মানৱ সমাজ, শিক্ষা আৰু সাম্প্ৰতিক উপলদ্ধি

নিজৰ সৃষ্টিক লৈ হোৱা অত্যাধিক অহংকাৰ, চাৰিওফালে মাত্ৰ হত্যা, হিংসা, শোষণ, সীমা চেৰাই যোৱা ভণ্ডামি ইত্যাদি ঋণাত্মক দিশবোৰৰ ক'লা ধোৱাজাকে যেন মানৱ জাতিৰ ধনাত্মক দিশবোৰকো বৰ বেয়াকৈ আৱৰি ধৰি কলুষিত কৰিছে। যাৰ বাবে মানৱ সভ্যতাই ইতিহাস হোৱাৰ দিশলৈ অহৰ্নিশে গতি কৰিব ধৰিছে। প্ৰকৃতিৰ সৃষ্টিক ধ্বংস কৰি, প্ৰকৃতিৰ হিয়াভগা কান্দোনকো আওকাণ কৰি মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি আৰু নিজৰ সৃষ্টিৰ ওপৰতেই মানৱ জাতি ইমানেই মগন আৰু গৰ্বিত, যে পৃথিৱীৰ নিয়মৰ এষাৰ অতি গুৰুত্বপূৰ্ণ কথাই পাহৰি পেলাইছে।মানৱে পাহৰি পেলাইছে যে, এটা পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰিত হৈ থাকিবৰ বাবে যে মানুহৰ বাহিৰেও, সেই সুক্ষ্মতম খালী চকুৰে মনিব নোৱাৰা অণুজীৱটোৰ পৰা আৰম্ভ কৰি,গছ-গছনিৰ লগতেই প্ৰকৃতিৰ সৃষ্টি আন সৰু-বৰ জীৱ-জন্তু,চৰাই-চিৰিকটিলৈকে, সকলো জীৱই প্ৰয়োজনীয়। এই প্ৰাণীসমূহৰ এটাক বাদ দিলেও জীয়াই থকাৰ ক্ষেত্ৰত বহু কঠিনতাৰ সৃষ্টি হয়। এটা সুস্থ পৰিস্থিতি তন্ত্ৰ গঢ়ি তুলাৰ ক্ষেত্ৰত প্ৰত্যেক জীৱই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু, আমি কিমানজনে এই কথাষাৰ অন্তৰৰ পৰা উপলব্ধি কৰিছো?ই বিশেষকৈ সাম্প্ৰতিক সময়ত এক জটিল প্ৰশ্ন হৈ পৰিছে। প্ৰকৃততে আমি মানৱ জাতিটো ইমানেই স্বাৰ্থপৰ যে , পৰীক্ষাত মাত্ৰ দুটামান নম্বৰৰ বাবেই জ্ঞানসমূহ অৰ্জন কৰি নম্বৰকেইটা পোৱাৰ পিছতেই কিতাপখন ভৰাই ৰাখিছো এটা বাকচৰ ভিতৰত নতুবা পাহৰিও গৈছো যে প্ৰকৃততে পৰিস্থিতি তন্ত্ৰ মানেনো কি?আজি শিক্ষিতসকলৰ কেইজনে সমাজৰ আন দুজনমানক বুজাইছো যে এটা পৰিৱেশৰ ভাৰসাম্যতা কেনেদৰে ৰক্ষা কৰিব পৰা যায়।সকলো জানি- বুজিওটো আমি আজি চকু মুদা কুলিৰ দৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ পিছতেই অহৰ্নিশে দৌৰি আছো। দৌৰিছো আৰু দৌৰিছো। আমাৰ ক্ষন্তেকৰ বাবেও সময় নাই পিছলৈ ঘূৰি চোৱাৰ। জীৱনৰ দৌৰত আমি কি কি মূল্যবান বস্তু হেৰুৱাই আহিছো সেইয়া হয়তো আমিও নাজানো আৰু উপলদ্ধি কৰিবৰ বাবেও নাই আমাৰ ইচ্ছা। আমি এবাৰলৈও উপলদ্ধি কৰিব পাৰিচোনে যে, আমাৰ এনে শিক্ষাৰ প্ৰয়োজনীয়তা কি, যি শিক্ষাক কেৱল আমি নিজ স্বাৰ্থ সিদ্ধিৰ বাবেহে দৈনন্দিন ব্যৱহাৰ কৰি আছো।সমাজৰ কল্যাণৰ হকে প্ৰকৃততে তাৰ কিমান শতাংশ শিক্ষাক ব্যৱহাৰ কৰিছো? কেতিয়াবা নিজকে এবাৰলৈও এই প্ৰশ্ন কৰিছোনে? দৈনিক হাজাৰ হাজাৰ নিৰ্বনানীকৰণ,মাটি,পানী,বায়ু,শব্দ সকলো প্ৰদূষণ, নিৰ্দোষী জীৱ-জন্তুৰ অকাল মৃত্যু,প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ আদিৰ দৰে জঘন্য প্ৰাকৃতিৰ অত্যাচাৰমূলক কাণ্ড সংঘটিত হৈ আহিছে আমাৰ চকুৰ সন্মুখত আৰু দিনে দিনে এইবোৰৰ মাত্ৰা বৃদ্ধিহে যাব ধৰিছে। গোলকীয় উত্তাপ বৃদ্ধিয়ে পৃথিৱীখনক ক্ৰমাৎ দুৰ্বল কৰি আনিছে। কিন্তু আমি জানো এবাৰলৈও ভাবিছো?নাই, আমিবোৰটো ব্যস্ত, নিজৰ নিজৰ জীৱনটোক লৈ।নিজৰ জীৱনটোৰ ব্যস্ততাখিনিৰ পৰাই আমাৰ আহৰি নাই ,এই বহুমূলীয়া কথাবোৰৰ বাবে। অথচ আমি ব্যস্ত, কেইবাজনো লগ হৈ পৰচৰ্চা কৰাত, আনক দমন কৰি নিজে কেনেকৈ ওপৰলৈ উঠিব পাৰো,সামাজিক মাধ্যমত এটা অৰ্থ হীন কথাকেই কেৱল মনোৰঞ্জনৰ বাবে প্ৰচাৰ কেনেকৈ চলাব পাৰো,কাক,কেতিয়া,কেনেদৰে উপহাস কৰিব পাৰো ইত্যাদি কুচিন্তাবোৰত। হত্যা, হিংসা, জাতি-ভেদ আদিৰ ক'লা ধোৱাজাকৰ মায়াজালত আমি কব নোৱাৰাকৈয়ে বন্দী হৈয়েই আছো। যাৰ ফলস্বৰূপে আমি কেৱল ধনী-দুখীয়া, জাতি-ধৰ্মৰ বিভেদ সৃষ্টিকাৰী এক আচৰিত ধৰনৰ প্ৰাণীলৈহে দিনক দিনে পৰিণত হৈছো। সকলো ক্ষেত্ৰতে মাত্ৰ ঋণাত্মক দিশবোৰ বিচাৰি ফুৰাটো যেন বৰ্তমান সময়ত মানৱ সভ্যতাৰ এক বৈশিষ্ট্য হৈ পৰিছে। আমি কিয় প্ৰত্যেক কথাৰে ঋণাত্মক দিশটোৰ প্ৰতিহে বেছিকৈ ধাৱমান হব ধৰিছো, সেইয়া এক ডাঙৰ প্ৰশ্ন। হয়তো যিদিনাই মানুহে কোনো এক বিষয়ৰ ধনাত্মক দিশবোৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিব, তেতিয়াই মানৱ মনবোৰতো ঋণাত্মক দিশবোৰে ৰাজত্ব কৰিবৰ বাবে সুবিধা লাভ নকৰিব। কেৱল ঋণাত্মক দিশবোৰকেই খুচৰি থকাৰ বাবেই হয়তো পৃথিৱীখন ধ্বংসৰ গৰাহলৈ গতি কৰি আছে,আৰু তাৰ প্ৰতি আমাৰ কাণষাৰেই নাই। প্ৰকৃত অৰ্থত মানৱতা কি, আমি হয়তো সময়ৰ সোঁতত পাহৰিয়েই পেলাইছো। সেয়ে আজি মানৱ সভ্যতা অনবৰতে পতনৰ দিশে গতি কৰি থকা দেখিও সেই বিষয়ে আমি উপলদ্ধি কৰিবলৈও অপাৰগ। আজি সকলোফালৰ পৰাই কেৱল ঋণাত্মক দিশবোৰেই আমাক বেছিকৈ আকৰ্ষণ কৰিবলৈ ধৰিলে,ধনাত্মক দিশবোৰ বিচাৰিবলৈ যেন আমি পাহৰিয়েই পেলালো। আজি কোনোবাজনে কৰা ভাল কামবোৰত আমি কেইজনে সঁহাৰি জনাও? তাৰ পৰিৱৰ্তে কোনোবা এজনে কৰা বেয়া কৰ্মক খুচৰি খুচৰি আতি-গুৰি মাৰি জানিবলৈ উৎসুক হৈ পৰা মনটোক নিয়ন্ত্ৰণ কৰাৰ শক্তিকণো যেন নোহোৱা হৈ পৰিব ধৰিছে আমাৰ। আনৰ জীৱনক এখন বোলছবিৰ দৰে উপভোগ কৰিবলৈ শিকিছো আমি। আমাৰ পৰচৰ্চাবোৰৰ পৰা যেন সাৰি নাযায় নামঘৰ, মন্দিৰ আদিৰ দৰে পবিত্ৰ ধৰ্মীয় স্থানসমূহো। সকলোৱেই মাত্ৰ মই বৰ আৰু এই মই বৰ বুলি ভবাটোৱেই আজি হয়তো মানৱ জীৱনৰ বাবে এক অভিশাপ স্বৰূপ হৈ পৰিছে। দয়া ,মমতা, ক্ষমা আদি ইতিবাচক দিশবোৰ যদিও আজি এচামৰ হৃদয়ত জীয়াই আছে, আমাৰ মাজৰ কিমানজনে সেই সমূহ অনুকৰণ কৰিছো নাইবা তেনে কৰ্ম কৰা কেইজনক উৎসাহ যোগাইছো, ভাল কাম কৰি যাবলৈ। কিয়নো আমিতো আন দহজনৰ বেয়া গুণসমূহ বিচাৰ কৰাতহে বেছিকৈ আগ্ৰহী। আমাৰ জীৱনৰ নৈতিক শিক্ষাবোৰ লাহে লাহে এতিয়া ধূলিসাৎ হব ধৰিছে আমাৰ অনিয়ন্ত্ৰিত মনটোৰ কবলত। এই সমূহৰ মাজত আকৌ সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰি ফুৰা এচাম লোকৰ অভাৱ নাইয়েই। সমালোচনাৰ প্ৰয়োজন আছে আমাৰ জীৱনত,সেই কথাক আমি নুই কৰিব নোৱাৰোঁ। তাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে বাঢ়ি অহা পৰচৰ্চাবোৰে আমাৰ জীৱনলৈ যে অন্ধকাৰ নমাই আনিছে, সেইয়াও এক তিতা সত্য। মুঠতে মানৱ সভ্যতাই এতিয়া নিজৰ পথৰ পৰা বিচলিত হৈ মৰুভূমিত মৰীচিকা খেদি ঘূৰ্মূটিয়াই ফুৰা পথিকলৈহে পৰিণত হৈছে আৰু নিজৰ শুদ্ধ পথ বিচাৰি সোনকালে সেই পথ ধৰিব নোৱাৰিলে এদিন নিশ্চয় মানৱ জাতি ইতিসাহ হব। পৃথিৱীৰ আজি অসুখ আৰু এই অসুখে বৰ্তমান বিচাৰ কৰা নাই কোনো জাতি-ধৰ্ম, ধনী-দুখীয়া, নতুবা কোন শক্তিশালী,কোন দুৰ্বল। এফালৰ পৰা মাত্ৰ ধবংসী লৈ গৈছে মূল্যবান জীৱনবোৰ। অহংকাৰৰ কাৰণ হৈ পৰা মানৱৰ শক্তিশালী সৃষ্টিবোৰেও জীৱনবোৰক ধৰি ৰাখিব নোৱাৰি হয়তো হাৰ মানিবলৈ বাধ্য হৈছে প্ৰকৃতিৰ তাণ্ডৱত।এইয়া মানৱ জাতিৰ বাবে এক সকীয়নিহে মাত্ৰ। কৰোনা ভাইৰাছে সৃষ্টি কৰা আতংকৰ বাবেই আজি সমগ্ৰ বিশ্বতে শক্তিশালী বুলি জনাজাত ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰনেতা কেইজনৰ চকুতো কিয় অশ্ৰু দেখা গৈছে? কিয়নো প্ৰকৃতিৰ আগত যে মানৱ তেনেই নগন্য, সেইয়া প্ৰকৃতিয়ে হয়তো প্ৰমাণ কৰি দেখুৱাইছে৷ সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি, ৰাজনীতি, শিক্ষা সকলো কঁপাই এক অকল্পনীয় আৰু অসহনীয় পৰিস্থিতিৰ সন্মুখীন হবলৈ মানুহক বাধ্য কৰাইছে এই মহামাৰীয়ে। অৰ্থনীতি আজি ৰুগ্ন, শিক্ষাবোৰ ব্যৰ্থ, ৰাজনীতিৰ নীতিবোৰ যেন ক্ৰমাৎ অৰ্থহীন হৈ পৰিছে। প্ৰতিখন দেশেই মাথো উঠি পৰি লাগিছে, মানৱ জাতিক উদ্ধাৰ কিদৰে কৰিব পাৰি তাৰ চিন্তাত।মানৱৰ অহংকাৰ, দম্ভ, ভেদাভেদ আদিবোৰৰ আজি চকুৰ সন্মুখতে ধাৰাষাৰে স্খলন ঘটিছে। কোনখন ৰাষ্ট্ৰ অধিক শক্তিশালী,তাক লৈ হোৱা প্ৰতিযোগিতাখনো এতিয়া স্তব্ধ হৈ পৰিছে। এই সকলোবোৰৰ মাজত প্ৰকৃতিয়ে আজি দীঘলকৈ উশাহ লৈছে। প্ৰদূষণ মুক্ত হব ধৰা পৃথিৱীৰ আকাশখন এতিয়া নীলিম আৰু কপাহী ডাৱৰৰ পৰশত শুভ্ৰ। মুকলি মনে গীত জোৰা পক্ষীৰ কাকলিয়ে আজিকালি পুৱাটো প্ৰায়ে ৰঙীন কৰি তুলে। গছ-গছনিবোৰৰ কুঁহিপাতে এতিয়া নতুন বতৰা কঢ়িয়াই আনিছে ধৰাৰ বুকুলৈ। প্ৰকৃতি কিন্তু প্ৰতিদিনৰ দৰেই নিজৰ কৰ্মত আজিও মগন। মাত্ৰ মানৱেহে কটাইছে এক বন্দীত্ব জীৱন। স্বাৰ্থপৰ মানৱৰ এই অৱস্থাত হয়তো প্ৰকৃতিয়ে উপহাস কৰিছে । এতিয়া মাত্ৰ সেই দিনটোলৈ অপেক্ষা, যিদিনা এই মহামাৰীৰ নাশ হৈ মানৱ জাতিয়ে পুনৰ এক মুক্ত জীৱন ঘূৰাই পাব।আশাবাদী, এদিন এই মহামাৰীৰো নাশ হব, সেইয়াও মানৱেই কৰিব। কিয়নো মানৱৰ মগজুৰ সৃষ্টি সঁচাই সুন্দৰ,মাত্ৰ অহংকাৰেহে পতনক কঢ়িয়াই আনিছে মানৱ জীৱনলৈ৷ হয়তো এদিন আগৰ দৰেই পুনৰ সকলোৰে ব্যস্ততাবোৰো আৰম্ভ হব।পুনৰ জৰাজীৰ্ণ আলিবাট,নিথৰ অনুষ্ঠান,প্ৰতিষ্ঠানবোৰে প্ৰাণ পাই উঠিব মানৱৰ সমাগমত আৰু এইখিনি সময়ৰ শিক্ষাক আকোৱালি লৈ সকলো আগুৱাই যাব লাগিব এক নতুন দিগন্তলৈ। প্ৰকৃতিক আওকাণ কৰি আমি যে জীয়াই থকাৰ সপোন ৰচিব নোৱাৰো, সেই কথাষাৰ অন্তৰৰ পৰা আমি প্ৰত্যেকজনেই উপলব্ধি কৰিব পাৰিব লাগিব। মানৱতাৰ ধৰ্মক প্ৰতিজনেই হৃদয়ঙ্গম কৰিব লাগিব। ধনী- দুখীয়া, জাতিভেদ, উচ্চ- নীচ, হত্যা- হিংসা,অন্যায় এই ঋণাত্মক দিশবোৰে আকৰ্ষণ কৰিব নোৱাৰাকৈ নিজকে অধিক শক্তিশালী কৰি মনটোক নিয়ন্ত্ৰণ কৰিব পৰাকৈ নিজকে গঢ়ি তুলিব লাগিব। মুঠতে অন্যায়-অধৰ্মৰ বিৰুদ্ধে সকলো সমানে থিয় হব লাগিব,সেইয়া লাগিলে প্ৰকৃতিৰ ওপৰতেই হওকঁ নতুবা মানুহৰ ওপৰতেই নহওঁক কিয়। সস্তীয়া জনপ্ৰিয়তাৰ পিছত নদৌৰি প্ৰতিজনেই প্ৰকৃত মানৱ কৰ্ম কৰি যাব লাগিব। সাম্প্ৰতিক সময়ৰ এই শিকনিক মানৱ ইতিহাসৰ এক অত্যন্ত গভীৰ শিকনি হিচাপে গ্ৰহণ কৰি ভৱিষ্যতে যাতে পৃথিৱীৰ নিয়ম শৃংখলাবদ্ধভাৱে বজাই ৰাখিব পাৰো তাৰ প্ৰতি মানৱ সমাজে লক্ষ্য ৰাখিব লাগিব।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s