তথাপি মই জীয়াই আছো….

মই সাৰে আছোঁ, নিৰ্জন ৰাতিৰ বুকুত। সপোনবোৰৰ দিশে বাৰে বাৰে দৌৰিছো। বাৰে বাৰে আগুৱাই যাব খোজিও কৰবাত যেন থমকি ৰৈছো।হঠাৎ এক অজান শক্তিৰ বাধা অনুভৱ কৰিছো দুভৰিত। পিছলৈ ঘূৰি চাই দেখিছো-“এডাল বাধাৰ শিকলি”। শুনিছো বহু জনতাৰ কোলাহল। কাণত বাজি উঠিছে কেইষাৰিমান নিৰ্দিষ্ট বাক্য। যিকেইষাৰ বাক্যই, মোক কঁপাই তুলিছে।মোৰ দুৰ্বলতাবোৰক যেন আৰু অধিক সবল কৰি তুলিছে। মই মাত্ৰ চিঞৰি চিঞৰি কান্দিছো। লক্ষ্য কৰিছো,মুখা পিন্ধা সকলে মন খুলি মৰা হাঁহিবোৰ। কি হৈছে মোৰ? মই মোৰ সাহসবোৰ দেখোন হেৰুৱাই পেলাইছো হঠাতে। সেইখিনিতেই ৰৈ গৈছো বহু প্ৰশ্নৰ সৈতে মই অকলশৰে ।মই নাজানো,উত্তৰবোৰৰ বাবে মই কালৈ অপেক্ষা কৰিছোঁ। এপলক সময়ৰ বাবে নিজকে সুধিছো-উত্তৰটো মোৰ মাজতেই আবদ্ধ নেকি? এনেতে কাৰোবাৰ চিঞৰত সাৰ পাই অনুভৱ কৰিছিলো-সেইয়া মোক কঁপাই তোলা এক সপোন আছিল। এতিয়া…পুৱা ক্লাছৰ বাবে মোক ৰূমমেটে চিঞৰি চিঞৰি উঠাইছে।

দিনটোৰ বাবে যেন বিন্দাছ মইজনী হেৰাই গৈছিলো সেই সপোনটোৰ মাজত। কিয় সপোনটোৱে মোক বাৰে বাৰে আমনি কৰিছিল,হয়তো মইয়ো অজ্ঞাত আছিলো। ভাবিছিলো-মই দেখা আন সপোন বোৰৰ পৰা ই পৃথক আছিল নেকি?বহু চিন্তাৰ মেৰপাকত যেন আবদ্ধ হৈ পৰিছিলোঁ মই। আগবেলাৰ ক্লাছবোৰৰ পিছত দিয়া বিৰতিতোও যেন কম হৈ পৰিছিল,মোৰ চিন্তাৰ বাবে । যেনে তেনে বিয়লি ২.৩০ বজাৰ ক্লাছটো শেষ হোৱাৰ বাবে অপেক্ষা কৰিছিলো মই । কিয়নো সপোনটোৱে মোক তেতিয়াও শান্তি দিয়া নাছিল। সেইখিনি সময়তেই ছাৰ সোমাই আহিছিল আৰু এষাৰ বাক্য লিখিছিল বৰ্ডত। বাক্যশাৰী আছিল “I Am Still Alive” আৰু আমাক এই বাক্যশাৰীৰ ওপৰত দুআষাৰ মনৰ ভাৱ লিখিবলৈ কৈছিল।

মই ধৰিব পৰা নাছিলোঁ, মোৰ কলমটোৱে সেইখিনি সময়ত কেনেদৰে নিমিষতে মোৰ মনটোক পঢ়ি পেলাইছিল। ই অহৰহ লিখি গৈছিল মোৰ অব্যক্ত শব্দবোৰক। অপ্ৰকাশিত হৈ ৰোৱা মোৰ অনুভৱবোৰক। মোৰ দুখবোৰক। পাৰ হৈ যোৱা সময়বোৰ মোৰ দৃশ্যপটত ভাঁহি আহিছিল তন্নতন্নকৈ। হয়তো সেইখিনিতে মই বহু কথাই বুজি উঠিছিলো,মোৰ অনুভৱখিনিক পঢ়ি। বহু কঠিন পৰক নেওচি যদি মই আজি এইখিনিত, হয়তো আৰু বেছি দূৰ নাই …..৷ এনেদৰেই ওখোৰা-মোখোৰা বাটেৰেই আগুৱাই যাব লাগিব সপোনৰ পম খেদি।এইখিনিত আহি থমকি ৰলে হয়তো বেলেগে নহয়, মোৰ জীৱনেই মোক উপলুঙা কৰিব।

মই নাজানো,সপোনবোৰে বাস্তৱক স্পৰ্শ কৰিবলৈ মই আৰু কিমান পৰ অপেক্ষা কৰিব লাগিব। এতিয়া এবাৰলৈ মই ভাবি উঠিছো ,নতুন সপোনবোৰক মই কলিতেই এৰি দিম নে? বিশৃংখল চিন্তাবোৰক মোক অহৰহ আমনি কৰাৰ অনুমতি দিম নে? আনৰ এষাৰ কথাতে নিজকে নিম্নতম কৰি তুলিম নে? দুৰ্বলতাবোৰক এনেদৰেই এৰি দিম নে?জীৱনক মোৰ সৈতে মই কঢ়িয়াই লৈ যাম, নে জীৱনক মোক কঢ়িয়ায় লৈ যাবৰ বাবে এৰি দিম এনেকৈ? বাৰুকৈয়ে অনুভৱ হৈছিল মোৰ …জীৱনটো যেন এক প্ৰশ্নৰ সমষ্টি মাথোঁন। এটা প্ৰশ্নৰ সমাধান মানেই যেন আন এটাৰ উদয়। হয়তো কিছুমান প্ৰশ্নৰ সমাধান নোহোৱাকৈয়ে জীৱনটো কোনোবা এদিন স্তব্ধ হৈ পৰিব আৰু সমাধানৰ বাবে মইয়ো নাথাকিম নতুবা উত্তৰ বোৰৰ বাবে কৰা অপেক্ষাবোৰৰো এদিন অন্ত হব। মোৰ লগতে প্ৰশ্নবোৰো বিলীন হব নিয়তিৰ বুকুত। মাত্ৰ মই বুজি উঠিছো-এইয়া যে আৰম্ভণিহে মাথোন আৰু বহু দূৰ যাবলৈ আছে এনেদৰেই সাহসবোৰক বুকুত বান্ধি………।।

6 thoughts on “তথাপি মই জীয়াই আছো….

Leave a Reply to dibyajyoti9 Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s