অসমীয়া জাতিসত্তাৰ গঠনত বিষ্ণু প্ৰসাদ ৰাভাৰ ভূমিকা

“ভং ভাং ভাং
লোহাৰ শিকলি ভাং।
ছিং ছিং ছিং
দাসৰ বান্ধোন ছিং…”
– কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

মধ্যযুগৰ অসমত এক স্বৰ্ণযুগ সৃষ্টিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি বহুকেইজন বৰেণ্য ব্যক্তিৰ পৰৱৰ্তী যুগত যি সকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক শক্তিশালী কৰি ৰাখিছে, সেইসকলৰ ভিতৰত এজন অন্যতম চিৰ নমস্য ব্যক্তি হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ নিজ কৰ্মৰাজিৰ জড়িয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া ভাষা- সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল সাহিত্য-সংস্কৃতি হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। সেয়েহে তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। এগৰাকী প্রকৃত শিল্পী, সুন্দৰৰ পূজাৰী, জনসেৱক হিচাপে ৰাভাদেৱে সর্বসাধাৰণ লােকক কলা-সংস্কৃতিৰ প্রতি আকৃষ্ট কৰি প্রতিজন নাগৰিককে সাংস্কৃতিৱান কৰি তুলিব বিচাৰিছিল।

মাতৃ গেথীবালা ৰাভাৰ গৰ্ভত আৰু পিতৃ ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত ১৯০৯ চনৰ ৩১ জানুৱাৰীৰ দিনা সেইসময়ৰ বঙ্গৰ ৰাজধানী তথা সাহিত্য-সংস্কৃতি আৰু বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢাকা মহানগৰীৰ সেনা চাউনিত বিষ্ণু প্ৰসাদ ৰাভাদেৱে জন্ম গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা জীৱনৰ পাতনি মেলিছিল ঢাকাৰ মিলিটেৰী প্ৰাইমেৰী স্কুলত। ১৯২৬ চনত তেখেতে তেজপুৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু ১৯২৮ চনত কলিকতাৰ চেন্টপ’ল কলেজৰ পৰা আই-এচ-দি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজত বি.এছ.চি অধ্যয়ন কৰিছিল। সেইখিনি সময়তে তেওঁ ৰিপন কলেজত ফুটবলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল আৰু এনে সন্মান লাভ কৰা তেওঁৱেই প্ৰথমজন অসমীয়া আছিল। ১৯২৯ চনত তেওঁ ৰিপন কলেজৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল। সেইসময়ৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ বাবেই তেওঁৰ ওপৰত পুলিচৰ চোকা দৃষ্টি আছিল। সেয়েহে তেখেতে ৰিপন কলেজৰ পৰা কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আৰু তাৰো পৰৱৰ্তী সময়ত ৰংপুৰৰ কাৰমাইকেল কলেজলৈ বদলি হবলগীয়াও হৈছিল আৰু শেষত তাতেই তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰিছিল। ১৯৩৯ চনত ৰাভাদেৱে কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সকলোৰে সমাদৰ লাভ কৰিছিল আৰু তাতেই ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে তেওঁক “কলাগুৰু” উপাধি প্ৰদান কৰিছিল।

অসমৰ ইতিহাসত চিৰদিন এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰোৱা ৰাভাদেৱৰ মৃত্যুৰ দিনটোক অৰ্থাৎ ২০ জুন তাৰিখটোক “ৰাভা দিৱস” হিচাপে পালন কৰা হয়। এক অনন্য ধাৰাৰ সৃষ্টিকাৰী তেখেতৰ গীতসমূহক নামাকৰণ কৰা হৈছিল “ৰাভা সংগীত”ৰূপে। তেখেতে যি বিপ্লৱী ধাৰা পোষন কৰিছিল, সেই ধাৰাত স্বাধীনতা কেৱল বগা চাহাবৰ দাসত্বৰ পৰা স্বাধীন হোৱাতেই সীমাবদ্ধ নাছিল। তেওঁৰ মতে, তাত শোষণ, নিষ্পেষণৰ দাসত্বৰ পৰা সাধাৰণ শ্ৰমিক শ্ৰেণীয়ে পাবলগীয়া স্বাধীনতাও অন্তৰ্ভুক্ত হৈ আছিল। সেই চিন্তা যে কেৱল অসমৰ জনসাধাৰণৰ পক্ষেই আছিল, তেনে নহয় সেইয়া আছিল এক বিশ্বজনীন মানৱীয় চিন্তা। এই স্বাধীনতা নোপোৱালৈকে, হগা চাহাবৰ পৰা ক’লা চাহাবলৈ হস্তান্তৰিত হোৱা ১৯৪৭ চনৰ স্বাধীনতাক তেওঁ প্ৰকৃত স্বাধীনতা নহয় বুলিও ঘোষণা কৰিছিল। পৈতৃক সম্পত্তিৰূপে লাভ কৰা ২৫০০ বিঘা মাটিক তেখেতে ভূমিহীন কৃষকসকলক বিলাই দি সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়খনো তেখেতে দান কৰা ভূমিতে সগৌৰৱেৰে আজিও অসমৰ এক অন্যতম গৌৰৱ হৈ থিয় দি আছে। বিষ্ণু ৰাভা আছিল মানুহৰ শিল্পী। পৃথিৱীখন, বিশেষকৈ জন্মভূমি অসমখন তেওঁৰ শিল্পক্ষেত্র আছিল। অসমৰ মাটি-পানী, গ্রাম্য জীৱন আৰু গ্রাম্য লােক-সংস্কৃতিৰ প্রতি তেওঁৰ আছিল সুগভীৰ শ্রদ্ধা, মৰম আৰু অকৃত্রিম ভালপােৱা। সেয়ে তেওঁ অতি কম সময়তে জনসাধাৰণৰ হিয়াৰ আমঠু হ’ব পাৰিছিল। গীত আৰু সুৰেৰে সজোৱা এখন হৃদয় আৰু মানৱীয় এটা বহল মন লৈ প্রান্তে প্রান্তে খােজকাঢ়ি, সাঁতুৰি-নাদুৰি, পাহাৰ বগাই, ছদ্মৱেশ ধৰি তেওঁ সর্বসাধাৰণ জনতাৰ একেবাৰে কাষ চাপি গৈছিল, খােৱা-বােৱা কৰিছিল, নৃত্য-গীত-আনন্দ কৰিছিল বা তেজোদ্দীপ্ত ভাষণ দিছিল। গণচেতনাত তেওঁৰ আছিল অগাধ বিশ্বাস। তেওঁ বজ্ৰকণ্ঠে ঘােষণা কৰিছিল যে ৰাইজৰ মৰম-চেনেহেই ৰক্ষাকবচ আৰু ৰাইজৰ আশিসেই পাশুপাট অস্ত্র।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী কালতো তেখেতে শোষিতজনৰ স্বাধীনতাৰ বিৰুদ্ধে অন্য এক সংগ্ৰাম চলাই গৈছিল। জীৱনত এহাতে বন্দুক আৰু আনহাতে কলম লৈ সংগ্ৰাম চলাই যোৱা এইজন ব্যক্তিক বহুতে সব্যসাচী বুলিও কৈছিল। খিলঞ্জীয়া জনতাৰ হাতত ক্ষমতা প্ৰদানৰ বাবে জনজাগৰণ কৰিবলৈ তেখেতে বহু তেজস্বী বক্তৃতা প্ৰদান কৰিছিল। সাম্প্ৰতিক সময়ৰ পৰিস্থিতিত ৰাভাদেৱৰ “হাল যাৰ, মাটি তাৰ” শ্লোগানেৰে খেতিয়ক-মজদুৰক মাটিৰ মালিকীস্বত্ব প্ৰদান, জমিদাৰী প্ৰথাৰ অন্ত পেলোৱা আদি বিষয়ক চিন্তাধাৰা তথা আদৰ্শ বোৰ খুবেই প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ বিভিন্ন জনগোষ্ঠী আৰু জাতি সত্তাৰ মাজত ঐক্য সম্প্ৰীতি প্ৰতিষ্ঠা কৰি আকাশৰ দৰে সুবিশাল আৰু হিমালয়ৰ দৰে সুউচ্চ মানসিকতাৰে এক শক্তিশালী জাতি গঠনৰ উদ্দেশ্যে আগবাঢ়ি আহিছিল এইজনা মহান পুৰুষ। গণশিল্পী জনৰ সপোন আছিল হালোৱা-হজুৱা, কৃষক-শ্ৰমিক,বনুৱা-মজদুৰ সকলক লৈ এখন ন অসম প্ৰতিষ্ঠা কৰা। তেওঁৰ দৃষ্টিত ৰাইজেই ৰজা আছিল। তেওঁ অনুভৱ কৰিছিল, অসমৰ জাতীয় জীৱনৰ গৌৰৱময় সাংস্কৃতিক সৌধটোৰ ভিত্তি হ’ল অসমত যুগ যুগ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি-জনগােষ্ঠীৰ সাংস্কৃতিক আহিলাসমূহ। সেয়ে তেওঁ এই জনগােষ্ঠীসমূহক বুজিবৰ বাবে অহৰহ চেষ্টা চলাইছিল। ৰাভাদেৱে কৈছিল— “কৃষ্টি-সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই। ধনতান্ত্রিক আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাৱঁলীয়া দুখীয়া, হালােৱা-হজুৱা, বনুৱা বাচি নাথাকিব। যদি অসমীয়াৰ দুখীয়া শ্রেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, অসমীয়া কৃষ্টি-সংস্কৃতি, অসমীয়া সভ্যতা সকলাে লয় পাব। অসমীয়াক বচাব পৰা যাব একমাত্র বিপ্লৱৰ মাজেদি। সেয়ে তেওঁ সকলাে হালােৱা-হজুৱা, কৃষক-শ্রমিকক সংগ্ৰামৰ বাবে আহ্বান জনাইছিল।

বিপ্লৱী আৰু শিল্পী সত্তাৰ বাহিৰেও তেওঁ এজন গৱেষকো আছিল। তেওঁক অসমৰ প্ৰথমজন নৃতত্ববিদ বুলিও আখ্যা দিয়া হয়। তেখেতে অসমৰ জাতি, জনগোষ্ঠী সমূহক লৈ “বানো-কোবাব” নামেৰে এখনি ক্ষেত্ৰ ভিত্তিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। তাত তেখেতে জনজাতীয় জীৱনৰ বিভিন্ন উপাদানসমূহক পদ্ধতিগতভাবে লিপিবদ্ধ কৰিছিল। তাৰোপৰি তেওঁ “অসমীয়া কৃষ্টিৰ সমূহ আভাস”, “অতীত অসম” নামেৰেও গৱেষণা মূলক গ্ৰন্থ প্ৰকাশ কৰিছিল। একেধাৰে বহু প্ৰতিভাৰ অধিকাৰী এইজনা মহান ব্যক্তি ১৯৫১ চনত ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি হৈছিল আৰু এই মঞ্চৰ যোগেদি কলিকতা আৰু মুম্বাইৰ পেশাদাৰী জগতৰ শীৰ্ষস্থানীয় লোকৰ সৈতে সান্নিধ্যলৈ অহাৰ স্বত্বেও তেওঁ কলাক কাহানিও পেশা হিচাপে অবলম্বন কৰা নাছিল। ৰাষ্ট্ৰীয় খ্যাতিৰ আশাত তেওঁ কাহানিও নিজ ৰাজ্য এৰি মঞ্চ বিচাৰি যোৱা নাছিল। তেখেত অসমৰ জনজাতীয় সংস্কৃতি, পৰম্পৰা তথা ঐতিহ্যক লৈ খুবেই সচেতন আছিল। তেখেতৰ যুক্তি মতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ গুৰি জনজাতীয় মূলৰ। উচ্চবৰ্ণৰ বৌদ্ধিক দমনেহে হয়তো এই কথা সদৰি কৰিবলৈ নিদিলে বুলিও তেওঁ মত পোষণ কৰিছিল। তেখেত কোনো এটা জাতি বা জনজাতীয় পৰিচয়ৰে সামৰিব পৰা সত্তা নাছিল। বিষ্ণু ৰাভাই ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক ভাষা জানিছিল। তেওঁৰ সংঘাটময় বৈপ্লৱিক জীৱনত গাঁৱে গাঁৱে বিভিন্ন সম্প্রদায় তথা জাতিৰ মানুহৰ মাজত ঘূৰি ফুৰােঁতে, কাম কৰােঁতে এই ভাষা জ্ঞানে যথেষ্ট সহায় কৰিছিল। শিল্পী হিচাপে ৰাভাদেৱৰ কৃতিত্ব তুলনাবিহীন। কৃষক-শ্রমিকক শােষণ বিৰােধী সংগ্ৰামত উদ্বুদ্ধ কৰিবৰ বাবে তেওঁ যি গীত-মাত ৰচনা কৰিছিল, সেই ৰচনাই তথাকথিত ৰক্ষণশীল লােকসকলৰ ভেম মষিমূৰ কৰিবলৈ সক্ষম হৈছিল। সংগ্রামী শিল্পীগৰাকীৰ গীতৰ কথাৰ মহত্ব, সুৰৰ লালিত্য আৰু শব্দৰ সংযােজন সঁচাই অতুলনীয়।

তেখেতৰ প্ৰথম পত্নী প্ৰিয়লতা বৰুৱাৰ মৃত্যুৰ পিছতে তেওঁ শোকাগ্নিত জাহ গৈ লিখি উলিয়াইছিল যুগ সৃষ্টিকাৰী “পৰজনমৰ শুভ লগনত….” গীতটি। বিভিন্ন কলাৰ যোগেদি অসমীয়া সংস্কৃতিৰ সাধনা কৰা এইজন লোকে অতীত প্ৰীতি, শংকৰ-মাধৱৰ জীৱনাদৰ্শ আদিক বাৰুকৈয়ে অনুকৰণ কৰিছিল। ১৯৩৯ চনত তেওঁ লিখি উলিয়াইছিল “অ অসমীয়া ডেকা দল, আজি তোৰ তেজাল হিয়া মলিয়ন কিয় হ’ল..” শীৰ্ষক গীতটি। ৰংপুৰ কলেজত পঢ়ি থকা সময়ত ৰাভাদেৱে “বাঁহী” আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু “আৱাহন” আলোচনীৰ বাবেও লেখা মেলা কৰিছিল। ঢোল, খোল, বাঁহী, মৃদংগ আদিকে ধৰি বহু বাদ্যযন্ত্ৰও বজাব পাৰিছিল তেওঁ। ১৯৪৬ চনত”ছিৰাজ” ছবিত তেওঁ অভিনয়ো কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস কেইখন হ’ল- “সোণপাহি”, “মিচিং কনেং” আৰু “জীৱন লালসা”। নাটক- “গেঙনি-ৰেঙনি” আৰু গল্পৰ ভিতৰত-মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং,ফুংকা। ছিৰাজৰ উপৰিও ৰাভাদেৱে “এৰা বাটৰ সুৰ”আৰু “প্ৰতিধ্বনি” বোলছবিতো অভিনয় কৰিছিল। তেখেতৰ সোঁৱৰণতেই “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা” প্ৰদান কৰা হয়৷ তেওঁৰ গীত আৰু কবিতাসমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা বাৰুকৈয়ে জিলিকি উঠিছিল। সেইসময়ত ৰচিত গীত সমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেম জাগ্ৰত কৰিছিল। জীৱনৰ শেষৰ চোৱাত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেতে "এয়ে মোৰ শেষ গান,মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান......" শীৰ্ষক গীতটি লিখিছিল আৰু এনেদৰেই ১৯৬৯ চনৰ ২০ জুনত এইজনা মহান আত্মাই চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় লৈছিল। তেওঁৰ সংগ্ৰাম আছিল সমাজৰ দুৰ্গত জনৰ বাবে। নিজৰ দূৰদৰ্শীতা আৰু অনুভূতিৰ বলত তেওঁ বৃহত্তৰ অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ দিশত এক গণ জাগৰণৰ সপোন দেখিছিল। শ্ৰীমন্ত শংকৰদেৱক অনুসৰণ কৰি তেওঁ যেন শংকৰদেৱৰ আধৰুৱা কামখিনি কৰিবৰ বাবেহে যত্নপৰ হৈ উঠিছিল। প্ৰতিজন নাগৰিকক কলা সংস্কৃতিৰ জড়িয়তে আকৰ্ষিত কৰি সংস্কৃতিবান কৰি তুলিব বিচাৰিছিল তেওঁ। এইয়াই আছিল বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান। গোটেই জীৱনজুৰি বিষ্ণু ৰাভাৰ সংগ্রামী সত্তা প্রস্ফুটিত হৈছিল আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াৰ ক্ষেত্ৰত তেওঁ অকৃত্ৰিমভাৱে চিন্তা-চৰ্চা কৰিছিল বাবে তেওঁ গণশিল্পী, যােদ্ধা, অক্লান্ত সৈনিক শিল্পী আৰু পূর্ণ প্রতিভাৰ এগৰাকী যুগনায়ক হ’ব পাৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আলােকযাত্রাৰ মূল সহযাত্রী, চিৰবিপ্লৱী, অশান্ত-অমৰ শিল্পী, কলাগুৰু বিষ্ণু ৰাভাৰ চিন্তা, আদর্শ আৰু দর্শন আজিৰ পুৰুষৰ বাবে প্রকৃত অর্থতেই এক অনুকৰণীয় দৃষ্টান্ত।

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি! তুমি সাৰে আছা, সাৰে আছে প্ৰীতি…” সাম্প্ৰতিক সময়ৰ পৰিস্থিতিত যেন এইষাৰ কথাই বাৰুকৈয়ে হৃদয়স্পৰ্শ কৰি যাব ধৰিছে। হয়তো এতিয়া কব লাগিব যে, “বিষ্ণু ৰাভা বহুত ৰাতি”। সাধাৰণ জনগণৰ মাজত উজাগৰে থাকি নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা বিষ্ণুৰাভাৰ ত্যাগক সন্মান জনাবৰ বাবে যেন আজিৰ অসমীয়া অসমৰ্থ। মাথো তেওঁৰ প্ৰীতি যেন জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনৰ জকমকীয়া অনুষ্ঠানৰ মাজত। প্ৰায় লুপ্ত হব ধৰিল তেখেতৰ স্বাৰ্থহীন সমাজ গঠনৰ স্বপ্নটোও।

2 thoughts on “অসমীয়া জাতিসত্তাৰ গঠনত বিষ্ণু প্ৰসাদ ৰাভাৰ ভূমিকা

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s