সময়ৰ সোঁতত সংবাদ মাধ্যম

সময় গতিশীল। সময়ৰ সোঁতত আমিবোৰো প্ৰবাহমান। ব্যতিক্ৰম নহয় সংবাদ মাধ্যমসমূহো। সেই গোটেনবাৰ্গৰ ছপাশালত ছপা মাধ্যমে প্ৰাণ পাই উঠাৰ পৰা বা তাতোকৈও আগৰে পৰা আজি পৰ্যন্ত‌ সংবাদ মাধ্যমৰ যি এক দীঘলীয়া ইতিহাস। এই ইতিসাহৰ বুকুত নিহিত হৈ আছে ক্ৰমান্বয়ে ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু সাম্প্ৰতিক সময়ৰ জনপ্ৰিয়তাৰ দৌৰত থকা সামাজিক মাধ্যমৰ এক দীঘলীয়া বৰ্ননা। সংবাদ মাধ্যম বুলি কোৱাৰ লগে লগেই আমাৰ মন মগজুলৈ প্ৰথমেই অহা কথাষাৰ হৈছে- জনতাৰ সংসদ, কণ্ঠহীনৰ কণ্ঠ, দৰিদ্র আৰু সাধাৰণ শ্রেণীৰ বাবে যেন মুখৰ মাত। তাহানিতে অসমত সংবাদ-পত্রৰ যোগেদি একো একোটা যুগ সৃষ্টি হোৱাৰো প্ৰমাণ আছে৷ অৰুণোদয় যুগ, জোনাকী যুগ, ৰামধেনু যুগ, আৱাহন যুগ ইত্যাদি৷

সংবাদ মাধ্যম এখন গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, যাৰ নিজস্ব এক স্বাধীনতা আছে। সংবাদ মাধ্যমৰ স্বাধীনতা এক সুস্থ, সবল গণতন্ত্র গঢ়ি তোলাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তাহানিতে নেপ’লিয়নেও এষাৰ কথা কৈছিল– ‘হাজাৰ তৰোৱালতকৈ কলম শ্রেষ্ঠ৷’ আজি সমগ্ৰ বিশ্বৰ প্ৰায়বিলাক দেশতেই সংবাদ মাধ্যম আৰু সংবাদকৰ্মী সকলক কিছুমান বিশেষ অধিকাৰ আৰু সংবাদ প্ৰচাৰত স্বাধীনতা প্ৰদান কৰা হৈছে। তাৰ বাবে ৰাষ্ট্ৰসংঘই হওঁক বা একো একোখন দেশৰ সংবিধানেই হওকঁ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে বহু সময়ত জনগণ সংবাদ মাধ্যমৰ প্রতি বিতুষ্ট হ’লেও শেষ আশা ৰূপে বাতৰিকাকত, টেলিভিছন চেনেল আদিৰ ওপৰতে নির্ভৰশীল হোৱা দেখা যায়৷ প্রযুক্তি বিদ্যা, আর্থ-সামাজিক দিশ আদিৰ পৰিৱর্তনে আজিৰ সংবাদ মাধ্যমৰ নিজৰ গতি, প্রকৃতিৰ লগতে লক্ষ্য, উদ্দেশ্যৰো বহুখিনি সাল-সলনি কৰা পৰিলক্ষিত হৈছে৷ ইণ্টাৰনেট, ই-মেইল, ৱাটছআপ, ফেচবুক আদিয়ে এহাতে সংবাদ মাধ্যমলৈ যিদৰে সম্ভাৱনা কঢ়িয়াই আনিছে ঠিক সেইদৰে তাৰ সমান্তৰালকৈ ভাবুকিও কঢ়িয়াই অনা দেখা গৈছে। কোনোবাখিনিত হেৰাই গৈছে তাহানিৰ দৰে সেই ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ মাদকতা। বহু সময়ত দেখা যায় যে, ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমে ছ’চিয়েল মিডিয়াত প্রকাশিত কেতবোৰ মন্তব্য, সমালোচনা আদিৰ আঁত ধৰিয়েই বিভিন্ন প্রবন্ধ, বাতৰি বা টক শ্ব’ আদিৰ আয়োজন কৰে৷ অৱশ্যে বহুতে ছ’চিয়েল মিডিয়াক আকৌ কেৱল বিনোদনৰ বাবেহে ব্যৱহাৰ কৰে। আনহাতে এচামে আকৌ সামাজিক মাধ্যমৰ যোগেদিয়েই অত্যন্ত নেতিবাচক আলোচনা তথা সাম্প্রদায়িক বিবাদ সৃষ্টি কাৰী কথা-বতৰাৰে এক অস্থিৰ পৰিৱেশৰো সৃষ্টি কৰে৷ ব্যক্তিৰ স্বাধীনতা, মত প্রকাশৰ অধিকাৰক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু এই স্বাধীনতাৰ অপপ্রয়োগে যদি সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, তেন্তে সেয়া কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। বৰঞ্চ ই সমাজৰ বাবে ক্ষতিকাৰকহে হৈ পৰে।

এই সংবাদ মাধ্যমসমূহে এখন সমাজৰ প্রাণশক্তি উজ্জীৱিত কৰে, চেতনা জাগ্রত কৰে, এক দৃষ্টিভংগী গঢ়ি তুলি জনমত গঢ়ি তোলাত যথেষ্টখিনি সহায় কৰে। ভাৰতবৰ্ষৰ ক্ষেত্ৰতেই যদি আমি চাবলৈ যাওঁ, প্রাক স্বাধীন কালৰে পৰা সাম্প্রতিক সময়লৈকে সংবাদ মাধ্যমে সমকালীন ঘটনাৰাজি, সমস্যাৰ উপস্থাপন, বিশ্লেষণ আৰু সমালোচনাত্মক প্রবন্ধ, বিভিন্ন আলোচনামূলক অনুষ্ঠান বা টক শ্ব' আদিৰ যোগেদি নিজস্ব দায়িত্ব পালন কৰি আহিছে৷ উদাহৰণস্বৰূপে যদি অসমৰ কথাই কোৱা হয়, সেই ভাষা আন্দোলন, তেল শোধনাগাৰ আন্দোলন, বিদেশী বহিষ্কাৰৰ আন্দোলন, বিভিন্ন দুর্নীতি-কেলেংকাৰি উন্মোচনৰ পৰা বর্তমানৰ নদীবান্ধ আন্দোলন, ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতকৰণ, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান, কৰোনাকালীন সময়ৰ বিভিন্ন বা-বাতৰি প্ৰকাশ আদি বিভিন্ন দিশসমূহৰ সন্দর্ভত জনমত তৈয়াৰ কৰাৰ ক্ষেত্রতেই হওঁক বা জনগণৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতেই হওঁক, সংবাদ মাধ্যমে গ্রহণ কৰা ভূমিকা সঁচাকৈয়ে অপৰিসীম আৰু প্ৰশংসনীয়। তথাপি সময়ৰ বতাহ জাকে যেন বহুখিনি সলনি কৰি দিয়ে নিমিষতে। গতিশীল সময়ৰ বুকুত যেন ধীৰে ধীৰে হ্ৰাস হব ধৰিছে সংবাদ মাধ্যমৰ স্বাধীনতাও। হ্ৰাস হব ধৰিছে সংবাদকৰ্মীসকলৰ স্বাধীনতা, খৰ্ব হব ধৰিছে তেওঁলোকৰ অধিকাৰ। সমাজৰ এচাম শক্তিশালী ব্যক্তিৰ যেন হাতৰ পুতলালৈ পৰিনত হৈছে সংবাদ জগতখন। যাৰ ফলস্বৰূপে সমাজত দিনে দিনে বৃদ্ধি পাইছে সাংবাদিকৰ হত্যা, অপহৰণ, সংবাদকৰ্মীৰ ওপৰত অত্যাচাৰ আদিৰ দৰে বহু জঘন্য ঘটনা। তদুপৰি সাম্প্ৰতিক সময়ত বহু ৰাষ্ট্ৰতে সংবাদ মাধ্যমে কর্প’ৰেট দর্শনেৰে পৰিচালিত হোৱা দেখা যায়৷ এনে অৱস্থাত সংবাদ জগতত সাধাৰণ শ্রেণী লোকৰ কথা-বতৰাই স্থান লাভ কৰাৰ বিপৰীতে কর্প’ৰেটৰ স্বার্থ সুৰক্ষিত কৰা, বিনোদন, ৰিয়েলিটী শ্ব’ আদি দিশবিলাকেহে অধিক গুৰুত্ব লাভ কৰা পৰিলক্ষিত হয়৷ তাৰ ফলশ্ৰুতিত যেন বহুখিনি প্ৰয়োজনীয় বিষয় আলোচনাৰ পৰা বঞ্চিত হৈছে।

২০২০ চনত প্ৰকাশিত World Press Freedom Index অৰ্থাৎ বিশ্বজুৰি সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংকত ভাৰতে ১৮০ খন দেশৰ ভিতৰত ১৪২ নম্বৰ স্হান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ই এক অত্যন্ত চিন্তনীয় বিষয়। সংবাদ মাধ্যম যাক সমাজৰ দাপোণ আখ্যা দিয়া হয়, সেই বৃত্তিৰ লগত জড়িত ব্যক্তিৰ হত্যা বা তেওঁলোকৰ ওপৰত অত্যাচাৰ মানেই সেই দাপোণ ধ্বংস কৰা। বিভিন্ন সূত্ৰৰ যোগেদি প্ৰকাশিত এক তথ্য অনুসৰি ২০১৮ চনত সাংবাদিকৰ হত্যা হোৱা দেশসমূহৰ তালিকাত ভাৰত পঞ্চম স্থানত আছিল। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ সাংবাদিকৰ হত্যা হোৱা দেশসমূহৰ তালিকাত পঞ্চম স্হানত থকাটো এক অত্যন্ত দুৰ্ভাগ্যজনক তথা লজ্জাজনক কথা আৰু এনে ঘটনা বৰ্তমান সময়ত অধিক হাৰত বৃদ্ধিহে হৈছে। এনেবোৰ ঘটনাই সাংবাদিক সকলৰ মনত ভয়ৰ সৃষ্টি কৰিছে আৰু স্বাধীনভাৱে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত বহুখিনি বাধাৰ সন্মুখীন হৈছে। লগতে ই সংবিধানৰ অনুচ্ছেদ ১৯ (১)(ক)ৰ অন্তৰ্গত মৌলিক অধিকাৰ ‘বাক স্বাধীনতা’ৰ উপভোগ কৰাৰ ক্ষেত্ৰতো ব্যাঘাত জন্মাইছে। অধিকাৰৰ সমান্তৰালভাৱে আকৌ দায়িত্বৰ কথাও আহি পৰে। বহু সময়ত সংবাদ মাধ্যমে নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰা বা পালন কৰাত ব্যৰ্থ হোৱাও পৰিলক্ষিত হয়। সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত বৰ্তমানৰ সংবাদ মাধ্যমৰ অধিকাংশই সততে সমাজৰ যিখন ছবি দাঙি ধৰে। প্ৰকৃততে তাৰ বহুবোৰেই প্ৰায় অৰ্থহীন। বৰ্তমান সংবাদ মাধ্যমৰ মজিয়াৰ পৰা যেন নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, স্বাস্হ্য, শিক্ষা আদিৰ দৰে বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ ওপৰত আলোচনা বা বাতৰি প্ৰকাশৰ পৰিমাণ হ্ৰাস পাব ধৰিছে আৰু তাৰ পৰিৱৰ্তে লাহে লাহে মন্দিৰ–মছজিদ, হিন্দু–মুছলমান,ৰাজনীতিৰ মেৰপাক আদি কথাবোৰেহে বেছিকৈ ঠাই দখল কৰিছে। গতিকে এইয়া এক চিন্তনীয় বিষয় যে, এখন সমাজৰ উন্নয়নৰ হকে প্ৰকৃততে কোনবোৰ দিশ বেছিকৈ প্ৰয়োজনীয়? সেয়েহে সংবাদ মাধ্যমসমূহে নিজৰ দোষবোৰ চালি–জাৰি চাই এই সকলোবোৰ কথাক গুৰুত্বসহকাৰে লোৱাটো অত্যন্ত প্ৰয়োজনীয়। গণতন্ত্ৰৰ প্ৰতি থকা নিজৰ দায়িত্বক নিষ্ঠাসহকাৰে পালন কৰি নিজ উদ্দেশ্য আৰু লক্ষ্যৰ পৰা বিচলিত নোহোৱাটোৱেই শ্ৰেষ্ঠ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s