসখনৰ চৰিত্ৰবোৰৰ সৈতে পঢ়াৰ মাজে মাজে কেতিয়াবা নিজকে কল্পনাও কৰিছিলো। সেইয়াই আছিল নাহৰৰ দেশৰ প্ৰতি মোৰ হৃদয়ত প্ৰেমৰ আৰম্ভণি। এই সময়বোৰো ঠিক নৈৰ প্ৰবাল সোঁতৰ দৰেই। অহৰহ গতি কৰে দূৰ দিগন্তলৈ, লগতে কঢ়িয়াই লৈ যায় জীৱন নামৰ নৌকাখনকো। এপল-দুপলকৈ পাৰ হোৱা সময়ৰ লগত খোজ মিলাই আহিয়েই এদিন উপস্থিত হৈছিলোহি মোৰ অতদিনৰ সাঁচতীয়া সপোন "নাহৰৰ দেশত" অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদূলিত। আজি যেতিয়া পিছলৈ ঘূৰি চাওঁ অনুভৱ হয়, সঁচাকৈয়ে সৌভাগ্যবান মই, কিয়নো এতিয়া নাহৰৰ দেশৰ বাসিন্দা সকলৰ মাজৰেই মইয়ো এজন। অনুভৱ হয় জ্যোতি বাটচৰাৰ সন্মুখত লিখি থোৱা জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ এটি বিখ্যাত গানৰ কলি "তোৰে মোৰে আলোকৰে যাত্ৰা..." ৰ প্ৰকৃত সাৰমৰ্ম। কলেজীয়া জীৱনৰ শিক্ষা সাং কৰি, সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰত প্ৰবেশ পৰীক্ষা দিবৰ বাবে প্ৰথম যিদিনাখন জ্যোতি বাটচৰাৰ সন্মুখত গাড়ীৰ পৰা নামিছিলোহি। জ্যোতি বাটচৰাৰ সন্মুখত এক মূহূৰ্তৰ বাবে থমকি ৰৈছিলো। বুকুৰ ধপধপনি ক্ৰমাৎ খৰ হব ধৰিছিল মোৰ। মনত উদয় হৈছিল হাজাৰটা প্ৰশ্ন। আজিও পাহৰা নাই, কিনকিনিয়া বৰষুণজাকত তিতি বুৰি গৈ পৰীক্ষাত বহাৰ সময়ত বৰকৈ কঁপিছিলো মই। বহু পৰৰ পিছত নিজকে সংযত কৰি পৰীক্ষা দি পোনেই বাহিৰলৈ ওলাই আহিছিলো। প্ৰতিখন মুখ মোৰ বাবে আছিল অচিনাকী। সেয়েহে হয়তো কাৰো সৈতে মোৰ ঘনিষ্ঠতাও হোৱা নাছিল। প্ৰবেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত যেতিয়া শেষ বাচনিৰ বাবে সাক্ষাৎকাৰ দিবলৈ পুনৰ কেন্দ্ৰলৈ গৈছিলো, তেতিয়াহে এজন দুজনকৈ বহুকেইজন সহপাঠীৰ সৈতে মোৰ চিনা পৰিচয় হৈছিল। প্ৰথম শ্ৰেণী আৰম্ভ হোৱাৰ পৰা আজি পৰ্যন্ত বিশ্ববিদ্যালয়ত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ বাবে খুবেই বিশেষ।সেই দিনটো আছিল ২০১৯ বৰ্ষৰ ৫ আগষ্ট , যিদিনা আৰম্ভ হৈছিল নাহৰৰ দেশত মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ। অলেখ চিন্তাৰ জোৱাৰ আৰু ভয় সংকোচেৰে ভৰি পৰা গধুৰ মনটোক কঢ়িয়াই লৈ সোমাই গৈছিলো শ্ৰেণীকেঠাটোলৈ। পি.জিটোৰ পৰা ওলাই আহি জ্যোতি বাটচৰাৰ দীঘল আলিটোৰে সোমাই গৈ কেন্দ্ৰত উপস্থিত হোৱালৈকে মনত তিথাপি লৈছিল কিছু বেবেৰিবাং চিন্তাই। অহৰহ ভাবিছিলোঁ; শিক্ষক সকলৰ বিষয়ে, সহপাঠী সকলৰ বিষয়ে আৰু অগ্ৰজ সকলৰ বিষয়ে। এই সকলোবোৰৰ মাজতো কিন্তু কোনোবাখিনিত লুকাই আছিল এক অপৰিসীম সুখ। সুখ এটি সপোনে পূৰ্ণ ৰূপ পোৱাৰ, সুখ আদৰৰ নাহৰৰ দেশত স্নাতকোত্তৰ পৰ্যায়ৰ মোৰ সেইয়া প্ৰথমটো দিন। এতিয়া এদিন দুদিনকৈ পাৰ হৈ যোৱা সময়বোৰৰ বুকুত মই প্ৰতিদিনেই যুগুতাই গ'লো বহুতো তিতা মিঠা অভিজ্ঞতা।

কেৱল আনুষ্ঠানিক শিক্ষাই নহয়, নাহৰৰ দেশৰ অভিজ্ঞতাবোৰৰ পৰা পলে পলে লাভ কৰিছো বহু মূল্যবান জীৱন সম্পৰ্কীয় শিক্ষাও। ভালদৰে উপলব্ধি কৰিব পাৰিছো জীৱন, একতা, মানৱতা, বন্ধুত্ব আদিৰ দৰে বিষয়সমূহৰ প্ৰকৃত অৰ্থ। নাহৰৰ দেশত মন গলেই মনৰ কথাবোৰ খুলি কব পৰাকৈ, ব্যস্ততাই আৱৰি ৰখা দিনটোৰ শেষত একেলগে বহি অকণমান হাঁহিব পৰাকৈ, দুআষাৰ কথা পাতিব পৰাকৈ এচাম বন্ধুক বিচাৰি পাইছো । দিনটোৰ ব্যস্ততাৰ শেষত আবেলি পৰত শ্ৰেণীসমূহ শেষ কৰিয়েই জঃছাগ, বুলবুলি, জ্যোতি কেন্টিন, নতুবা ডি.ইউ হাটৰ কোনো এখন দোকানত সিহঁতৰ সৈতে বহি খোৱা একাপ চাহ আৰু মাত্ৰ কেইটামান কথাই ধুই লৈ যায় মোৰ সকলো অৱসাদ। সিহঁতৰ সৈতে আদ্দাবোৰ যদি কেতিয়াবা খুহুতীয়া হয়, কেতিয়াবা আকৌ গম্ভীৰো হৈ পৰে। বিভিন্ন ঠাই, বিভিন্ন কৃষ্টি- সংস্কৃতি, বিভিন্ন চিন্তা ধাৰা, বিভিন্ন প্ৰতিভা আৰু বিভিন্ন ব্যক্তিত্বই জীপাল কৰি ৰখা নাহৰৰ প্ৰতিটো আলি পদূলিত নিতৌ গুঞ্জৰিত হয় কেইবাজনো বন্ধু মিলি একেলগে মৰা আমাৰ হাঁহিৰ ধ্বনিবোৰ, গোপন আলোচনাবোৰ, শ্ৰেণীকোঠাৰ আলোচনাবোৰ আৰু প্ৰতিদিনৰ ব্যস্ততা বোৰ। এই সকলো খিনি আৰু অধিক জীপাল তেতিয়া হৈ পৰে, যেতিয়া ফাগুণ মাহৰ মৃদু পচোৱা বতাহজাকৰ সৈতে ভাৰ্চিটি উইক অৰ্থাৎ বিশ্ববিদ্যালয় সপ্তাহৰ বতাহজাকো সমান্তৰালকৈ বলে। সেই সময়খিনিৰ বুকুত বিচাৰি পাওঁ এক অনন্য মাদকতা‌। এই সময়চোৱাত সকলোৰে ব্যস্ততাবোৰো দুগুণে বাঢ়িব ধৰে। নিজ নিজ বিভাগ আৰু কেন্দ্ৰৰ প্ৰতি থকা আবেগৰ ৰাগিত মতলীয়া হৈ পৰা আমিবোৰ ব্যস্ত হৈ পৰো নিজ নিজ বিভাগ আৰু কেন্দ্ৰটোক কেনেকৈ আগুৱাই নিব পাৰি, তাৰ চিন্তাত। দিন ৰাতি এক কৰি এমাহ জোৰা এক দীঘলীয়া সেই সময়ৰ মাজত লুকাই থাকে প্ৰতিজনৰেই কষ্টবোৰ। তাৰেই যেন প্ৰতিফলন হয় কোনোবা এখন খেলত পৰাজয় হোৱাৰ পিছতেই নিগৰি অহা চকুলোবোৰত আৰু আন এখন খেলত জয়ী হৈ মৰা হাঁহি আৰু কিৰিলিবোৰত। বিশ্ববিদ্যালয় সপ্তাহৰ এই বতাহজাকে আমাক প্ৰতিজনকে শিকাই থৈ যায়, একতা কি, আবেগ কি। এই যে দিন ৰাতি এক কৰি নিজৰ কেন্দ্ৰ নতুবা বিভাগটোৰ খাতিৰত কাম কৰা যায়, সময়খিনি সঁচাই স্মৃতিৰ পৃষ্ঠাবোৰত খুবেই ভাললগা হৈ ৰব আজীৱনলৈ। শ্ৰেণীত কোনোদিন মাতি নোপোৱা বন্ধুজনো সেই সময়খিনিৰ ভিতৰতেই খুব আপোন হৈ পৰে, চকুলৈ চাবলৈ ভয় লগা অগ্ৰজজনো হৈ পৰে অতিকৈ আপোন, এক হৈ কাম কৰাত কিমান শক্তি থাকিব পাৰে পলে পলে উপলব্ধি কৰা যায় সময়খিনিৰ মাজতেই, দায়িত্ব, কৰ্তব্য কাক কোৱা হয় ভালকৈয়ে বুজা যায়। পুৱা সোনকালে উঠাৰ অভ্যাস নাথাকিলেও কেন্দ্ৰটোৰ খাতিৰতে পুৱা ৫ মান বজাতেই শুই উঠি আৰু শ্ৰেণীসমূহ শেষ হোৱাৰ পিছতো হাজাৰ ভাগৰকো আওকাণ কৰি নিৰ্ধাৰিত স্থানত আৰু অগ্ৰজসকলে বান্ধি দিয়া সময়সীমাৰ ভিতৰত অনুশীলনৰ অভ্যাসৰ বাবে উপস্থিত হওঁগৈ। এই সকলোখিনিৰেই নিৰৱ সাক্ষী হৈ পৰে খগেশ্বৰ তালুকদাৰ খেলপথাৰ, জয়মতী খেলপথাৰ, বিষ্ণুৰাভা ৰঙ্গমঞ্চ কিম্বা ভৱনকেইটা। কাৰো আহৰি নাথাকে, সকলো ব্যস্ত নিজৰ কৰ্তব্যত। সমান্তৰালভাৱে এটাৰ পিছত আন এটা প্ৰতিযোগিতা। আমিবোৰো ব্যস্ত হৈ পৰো নিজ কেন্দ্ৰটোৰ খাতিৰত। আজৰি পৰত এতিয়া সেই সময়খিনিৰ মাজলৈ যেতিয়াই ঘূৰি যাওঁ, বিচাৰি পাওঁ এক অবৰ্ণনীয় আমোদ।

কাল কৰোনাই সৃষ্টি কৰা এই কঠিন সময়ৰ ভুক্তভোগী হৈ যেতিয়া জীৱনটো এতিয়া ঘৰৰ চাৰিবেৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে, মনটো বাৰে বাৰে নাহৰৰ দেশলৈ উৰা মাৰে। বাৰে বাৰে মনত পৰে লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ সন্মুখৰ খালি ঠাইডোখৰত ঘূৰণীয়া হৈ বন্ধু কেইজনমানৰ সৈতে বহি কৰা এচাইনমেন্টবোৰলৈ, বিষ্ণু ৰাভা ৰঙ্গমঞ্চত সকলোৰে সৈতে আনন্দত মতলীয়া হৈ উপভোগ কৰা প্ৰতিটো অনুষ্ঠানলৈ, মনত পৰে গছেৰে আৱৰা প্ৰতিটো আলি পদূলিলৈ। কি বুলবুলি, কি জঃছাগ, কি জ্যোতি প্ৰতিখন কেন্টিনত সমনীয়াৰ সৈতে দিয়া আদ্দাবোৰলৈ। কোনোবাই যদি প্ৰশ্ন কৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মোক কি কি দিলে। একেষাৰে মোৰ মনৰ ভিতৰৰ পৰা আপোনা আপুনি কিছু শব্দ নিগৰিত হব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুকুত মই বিচাৰি পালো নিজৰ সন্তানৰ দৰে মৰম কৰা আৰু বন্ধুৰ দৰে ব্যৱহাৰ কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক, নিজৰ বুলি দাবী কৰিব পৰাকৈ এচাম বন্ধু-বান্ধৱী, নিজৰ ভাতৃ ভগ্নী বুলি প্ৰতিটো সময়ত মৰম কৰা, সহায় কৰা অগ্ৰজসকলক, বা বুলি সম্বোধন কৰি কম সময়তেই আপোন হৈ পৰা অনুজসকলক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিয়া উপহাৰ সমূহৰ ভিতৰত সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ এই পৰিয়ালটো অন্যতম। কেৱল নিজৰ কেন্দ্ৰৰেই নহয়, সময় অতিবাহিত হোৱাৰ লগে লগেই আন আন বিভাগ আৰু কেন্দ্ৰৰো বহুজনৰ সৈতে মোৰ ঘনিষ্ঠতা বাঢ়িব ধৰিল। এনেকৈয়ে লাহে লাহে নাহৰৰ দেশত মই বিচাৰি পালো এখন অনন্য পৃথিৱীক। তদুপৰি দৈনন্দিন ব্যস্ততাৰ মাজতেই সময়ে সময়ে সমনীয়াৰ সৈতে উপভোগো কৰো আলি আই লৃগাং, মেডাম্ মেফিৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱসমূহো। সেইয়াও যেন এক অন্যতম অভিজ্ঞতা নাহৰৰ দেশত।

নাহৰৰ দেশৰ অনুভৱবোৰক মাত্ৰ এটি লেখাৰ মাজেৰে প্ৰকাশ কৰি হয়তো শেষ কৰিব নোৱাৰিম। তিতা-মিঠা অজস্ৰ অভিজ্ঞতা আৰু স্মৃতিৰে ভৰপূৰ নাহৰৰ দেশত মই নিজকে এক পৃথক ৰূপত বিচাৰি পালো। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হবলৈ আৰু কিছুমান ভাল কাম কৰিবলৈ নাহৰৰ দেশে মোক এক সুবিধা প্ৰদান কৰিলে যাৰ ফলত বহুতো সুন্দৰ মনৰ মানুহৰ সৈতে চিনাকি হবলৈ আৰু তেওঁলোকৰ সৈতে কাম কৰিবলৈ এক সুযোগ লাভ কৰিলো। যিসকল লোকৰ সান্নিধ্যই মোক শিকালে মানৱতাৰ অৰ্থ, আত্মীয়তাৰ অৰ্থ, বন্ধুত্বৰ অৰ্থ। ভাৰ্চুৱেল পৃথিৱীৰ জড়িয়তে যদিও আমি ইজনে সিজনৰ সৈতে বৰ্তমান সংযুক্ত হৈ থাকিবলৈ সক্ষম হৈছো, তথাপিও নাহৰৰ দেশৰ মাদকতাক প্ৰতিটো মূহূৰ্ততে মনত পেলাইছো। এতিয়া আশা মাথো; সময়বোৰ ভাল হব, নিতাল নিস্তব্ধ হৈ পৰি ৰোৱা নাহৰৰ আলি পদূলি, প্ৰতিটো বিভাগ কেন্দ্ৰ, প্ৰতিখন কেন্টিন পুনৰ জীপাল হৈ পৰিব আমাৰ আদ্দাবোৰেৰে, হাঁহিবোৰেৰে। এটাই কামনা কৰিছো, কেৱল শিক্ষাৰ ক্ষেত্ৰখনতেই নহয়, সাংস্কৃতিক, ক্ৰীড়া আদি সকলো দিশতে যুগ যুগ ধৰি জিলিকি ৰোৱা জ্ঞানৰ আলয় তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয়। তোমাক প্ৰাণভৰি ভালপোৱাৰ প্ৰমাণ দিবলৈ নাযাঁও, তুমি মাথো চিৰস্থায়ী হৈ ৰবা মোৰ হৃদয়ৰ এক গোপন কোঠালীত।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s