এসময়ত পৃথিৱীত মানৱ নামেৰে এক প্ৰাণীয়ে বসবাস কৰিছিল। সেই প্ৰাণীবিধে নিজকে জীৱশ্ৰেষ্ঠ বুলিও চিনাকী দিছিল। অৱশ্যে জীৱশ্ৰেষ্ঠ বুলি গৰ্ব কৰিব পৰাকৈ তেওঁলোকে পৃথিৱীত তেনে কৰ্মও নকৰা নহয়। যুগৰ পিছত যুগ ধৰি তেওঁলোকৰ সৃষ্টি আৰু চিন্তা-ধাৰাই পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছিল। কিন্তু সময়বোৰো জানো সদায় একেদৰেই অতিবাহিত কৰিব পৰা যায়। সময় যিমানেই আগুৱাই যাব ধৰিছিল, নিজৰ সৃষ্টি আৰু চিন্তা-ধাৰাক লৈ জীৱশ্ৰেষ্ঠৰ অহংকাৰো লাহে লাহে সিমানেই বাঢ়ি যাবলৈ ধৰিছিল। জীৱশ্ৰেষ্ঠৰ আকৌ অন্য প্ৰাণীতকৈ পৃথক এক বৈশিষ্ট্যও আছিল, তেওঁলোকে নিজৰ কথাৰ বাহিৰে আনৰ কথা ভাবিবলৈ কম সময় খৰচ কৰিছিল আৰু হয়তো এইটো বৈশিষ্ট্যই এদিন প্ৰাণীবিধৰ বাবে ধ্বংস নমাই আনিছিল।
হয়তো এদিন এনেদৰেই আমি ইতিহাস হোৱাৰ দিশে গতি কৰি আছো। প্ৰকৃতিৰ সৃষ্টিক ধ্বংস কৰি, প্ৰকৃতিৰ হিয়াভগা কান্দোনকো আওকাণ মাত্ৰ নিজৰ সৃষ্টিৰ ওপৰতেই আমি ইমানেই গৰ্বিত যে পাহৰি পেলাইছো এটা পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰণ হৈ থাকিবলৈ যে মানুহৰ বাহিৰেও সেই সুক্ষ্মতম খালী চকুৰে মনিব নোৱাৰা অণুজীৱটোৰ পৰা আৰম্ভ কৰি,গছ-গছনি, প্ৰকৃতিৰ আন আন সৰু-বৰ জীৱ-জন্তুলৈকে, সকলোৱেই প্ৰয়োজনীয়। কিন্তু, আমি কিমানজনে এই কথা ভালদৰে উপলব্ধি কৰিছো।মাত্ৰ দুটামান নম্বৰৰ বাবে এই জ্ঞানসমূহ লৈ নম্বৰকেইটা পোৱাৰ পিছতেই কিতাপখন বাকচত ভৰাই ৰাখিছো।আমি শিক্ষিতসকলৰ কেইজনে সমাজৰ আন দুজনমানক বুজাইছো যে এটা পৰিৱেশৰ ভাৰসাম্যতা কেনেদৰে ৰক্ষা কৰিব পৰা যায়।সকলো জানি- বুজিওটো আমি আজি “চকু মুদা কুলি”।
আজি হাজাৰ হাজাৰ নিৰ্বনানীকৰণ,মাটি,পানী,বায়ু,শব্দ সকলো প্ৰদূষিত হোৱাৰ পিছতো আমি কিহত ব্যস্ত? লাহ-বিলাস আৰু আমোদ লোৱাত। নিজৰ নিজৰ জীৱনটোৰ পৰাই যেন আহৰি নাই আমাৰ এই বহুমূলীয়া কথাবোৰ ভাবিবৰ বাবে অহ্, আমাৰ কিন্তু অকণমান হলেওঁ সময় আছে দেই, পৰচৰ্চা কৰিবৰ বাবে, আনক দমন কৰি নিজে কেনেকৈ ওপৰলৈ উঠিব পাৰো, এইধৰণৰ কথাবোৰৰ বাবে। হত্যা, হিংসা ৰ ক’লা ধোৱাজাকে আমাক বৰ বেয়াকৈ আগুৰি ধৰিলে। আমি মাত্ৰ ধনী-দুখীয়া, জাতি-ধৰ্মৰ বিভেদ সৃষ্টি কৰি জীয়াই থাকিবলৈ বিচৰা এক আচৰিত প্ৰাণী হৈ পৰিলো। সকলোতে কেৱল ঋণাত্মক দিশবোৰেই আমাক আকৰ্ষণ কৰিবলৈ ধৰিলে,ধনাত্মক দিশবোৰ বিচাৰিবলৈ আমি পাহৰিয়েই পেলাইছো। আজি পৃথিৱীৰ অসুখ হৈছে এই অসুখে কোনো জাতি-ধৰ্ম, ধনী-দুখীয়া বিচাৰ কৰা নাই। মাত্ৰ জীৱনবোৰ কাঢ়ি লৈ গৈছে। মানৱৰ সৃষ্টিয়েও হাৰ মানিবলৈ বাধ্য হৈছে। সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি, ৰাজনীতি, শিক্ষা সকলো কপাই এক অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হবলৈ মানুহক বাধ্য কৰাইছে। প্ৰতিখন দেশেই মাথো উঠি পৰি লাগিছে, মানৱ জাতিক উদ্ধাৰ কিদৰে কৰিব পাৰি।