মৰিচীকাৰ পমখেদি

সাগৰৰ ঢৌবোৰে সিহঁতৰ দুয়োৰে ভৰি বাৰে বাৰে স্পৰ্শ কৰি গৈছে।জোনৰ পোহৰে নীলিম সাগৰত যেন সোণহে চৰাইছে। জোনাকী পৰুৱাবোৰে যেন সিঁহতৰ কথাবোৰ কাণপাতি শুনি আছে। সাগৰৰ গভীৰ ঢৌবোৰ যেন ক্ৰমান্বয়ে অধিক অশান্ত হৈ পৰিছে সিহতৰ কথোপকথনত। বহুদূৰৈত জ্বলি আছে লাইট পোষ্টৰ সেই ৰঙা লাইটতো।তাই উমান কৰিছে, জাহাজবোৰে যেন সাগৰখনৰ সৈতে এক অন্তৰংগ আলাপত লিপ্ত হৈছে।তাৰ মৌন ওঁঠৰ ভাষাবোৰ তাই দুচকুয়ে পঢ়ি গৈছে।প্ৰকৃতিপ্ৰেমী হোৱাৰ বাবেই সি বহুপৰ প্ৰকৃতিতেই কটায়।সদায় ফোনত কৈ থকাৰ দৰেই তাইক আজি সি ফুৰাবলৈ লৈ গৈছে। তেনেতে হঠাৎ সাৰ পাই তাই দেখিছে যে সেইয়া তাইৰ এক স্বপ্ন। নেদেখিবওনো কিয়? তাইৰ উৰণীয়া মনটো যে আজি তাৰ অধীন। সি তাইৰ কাহানিও নহয় বুলি জানিও অবুজ মনটোক বুজনি দিয়াত তাই ব্যৰ্থ।


সাধাৰণ সি টোৰ প্ৰেমত চঞ্চলা তাইজনী বৰ গভীৰভাৱে সোমাই পৰিল। তাই আজি উপায়হীন। তাইৰ অকোৱা- পকোৱা কথাবোৰত হয়তো কেতিয়াবা সি অস্বস্তিবোধও কৰে।কাহানিও কিন্তু সি তাইক সলনি হবলৈ দাবী নকৰে। সি তেনেই সাধাৰণ যদিও তাই তাৰ মাজতেই তাইৰ কল্পনাৰ মানুহজনক বিচাৰি পায়। হয়তো সন্ধান পাই তাইৰ সুখৰ পৃথিৱীখনৰো। সি ব্যস্ততাৰ মাজতো নিজকে জীয়াই ৰাখিবলৈ শিকাই তাইক। তাইৰ অভিমানবোৰ ক্ষন্তেকতে কথাৰেই নাশ কৰিব পাৰে সি। ধৈৰ্য কি, তাৰ পৰাই শিকিছে তাই। তাইক নিজৰ সৈতে চিনাকী কৰোৱা মানুহজনো হয়তো সিয়েই।


তাই আজিকালি প্ৰায়েই তাহাঁতৰ সম্পৰ্কটোৰ নাম বিচাৰি ফুৰে।সেইয়া বন্ধুত্ব নে আন কিবা? নাম নোহোৱা এটা সম্পৰ্কৰেই যেন সকলো আৰম্ভও হৈছিল আৰু এদিন হয়তো সমাপ্তও হব সকলো তেনেদৰেই। সেয়েহে তাই ভৱিষ্যতটোলৈ ভূমূকি মাৰিবলৈও ভয় খায়।কেতিয়াবা অনুভৱ কৰে তাৰ অবিহনে তাইৰ অস্তিত্ব কি? তাই যেন তাৰ পৰা কাহানিও বিছিন্ন হব নোখোজে, সেয়ে তাই নামবিহীন সম্পৰ্কটোকে আজিও বুকুত বান্ধি লৈ ঘূৰি ফুৰে। সি কিন্তু সেই আগৰ দৰেই আজিও সন্ধ্যাৰ কথাই তাইৰ আগত প্ৰকাশ কৰে। সি প্ৰেমত ভাগি পৰা এজন দূৰ্দান্ত প্ৰেমিক, যি এতিয়া প্ৰেমক ভয় কৰে। কাহিনীটো আৰম্ভ হৈছিল,তিনিবছৰৰ আগত বৰুৱা গাৰ্লচ পি.জিৰ ৭ নম্বৰ ৰোমটোত।

ৰূমটোত নিশা, আৰ্হি আৰু শ্ৰেয়া তিনিজনী। শ্ৰেয়া আৰু আৰ্হিতকৈ নিশা ডাঙৰ যদিও তিনিওজনী সমনীয়াৰ দৰেই থাকে। সকলোসময়তে বিন্দাছ কৈ থকা নিশাই ফুৰি,বজাৰ কৰি বিৰাট ভাল পায়। আনফালে আৰ্হি আকৌ নিজৰ পৃথিৱীত ব্যস্ত হৈ থাকি ভালপোৱা ছোৱালীজনী। শ্ৰেয়াক আকৌ হোষ্টেলত সকলোৱে ড্ৰামেবাজ বুলিয়েই জানে। কল্পনাৰ পৃথিৱীৰ মাজত থাকি ভালপোৱা ছোৱালীজনী শ্ৰেয়া। ডাঙৰ হৈছে যদিও যেন মনটো আজিও এজনী কণমানি ছোৱালীতকৈ কোনো গুণেই কম নহয় তাইৰ। তথাপিও আৰ্হি আৰু নিশাৰ বাবেই হয়তো তাই বহুখিনি সলনি হ’ল লাহেকৈ। সিহতি জীৱনৰ বহুখিনি প্ৰয়োজনীয় কথাই শিকালে শ্ৰেয়াক। তথাপিও গোটেই পৃথিৱীখনকে সহজ সৰল বুলিয়েই ভবা ছোৱালীজনীৰ মানুহক চিনি পাবলৈ এতিয়াও বহুখিনিয়েই বাকী। ২য় ষান্মাষিকৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই আৰ্হি ঘৰলৈ গুচি গ’ল। ৰোমটোত তেতিয়া মাত্ৰ নিশা আৰু শ্ৰেয়া। শ্ৰেয়াই সিহঁতৰ সন্মুখৰ ৰোমটোতে থকা হিয়া আৰু এনিৰ লগত কম্পিউটাৰৰ ক্লাছ কৰিবলৈ যায়। আৰ্হিৰ পিছতেই হিয়া আৰু এনি শ্ৰেয়াৰ খুবেই ভাল বান্ধৱী। শ্ৰেয়াই কলেজীয়া জীৱনটোত যদি ভাল বান্ধৱী হিচাপে কাৰোবাক বিচাৰি পালে সেইয়া হিয়া,এনি আৰু আৰ্হি। ইজনী সিজনীৰ বাবে সুখ-দুখৰ লগৰী।ইজনীয়ে সিজনীৰ প্ৰায় প্ৰতিটো কথাই জানে। কেতিয়াবা খুট-খাটকৈ সৰু -সুৰা কথা কিছুমানত তাহাঁতৰো নলগা নহয়। তথাপি মৰম বোৰে তাহাঁতক এৰাএৰি হবলৈ নিদিয়ে‌। য’লৈকে নাযাঁওক কিয়, যিয়েই নকৰক কিয়? তাহাঁতৰ সকলো একেলগে আৰু লগত নিশাও তাঁহাতৰ লগৰী। নিশা আৰু শ্ৰেয়াই ৰাতি প্ৰায় তিনিমান বজালৈকে কথা পাতে। জীৱনৰ কথা। মাজে মাজে ইজনীয়ে সিজনীক উপদেশো দিয়ে। তাহাঁতৰ কল্পনাবোৰ যে কাহানিও শেষ নোহোৱা বিধৰ,সেইয়া সিহঁতিও বুজে। অথচ কথাবোৰ বন্ধ নহয় তাঁহাতৰ । কেতিয়াবা যদি গভীৰ আলোচনা,কেতিয়াবা আকৌ খুহুতীয়া। মুঠতে ইজনীয়ে সিজনীৰ সকলো জানে। সৰু কথা এটাৰ পৰা গৈ গৈ কথাই কোনটো দিশে গতি কৰে দুইজনীয়ে ধৰিবই নোৱাৰে। আৰ্হি থাকিলে তাইয়ো মাজে মাজে এষাৰ দুষাৰমান কয়। কেতিয়াবা আকৌ তাই শুই গলেও শ্ৰেয়া আৰু নিশাৰ কথা শেষেই নহয়।

নিশাই প্ৰায়ে শ্ৰেয়াক নিশাৰ এজন বন্ধুৰ বিষয়ে কয়। শ্ৰেয়াইও মন দি শুনে। আচলতে নিশাই শ্ৰেয়াক বহুতৰ কথাই কয়। কিন্তু, শিৱাশীষৰ কাহিনীটোৱে শ্ৰেয়াক তাই বুজিব নোৱাৰাকৈয়ে বৰকৈ প্ৰভাৱ পেলায়। কিয় জানো ল’ৰাটোলৈ বৰকৈ দুখ লাগে তাইৰ। নিশাই বহুদিন তাৰ কথা নুলিয়ালেও শ্ৰেয়াই নিজেই সুধে তাৰ কথা। প্ৰেমত পোৱা প্ৰতাৰণাৰ বাবেই শিৱাশীষে আজিদিন ধৰি প্ৰেমত বিশ্বাস নকৰে। বৰ্তমান পুণেৰ এটা মাল্টিনেচনেল কোম্পানীত তাৰ চাকৰী। এজন ভদ্ৰ আৰু দায়িত্বশীল ল’ৰা সি। এদিন নিশাই শিৱাশীষৰ সৈতে কথা পাতি থাকোঁতেই ফোনটো শ্ৰেয়াৰ ফালে দি কৈছিল-“শিৱাশীষ,লোৱা মোৰ ৰোমমেটৰ লগত কথা পাতা। মই যে তোমাক কৈছিলো তাইয়েই। তাইৰ লগত চিনাকী হোৱা।তাইয়ো তোমাক খুব ভালদৰেই চিনি পায়। প্ৰথম অৱস্থাত শ্ৰেয়াই ফোনটো লবলৈ অলপ অস্বস্তিবোধ কৰিছিল। কিয়নো এজন অচিনাকি ল’ৰাৰ সৈতে তাইৰ সেইয়া প্ৰথম কথা আছিল। সেই যে দুয়োটাই হেল্ল’টোৰে আৰম্ভ কৰিছিল তাৰ পিছত প্ৰায় ত্ৰিশ মিনিট সময় কেনেদৰে পাৰ হৈছিল সিহঁতে গমেই পোৱা নাছিল। শ্ৰেয়াৰ অনুভৱ হৈছিল, তাই যেন তাক আগৰ পৰাই চিনি পায়। সি যেন তাইৰ কোনোবা আপোন মানুহ এজনহে। কব নোৱাৰাকৈয়ে শ্ৰেয়াৰ কিবা এটা ভাল লাগিছিল তাৰ সৈতে কথা পাতি আৰু তাহাঁতি কথা পাতি মন কৰিছিল যে গানৰ পৰা আৰম্ভ কৰি তাহাঁতৰ চিন্তা-ধাৰা বোৰলৈকে দুয়োটাৰ মাজত বহু কথাৰে মিল আছিল। সেই কথোপকথনটোৰে যে আৰম্ভ হৈছিল আজিও চলি আছে সকলোবোৰ‌ ঠিক সেইদৰে হয়তো আজিকালি আৰু অধিক গভীৰহে হব ধৰিছে তাহাঁতৰ কথাবোৰ। কোনোদিন লগ নোপোৱাকৈয়ো বছৰৰ পিছত বছৰ জানো কোনোবা কাৰোবাৰ ইমান আপোন হব পাৰে। শ্ৰেয়াক এই কথাই আজিও আমনি কৰে। তথাপি শ্ৰেয়াই অনুভৱবোৰক সযতনে সামৰি ৰাখি থয়, তাইৰ মাজতে। ইটোৱে সিটোৰ কথা প্ৰায় সকলো জানে। জীৱন সম্পৰ্কে,ভাললগা, বেয়ালগাবোৰৰ বিষয়ে সকলো কথাই দুয়োটাই আলোচনা কৰে। আটাইতকৈ ডাঙৰ কথা ইটোৱে সিটোৰ মনৰ কথাবোৰ সকলো বুজি পায় শব্দৰ অবিহনেও। শ্ৰেয়াৰ সৰুতকৈয়ো সৰু কথাকেইটাও তাক নকলে তাই নোৱাৰে। সি তাইৰ প্ৰতিটো কামত উৎসাহ দিয়ে, তাই হাৰি যাব খুজিলে সাহস দিয়ে, তাইক হাঁহিবলৈ শিকায়, জীৱনটোক চম্ভালি লবলৈ শিকায় সি। ঠিক সেইদৰে শ্ৰেয়াইও তাৰ মৌনতা বোৰক পঢ়িব পাৰে,দুখবোৰক অলপ হলেওঁ সুখৰ নাম দিব জানে,সি তাৰ সুখবোৰক তাইৰ আগত ব্যক্ত কৰিলে তাই আকোৱালি লব জানে।

প্ৰথমে সেই হোৱাটচ্এপত দুয়োৰে ভাললগা গানৰ সালসলনি আৰু এতিয়া সেইবোৰ পৰিণত হ’ল দৈনন্দিন বাৰ্তা বোৰলৈ। শ্ৰেয়াৰ কেতিয়াবা ভাবিও আচৰিত লাগে যে তাই কেনেকৈ যে তাৰ দৰে কাৰোবাক বিচাৰি পালে। কেনেকুৱা এটা আচৰিত সম্পৰ্ক, যাৰ সান্নিধ্যই তাইৰ ধীৰ গতিত চলি থকা জীৱনটোৰ বহুখিনিয়েই সলনি কৰি পেলালে। নিজকে কোনোবা অচিন ঠাইত হেৰুৱাই দিয়া তাইজনীয়ে পুনৰ নিজকে বিচাৰি পালে। যি প্ৰতিপল তাইক প্ৰেৰণা দি যায় জীৱনটোক সুচাৰুৰূপে গঢ়িবলৈ। তাই কেতিয়াবা অনুভৱ কৰে হয়তো ভগৱানে তাক পঠিয়াইছে তাইৰ কাষলৈ,তাইৰ জীৱনটোক গঢ় দিবলৈ।

সময়ৰ তাগিদাত লাহেকৈ তাহাঁতৰ জীৱনৰ দিশবোৰো সলনি হবলৈ ধৰিলে। শ্ৰেয়াৰ ৰোমটোলৈ নিশা বাৰ ঠাইত আহিল প্ৰিঞ্চি।তাইৰ মৰমৰ নিশা বাক আজিও তাই মিছ কৰে। অৱশ্যে ফোনত কথা পাতে, তথাপিও ওচৰত থকা নিশা বাজনী আৰু ফোনত কথা পতা জনীৰ মাজত তাই অলপ হলেওঁ পাৰ্থক্য বিচাৰি পায়। শ্ৰেয়াহত এতিয়া হোষ্টেলৰ চুপাৰ চিনিয়ৰ মানে পঞ্চম ষান্মাষিকৰ ছাত্ৰী। কিনাৰৰ ৰোমত থাকে ৰিয়া, কাবেৰী।মাতে কথাই খুব মৰম লগা ছোৱালীকেইজনী। তাতেই আকৌ প্ৰাৰ্থনা, শিৱানী, কৃতি (যাক সকলোৱে কচুগুটি বুলি কয়)সিহঁত আছেই। বৰুৱা পি.জি ৰ আদ্দাবোৰ লাহে লাহে আৰু অধিক ৰঙীন হব ধৰিলে সময়ৰ গতিত। তাতে আকৌ আৰ্হি, শ্ৰেয়া, এনি আৰু হিয়াৰ একেবাৰেই শেষৰ কেইটা দিন নহয় জানো কলেজীয়া জীৱনৰ। তাহাঁতৰ ফুৰা-মেলাবোৰ বাঢ়িছে আগতকৈ। বন্ধ দিন হলেই হ’ল। গোটেইকেইজনী সাজি কাঁচি ওলাই যোৱাটো নিয়ম তাহাঁতৰ।মালিকৰ ওচৰত হাজাৰটা বাহানা দি হলেও ওলাই যাবই। তাহাঁতৰ দুখ যে মৰমৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ক আৰু কেইমাহমানৰ পিছতে বিদায় দিব লাগিব।বিদায় দিব লাগিব তিনিটা বছৰ পাৰ কৰা বৰুৱা পি.জিটো আৰু তাৰ মৰমৰ ছোৱালীখিনিক। স্নাতক শেষ হোৱাৰ পিছত আকৌ কোন কলৈ যায় পঢ়িবলৈ কোনেওটো নাজানে। শ্ৰেয়াৰ আকৌ সপোন নাহৰৰ দেশ মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰ্হিক প্ৰায়েই কৈ থাকে তাই,তই আৰু মই একেলগে পঢ়িম দেই।ভাল লাগিব এতিয়া যেনেকৈ স্ফূৰ্তি কৰো, তেতিয়াও কৰিম। আৰ্হিয়ে আকৌ সদায় কয়,হবচোন ৰ এতিয়াই নাভাবিবি। আগতে এইটোৱেই শেষ হৈ লওক আমাৰ। ইহ্ হব যা মই তোক এৰি নাথাকো বুলি শ্ৰেয়াই তাইক সাবটি ধৰে। তাহাঁতৰ পি.জিতে আকৌ আছে নিষ্ঠা নামৰ এক নম্বৰ চুলবুলি ছোৱালীজনী। যি নিজৰ প্ৰেমিকক লৈয়ে বহু সুখী। সকলোৰে ৰোমত নিজৰ প্ৰেমৰ কাহিনী কৈ কৈ ঘূৰি ফুৰা ছোৱালী জনীয়েই হ’ল মৰমৰ নিষ্ঠা। সকলো কামলৈয়ে তাইৰ খুব ভয়। চিনিয়ৰক সুধিহে কামবোৰ কৰে দেই বাইদেৱে।শ্ৰেয়াহতৰ মৰম বুটলিবলৈ আকৌ ৰিয়া, কাবেৰী,নিধি,প্ৰিঞ্চি, প্ৰাৰ্থনা,কৃতিহতো পিছ পৰি থকা বিধৰ নহয় । মৰম লগা ছোৱালী কেইজনী,প্ৰত্যেক জনীৰে নিজৰ নিজৰ মৰম লগাব পৰা গুণ আছে। সকলোকে ব্ৰো’ কোড ব্যৱহাৰ কৰি কথা কোৱা বিন্দাছ কৃতিয়ে শ্ৰেয়াক সদায় জোকাই ,”Can a girl and a boy be best friends?”.কিয়নো শ্ৰেয়াই যে কোনোবা এজন ল’ৰাৰ লগত চিনাকি হৈ কথা পাতিবলৈ ধৰিছে কথাটো দুজনীমানে জানে। সেয়ে কেতিয়াবা তাইক তাহাঁতি জোকাইয়ো। কিন্তু তাইয়ো হাঁহি এটা মাৰি হেই নহয় বুলি কথাটো পাতলাই থৈ দিয়ে। তাৰ পিছত আহে শ্ৰেয়াই সদায় বড়ো বিউটি বুলি জোকোৱা প্ৰাৰ্থনাজনী,যি মিচিকিয়া হাঁহিটোৰে সকলোকে মুহিব পাৰে। তাইৰ ৰোমমেট শিৱানী যি জীৱনটোক খুবেই সীমিত পৰিধিৰ মাজত ৰাখি থব বিচাৰে‌ আৰু সকলোৱে তাইক কয় যে, এটাই জীৱন ভালদৰে জীয়াই থাক। কিমান দিনৰনো পৃথিৱী। তাইৰ কিন্তু চিন্তাৰ কোনো অন্তই নাই। সৰু কথাটোও পাৰে মানে চিন্তা কৰে তাই। ৰিয়া আৰু কাবেৰী দুইজনী খুবেই মৰমিয়াল তাহাঁতৰ লগতে আকৌ স্বেতা আছেই। গোটেইকেইজনীয়ে শ্ৰেয়া হতৰ সৈতে কম ধেমালি কৰে নে? শ্ৰেয়াহতৰঁ সৈতে ফুৰিবলৈ যোৱা, একেলগে কাৰোবাৰ জন্মদিন থাকিলে উৎপাত কৰা আৰু বহুতো। দিনবোৰ শেষ হবলৈ অলপ দিন থাকোতেই শ্ৰেয়া আৰু আৰ্হিৰ লগৰ প্ৰিতীও আহিল তাহাঁতৰ পি.জি টোলৈ। ৰাংঢালি ছোৱালীজনীয়ে সকলোকে হহুৱাই ভাল পায়। খুব কম সময়তেই বৰুৱা পি. জিৰ সকলোৰে লগতে ভাল সম্পৰ্ক গঢ়ি উঠিল তাইৰ। মুঠতে শেষৰ দিন কেইটা তাহাঁতিকেইজনীয়ে ইমানেই ভালকৈ উপভোগ কৰিছে যে ভৱিষ্যতলৈ হয়তো মনত ৰৈ যাব দিনবোৰ।

প্ৰীতিৰ আগমনে বৰুৱা পি.জিটোক আৰু অধিক ৰঙীন কৰি তুলিল। সকলোৱে হাঁহিবহে পাৰে তাইৰ খুহুতীয়া কথাবোৰত। আৰ্হি, হিয়া, শ্ৰেয়া আৰু এনিৰ লগত তাইৰ মনটো মিলি যায় বাবে তাহাঁতৰ স্ফূৰ্তি বোৰ আৰু বাঢ়ি গৈছে। তাতেই আকৌ আজিকালি শ্ৰেয়াক সকলোৱে বেছিকৈ জোকোৱা হৈছে, কিয়নো তাইৰ মুখেৰে অজানিতে শিৱাশীষৰ নাম বেছিকৈ ওলাই যে। তাইয়ো অনুভৱ কৰিছে, হয়তো তাই তাৰ প্ৰেমত পৰিছে। আকৌ তাই ভাৱে, হবই নোৱাৰে। তাই আৰু প্ৰেম। পঢ়িবলৈ আছে,কেৰিয়াৰটো আছে।আগত শেষৰটো ষান্মাষিকৰ পৰীক্ষা আহি আছে। তাকো কোনোদিন লগ নোপোৱা ল’ৰাজনৰ সৈতে। যেনেহলেও ল’ৰা মানুহ‌। আকৌ ভাবে, ল’ৰাটো ভাল দেখোন। তথাপিও? তাই মনে মনে হাঁহেও কেতিয়াবা,কেতিয়াবা দুখো কৰে। তাই পালেই যেনিবা, সি জানো পাব। ভালপোৱা বুলিয়েইতো তাৰ এলাৰ্জি হোৱা হ’ল। কত বাৰ যে শ্ৰেয়াই বুজাইছে তাক। হলেও সি জানো বুজে। সদায় এটাই কথা তাৰ “সব ছোৱালী একেই”। সেয়ে আজিকালি শ্ৰেয়াই তাক নোকোৱা হ’ল। সময়বোৰ বাঢ়ি অহাৰ লগতেই শ্ৰেয়াৰ যেন তাৰ প্ৰতি ভালপোৱাবোৰো বাঢ়ি আহিব ধৰিল আৰু নহবওনো কিয়? তাৰ যে স্বভাৱেই তেনেকুৱা । কেৱল শ্ৰেয়াই নে, যিকোনো ছোৱালী হলেও প্ৰেমত পৰিব‌। দুটাবছৰত শ্ৰেয়াই ভলদৰেই তাক পঢ়িছিল। হয় তাই ডাঠি কব পাৰিব। সি আনৰ দৰে নহয়। সেয়ে হয়তো এদিন হঠাৎ তাই শিৱাশীষক সকলো কথা খুলি কৈ পেলালে। ভিতৰি আকৌ ভয়তে তাইৰ হাহোঁ নে কান্দো অৱস্থা । তাই আজিও ভাবে সেইখিনি সাহস সেই মূহূৰ্তত তাইৰ আহিল ক’ৰ পৰা। মনৰ খো-দোৱনি বোৰ এটা দীঘল পেৰাগ্ৰাফত লিখি শিৱাশীষক দি দিলে। শিৱাশীষ কিন্তু আনৰ দৰে নহয়। সি কথাখিনি পঢ়ি লৈ তাইক কথাবোৰ ইমানেই ধুনীয়াকৈ বুজালে যে তাই অন্ততঃ সকাহ এটা পালে। সেইদিনা হয়তো শিৱাশীষৰ নাটোৱে তাইক অলপ দুখ দিছিল যদিও তাই যে কথাবোৰ খুলি কৈছিল , তাতেই তাইৰ সুখ। তাৰ প্ৰতি থকা অনুভৱখিনি আজিও সাৰুৱা তাইৰ হৃদয়ত। তাই আজিও নিজৰ প্ৰাৰ্থনাত তাক সামৰি লয়। প্ৰতিটো সুখ- দুখৰ বাতৰিৰ সিয়েই প্ৰথম শ্ৰোতা। আন কাৰো প্ৰতি দেখোন শ্ৰেয়াৰ তেনে অনুভৱ নহয়‌। শিৱাশীষে তাইক বহুত বুজাই, কিন্তু তাই অবুজ। তাই যেন হৃদয়খন কাৰো সৈতে ভগাই লবই নোখোজে। এতিয়া কেৱল কেৰিয়াৰটোৰ প্ৰতিহে তাইৰ মোহ।

সময়বোৰ সলনি হোৱাৰ লগে লগেই স্নাতক ডিগ্ৰী লৈ শ্ৰেয়া আজি স্নাতকোত্তৰৰ ছাত্ৰী। যিদিনা শ্ৰেয়াৰ স্নাতকোত্তৰৰ এডমিচন আছিল। সেইদিনাই শিৱাশীষৰো নতুন চাকৰিত যোগদানৰ দিন আছিল। দুয়োটাই দুয়োটাকে নতুন জীৱনৰ শুভেচ্ছা দি সেই দিনা বহুপৰ কথা পাতিছিল। পঢ়াৰ ক্ষেত্ৰত শিৱাশীষে সদায় শ্ৰেয়াক উৎসাহ দিয়ে‌। কেৱল পঢ়াই নে? তাইৰ সকলো ভাল কামত। হয়তো আজি শিৱাশীষৰ উৎসাহবোৰেই তাই জীৱনত হেৰাই পেলোৱা বহুখিনি তাইক ঘূৰাই দিলে। এতিয়া দুয়োটাৰে মাথো সেইদিনটোলৈ অপেক্ষা, যিদিনা দুয়োটাই ইটোৱে সিটোক সন্মুখৰ পৰা সাক্ষাৎ কৰিব। শিৱাশীষেও আজিকালি প্ৰায়েই কয়, তোমাক ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ আছে বহুত। শ্ৰেয়াও কমজনী নে? ডিজিটেল পৃথিৱীখনৰ বাহিৰলৈ ওলাই আহি প্ৰকৃত সত্যক ওচৰৰ পৰা পাবলৈকে এতিয়া দুয়োটাই অপেক্ষা কৰিছে‌। শ্ৰেয়াই যেন আজিও মৰিচীকাৰ পম খেদিয়েই ঘূৰি ফুৰিছে‌। তাই আচলতে প্ৰতিদিনেই নিৰিবিলি পৰবোৰত তাহাঁতৰ সম্পৰ্কটোৰ নাম বিচাৰি ফুৰে। কিন্তু সি সেই আগৰ দৰেই। তথাপি শ্ৰেয়াৰ অভিমান নাই। তাই তেনেদৰেই হয়তো সুখী।যাৰ সাহসে আজি তাইক ইমানখিনি ঘূৰাই দিলে হয়তো তেওঁ এজন ফৰিস্তা। সেইয়াই মৰিচীকাৰ পম খেদি শ্ৰেয়াৰ হৃদয়ৰ এক যাত্ৰা। তিনিটা বছৰ এতিয়া আৰু বহু দূৰ আছে।

সমাপ্ত

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s