বাখৰ বেঙেনা- এজোপা ৰহস্যময় গছ(Bakhar Bangena- The Mysterious tree.)

স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰা অৰ্থাৎ তেওঁৰ সপোনৰ ৰাজ্যখনেই হৈছে আমাৰ সকলোৰে পৰিচিত ঐতিহাসিক শিৱসাগৰ জিলা। যি আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালৰ নিৰৱ সাক্ষী। ৰংঘৰ, কাৰেংঘৰ,তলাতল ঘৰ, শিৱদৌল,জয়দৌল,বিষ্ণুদৌল, দেৱী দৌল,জয়সাগৰ পুখুৰী, আদিৰ উপৰিও আৰু নানান ধৰণৰ ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপূৰ শিৱসাগৰ জিলাতে আছে অন্য এক ঐতিহ্য "বাখৰ-বেঙেনা"গছজোপা। গছজোপা প্ৰায় ৫৮৫ বছৰ পুৰণি আৰু ই বৰাহী আৰু চুতীয়া ৰাজ্যৰ বন্ধুত্বৰ সাক্ষী হৈ আজিও থিয় দি আছে। শিৱসাগৰ জিলাৰ মাজ মজিয়াৰ পৰা প্ৰায় পূৱ প্ৰান্তত বকতা মৌজাৰ জবলাটিং আৰু চুহুংমুং গাঁৱৰ মাজত এই গছজোপা অৱস্থিত।গছজোপাক লৈ বিভিন্নজনে বিভিন্ন মত দিয়ে। এচামে কয় বৰাহী ৰজা মহানানিক্যলৈ এই গছজোপাৰ পুলিটো এজন চীনা সম্ৰাটে উপঢৌকন হিচাপে পঠিয়াই দিছিল আৰু তেওঁ নিজ ৰাজ্যৰ সীমাত পুলিটো ৰূপন কৰিছিল। আন একাংশৰ মতে চুতীয়া ৰজা ৰত্নধ্বজ পালে পুলিটো নিজৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে ৰূপন কৰিছিল আৰু কৈছিল যে "এই গছজোপা থাকে মানেই চুতীয়া ৰাজ্যও থাকিব"। এই গছজোপাৰ পূবে জবলাটিং গাঁও, পশ্চিমে শলঙনি, উত্তৰে চেতিয়া গাঁও আৰু দক্ষিণে দিহিঙ্গীয়া গাঁও অৱস্থিত। গছজোপা প্ৰায় ৩০ ফুট ওখ আৰু তিনিফুট বহল। একেটা গুৰিৰ পৰাই প্ৰায় ২-৩ ফুট বেৰৰ সাতডাল গা-গছ মূল এডালৰ পৰাই ফেৰেঙনি মেলি ওলোৱা দেখা যায়। গছজোপাৰ ডালবোৰ লিকতা আৰু গুটিবোৰ সৰু আৰু বেঙেনা আকাৰৰ।জেঠ আহাৰ মাহত গুটিবোৰ লাগে আৰু পকিলে সেউজীয়া পাতৰ আঁৰত গুটিবোৰ বাখৰৰ দৰেই জিলিকি থাকে।আহোম যুগৰ কাণত পিন্ধা এবিধ অলংকাৰ বাখৰ কটোৱা কেৰুৰ লগত গুটিটোৰ মিল থকাৰ বাবেই গছজোপাৰ নাম বাখৰ বেঙেনা হল বুলিও কোৱা হয়। গছজোপাৰ পাতবোৰ আন গছৰ দৰেই খৰালি কালত সৰি লঠঙা হৈ যায়। গছজোপাক লৈ বহুলোকে বহু পৰীক্ষা চলাই আহিছে যদিও গছজোপাৰ বংশ বৃদ্ধিৰ বাবে কোনো পৰীক্ষাই আজিলৈকে সক্ষম হৈ উঠা নাই।বৈজ্ঞানিক সকলে গছজোপাক "ৰুবিয়েচিক"(Rubiaceac)প্ৰজাতিৰ বুলি চিহ্নিত কৰিছে। বহুলোকে কব খোজে যে, চীন দেশৰ হুৱাংহু উপত্যকাত হোৱা এবিধ গছৰ সৈতে এই গছজোপাৰ অলপ মিল আছে। গছজোপাৰ বৈজ্ঞানিক নাম হ'ল "Catunaregum Uliginosa"। গছজোপা গুল্মজাতীয় যদিও অসমৰ জলবায়ুৰ প্ৰভাৱত ইয়াৰ পৰিৱৰ্তন হোৱা দেখা গৈছে। লক্ষ্ণৌৰ বীৰবল ছাহানী ইনষ্টিটিউট অৱ পেলিঅ'বটানিয়ে ২০১৪ চনত চলোৱা এক পৰীক্ষাত গছজোপাৰ বয়স প্ৰকাশ পাইছিল। ১৯৯৬ চনত গছজোপাক বিশ্ব পৰ্য্যটন স্থলী ৰূপে গঢ়ি তুলিবলৈ এখন কমিটি গঠন কৰি দিয়া হৈছিল আৰু গছজোপা বৰ্তমান তেওঁলোকেই চোৱা চিতা কৰে।বৰ্তমানসময়ত বাখৰ বেঙেনাৰ নামত ডাক টিকটো প্ৰকাশিত হৈছে। হয়তো গছজোপাই আৰু বহু যুগ ধৰি এনেদৰেই ঐতিহ্য বহন কৰি গৈ থাকিব।

Let’s Talk About PCOD

Photo source-Internet

Those pains, those hidden tears, those mood swings…. these are part of my life….Everyday I come to a decision that… no, I will end it…but I have not that much power… Do you know what we all faced everyday.It is not easy to live with a disease PCOD or PCOS, i.e Polycystic ovary syndrome.

Treatment can help you, but this condition can’t be cured. It requires a medical diagnosis.Lab tests or imaging always required.It can last for years or be lifelong. Everyday all those feelings of loneliness, gaining weight, not having your periods for 3-5 months,heavy bleeding during your periods, gaining weight, imbalance of hormones, thin hair growth, insomnia, depression heavy facial hair growth etc, are the common symptoms of PCOD.

Many women have PCOS but don’t know it. In one study, up to 70 percent of women with PCOS hadn’t been diagnosed.PCOS affects a woman’s ovaries, the reproductive organs that produce estrogen and progesterone — hormones that regulate the menstrual cycle. The ovaries also produce a small amount of male hormones called androgens.The ovaries release eggs to be fertilized by a man’s sperm. The release of an egg each month is called ovulation.

Yoga,exercises, use of a proper diet plan has shown significant improvement in irregularity of menstrual cycles and ovulation in about 50% women diagnosed with PCOD which improves body composition. Also meditation helps to remove mental illness like stress, depression etc. I use some natural ingredients like turmeric, coriander seeds, green tea, lemon juice with warm water etc as a medicine and these ingredients help me. You can also use these techniques.

Please avoid oily foods, carbohydrates, fast food, too much sleeping habit, too much sugar consumption etc. Be strong, be happy, be you. Keep smiling always. Take care of yourself. And definitely one day you will overcome this PCOD.

লোভবোৰ এদিন ধ্বংসৰ কাৰণ হ’ল

এসময়ত পৃথিৱীত মানৱ নামেৰে এক প্ৰাণীয়ে বসবাস কৰিছিল। সেই প্ৰাণীবিধে নিজকে জীৱশ্ৰেষ্ঠ বুলিও চিনাকী দিছিল। অৱশ্যে জীৱশ্ৰেষ্ঠ বুলি গৰ্ব কৰিব পৰাকৈ তেওঁলোকে পৃথিৱীত তেনে কৰ্মও নকৰা নহয়। যুগৰ পিছত যুগ ধৰি তেওঁলোকৰ সৃষ্টি আৰু চিন্তা-ধাৰাই পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছিল। কিন্তু সময়বোৰো জানো সদায় একেদৰেই অতিবাহিত কৰিব পৰা যায়। সময় যিমানেই আগুৱাই যাব ধৰিছিল, নিজৰ সৃষ্টি আৰু চিন্তা-ধাৰাক লৈ জীৱশ্ৰেষ্ঠৰ অহংকাৰো লাহে লাহে সিমানেই বাঢ়ি যাবলৈ ধৰিছিল। জীৱশ্ৰেষ্ঠৰ আকৌ অন্য প্ৰাণীতকৈ পৃথক এক বৈশিষ্ট্যও আছিল, তেওঁলোকে নিজৰ কথাৰ বাহিৰে আনৰ কথা ভাবিবলৈ কম সময় খৰচ কৰিছিল আৰু হয়তো এইটো বৈশিষ্ট্যই এদিন প্ৰাণীবিধৰ বাবে ধ্বংস নমাই আনিছিল।

হয়তো এদিন এনেদৰেই আমি ইতিহাস হোৱাৰ দিশে গতি কৰি আছো। প্ৰকৃতিৰ সৃষ্টিক ধ্বংস কৰি, প্ৰকৃতিৰ হিয়াভগা কান্দোনকো আওকাণ মাত্ৰ নিজৰ সৃষ্টিৰ ওপৰতেই আমি ইমানেই গৰ্বিত যে পাহৰি পেলাইছো এটা পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰণ হৈ থাকিবলৈ যে মানুহৰ বাহিৰেও সেই সুক্ষ্মতম খালী চকুৰে মনিব নোৱাৰা অণুজীৱটোৰ পৰা আৰম্ভ কৰি,গছ-গছনি, প্ৰকৃতিৰ আন আন সৰু-বৰ জীৱ-জন্তুলৈকে, সকলোৱেই প্ৰয়োজনীয়। কিন্তু, আমি কিমানজনে এই কথা ভালদৰে উপলব্ধি কৰিছো।মাত্ৰ দুটামান নম্বৰৰ বাবে এই জ্ঞানসমূহ লৈ নম্বৰকেইটা পোৱাৰ পিছতেই কিতাপখন বাকচত ভৰাই ৰাখিছো।আমি শিক্ষিতসকলৰ কেইজনে সমাজৰ আন দুজনমানক বুজাইছো যে এটা পৰিৱেশৰ ভাৰসাম্যতা কেনেদৰে ৰক্ষা কৰিব পৰা যায়।সকলো জানি- বুজিওটো আমি আজি “চকু মুদা কুলি”‌।

আজি হাজাৰ হাজাৰ নিৰ্বনানীকৰণ,মাটি,পানী,বায়ু,শব্দ সকলো প্ৰদূষিত হোৱাৰ পিছতো আমি কিহত ব্যস্ত? লাহ-বিলাস আৰু আমোদ লোৱাত। নিজৰ নিজৰ জীৱনটোৰ পৰাই যেন আহৰি নাই আমাৰ এই বহুমূলীয়া কথাবোৰ ভাবিবৰ বাবে অহ্, আমাৰ কিন্তু অকণমান হলেওঁ সময় আছে দেই, পৰচৰ্চা কৰিবৰ বাবে, আনক দমন কৰি নিজে কেনেকৈ ওপৰলৈ উঠিব পাৰো, এইধৰণৰ কথাবোৰৰ বাবে। হত্যা, হিংসা ৰ ক’লা ধোৱাজাকে আমাক বৰ বেয়াকৈ আগুৰি ধৰিলে। আমি মাত্ৰ ধনী-দুখীয়া, জাতি-ধৰ্মৰ বিভেদ সৃষ্টি কৰি জীয়াই থাকিবলৈ বিচৰা এক আচৰিত প্ৰাণী হৈ পৰিলো। সকলোতে কেৱল ঋণাত্মক দিশবোৰেই আমাক আকৰ্ষণ কৰিবলৈ ধৰিলে,ধনাত্মক দিশবোৰ বিচাৰিবলৈ আমি পাহৰিয়েই পেলাইছো। আজি পৃথিৱীৰ অসুখ হৈছে এই অসুখে কোনো জাতি-ধৰ্ম, ধনী-দুখীয়া বিচাৰ কৰা নাই। মাত্ৰ জীৱনবোৰ কাঢ়ি লৈ গৈছে। মানৱৰ সৃষ্টিয়েও হাৰ মানিবলৈ বাধ্য হৈছে। সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি, ৰাজনীতি, শিক্ষা সকলো কপাই এক অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হবলৈ মানুহক বাধ্য কৰাইছে। প্ৰতিখন দেশেই মাথো উঠি পৰি লাগিছে, মানৱ জাতিক উদ্ধাৰ কিদৰে কৰিব পাৰি।

Thank you my unknown family….

Here I have a family of 172…may be it will increase in future….happy to be a part of WordPress where I can write my emotions..my feelings..express thousands of words and you the beautiful people are here…beside me to encourage..to appreciate…hey, I adore you people…

Whoever is reading this post…A post of a girl..who has no idea about her life..about her goal…but yes..she always believes that…she has something in her heart…in her mind…a positive energy..which forced her to live unapologetically…She know she has to go for a mile…it’s just a beginning of a journey….she has to complete it anyhow…Thank you people…for your support…for not judging me…

an_open_love_letter_to_all_the_woman

💐

To
Dear #ladies🏵🏵,
Today is woman’s day .. oppssss.. nohhhh ..then.. mother’s day or sister’s day… Noooo.. It’s just a normal day.. Here I am writing a letter to you all. A letter of success, a letter of strength, a letter of beauty, a letter of happiness, a letter of greetings. First of all I just want to say that isn’t it amazing, you are a beautiful creativity of god. You all are brave, you are strong, you are fierce… you are more than you think. No need to be a perfect one. You are already perfect in your imperfections. Sometimes it’s important to be messy, be crazy or be you.

You are skinny ? OK. You are chubby? OKkk. You are dark? OKayy. You are bright? OKkk. You are tall? OK OK. You are short? OKkkkkkkyyy….Don’t worry, these are just some words..above all these, you know, there are three magical words which define your soul beautifully and i.e “YOU ARE UNIQUE”. Have you ever think, you are a lovely daughter, a caring sister, a adorable & good student, an awesome friend, a helpful collogue, a responsible wife or daughter-in-law, a brave mother, as a whole you are an amazing human being. Those mood swings are beautiful, that monthly pain or that stain is beautiful, those scars are beautiful, those white hairs are beautiful, those stretch marks are beautiful. Actually you are beautiful in your own way. You are the joba, the narji, the beli, the gulapi, the Korobi, the gutimali, the kharikajai, the nayantara, the aparajita, the hunaru……
Just .. #take_care_of_yourself, #love_your_precious_soul, #make_it_happy, #keep_it_alive, #dream_big, #touch_your_goals, #listen_to_your_heart, #fight_for_your_right, #be_strong,#do_whatever_you_want…
#be_the_wind #be_the_ocean #be_the_sky of your own. ❤❤❤❤

অসমীয়া জাতিসত্তাৰ গঠনত বিষ্ণু প্ৰসাদ ৰাভাৰ ভূমিকা

“ভং ভাং ভাং
লোহাৰ শিকলি ভাং।
ছিং ছিং ছিং
দাসৰ বান্ধোন ছিং…”
– কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

মধ্যযুগৰ অসমত এক স্বৰ্ণযুগ সৃষ্টিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি বহুকেইজন বৰেণ্য ব্যক্তিৰ পৰৱৰ্তী যুগত যি সকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক শক্তিশালী কৰি ৰাখিছে, সেইসকলৰ ভিতৰত এজন অন্যতম চিৰ নমস্য ব্যক্তি হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ নিজ কৰ্মৰাজিৰ জড়িয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া ভাষা- সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল সাহিত্য-সংস্কৃতি হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। সেয়েহে তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। এগৰাকী প্রকৃত শিল্পী, সুন্দৰৰ পূজাৰী, জনসেৱক হিচাপে ৰাভাদেৱে সর্বসাধাৰণ লােকক কলা-সংস্কৃতিৰ প্রতি আকৃষ্ট কৰি প্রতিজন নাগৰিককে সাংস্কৃতিৱান কৰি তুলিব বিচাৰিছিল।

মাতৃ গেথীবালা ৰাভাৰ গৰ্ভত আৰু পিতৃ ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত ১৯০৯ চনৰ ৩১ জানুৱাৰীৰ দিনা সেইসময়ৰ বঙ্গৰ ৰাজধানী তথা সাহিত্য-সংস্কৃতি আৰু বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢাকা মহানগৰীৰ সেনা চাউনিত বিষ্ণু প্ৰসাদ ৰাভাদেৱে জন্ম গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা জীৱনৰ পাতনি মেলিছিল ঢাকাৰ মিলিটেৰী প্ৰাইমেৰী স্কুলত। ১৯২৬ চনত তেখেতে তেজপুৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু ১৯২৮ চনত কলিকতাৰ চেন্টপ’ল কলেজৰ পৰা আই-এচ-দি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজত বি.এছ.চি অধ্যয়ন কৰিছিল। সেইখিনি সময়তে তেওঁ ৰিপন কলেজত ফুটবলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল আৰু এনে সন্মান লাভ কৰা তেওঁৱেই প্ৰথমজন অসমীয়া আছিল। ১৯২৯ চনত তেওঁ ৰিপন কলেজৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল। সেইসময়ৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ বাবেই তেওঁৰ ওপৰত পুলিচৰ চোকা দৃষ্টি আছিল। সেয়েহে তেখেতে ৰিপন কলেজৰ পৰা কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আৰু তাৰো পৰৱৰ্তী সময়ত ৰংপুৰৰ কাৰমাইকেল কলেজলৈ বদলি হবলগীয়াও হৈছিল আৰু শেষত তাতেই তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰিছিল। ১৯৩৯ চনত ৰাভাদেৱে কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সকলোৰে সমাদৰ লাভ কৰিছিল আৰু তাতেই ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে তেওঁক “কলাগুৰু” উপাধি প্ৰদান কৰিছিল।

অসমৰ ইতিহাসত চিৰদিন এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰোৱা ৰাভাদেৱৰ মৃত্যুৰ দিনটোক অৰ্থাৎ ২০ জুন তাৰিখটোক “ৰাভা দিৱস” হিচাপে পালন কৰা হয়। এক অনন্য ধাৰাৰ সৃষ্টিকাৰী তেখেতৰ গীতসমূহক নামাকৰণ কৰা হৈছিল “ৰাভা সংগীত”ৰূপে। তেখেতে যি বিপ্লৱী ধাৰা পোষন কৰিছিল, সেই ধাৰাত স্বাধীনতা কেৱল বগা চাহাবৰ দাসত্বৰ পৰা স্বাধীন হোৱাতেই সীমাবদ্ধ নাছিল। তেওঁৰ মতে, তাত শোষণ, নিষ্পেষণৰ দাসত্বৰ পৰা সাধাৰণ শ্ৰমিক শ্ৰেণীয়ে পাবলগীয়া স্বাধীনতাও অন্তৰ্ভুক্ত হৈ আছিল। সেই চিন্তা যে কেৱল অসমৰ জনসাধাৰণৰ পক্ষেই আছিল, তেনে নহয় সেইয়া আছিল এক বিশ্বজনীন মানৱীয় চিন্তা। এই স্বাধীনতা নোপোৱালৈকে, হগা চাহাবৰ পৰা ক’লা চাহাবলৈ হস্তান্তৰিত হোৱা ১৯৪৭ চনৰ স্বাধীনতাক তেওঁ প্ৰকৃত স্বাধীনতা নহয় বুলিও ঘোষণা কৰিছিল। পৈতৃক সম্পত্তিৰূপে লাভ কৰা ২৫০০ বিঘা মাটিক তেখেতে ভূমিহীন কৃষকসকলক বিলাই দি সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়খনো তেখেতে দান কৰা ভূমিতে সগৌৰৱেৰে আজিও অসমৰ এক অন্যতম গৌৰৱ হৈ থিয় দি আছে। বিষ্ণু ৰাভা আছিল মানুহৰ শিল্পী। পৃথিৱীখন, বিশেষকৈ জন্মভূমি অসমখন তেওঁৰ শিল্পক্ষেত্র আছিল। অসমৰ মাটি-পানী, গ্রাম্য জীৱন আৰু গ্রাম্য লােক-সংস্কৃতিৰ প্রতি তেওঁৰ আছিল সুগভীৰ শ্রদ্ধা, মৰম আৰু অকৃত্রিম ভালপােৱা। সেয়ে তেওঁ অতি কম সময়তে জনসাধাৰণৰ হিয়াৰ আমঠু হ’ব পাৰিছিল। গীত আৰু সুৰেৰে সজোৱা এখন হৃদয় আৰু মানৱীয় এটা বহল মন লৈ প্রান্তে প্রান্তে খােজকাঢ়ি, সাঁতুৰি-নাদুৰি, পাহাৰ বগাই, ছদ্মৱেশ ধৰি তেওঁ সর্বসাধাৰণ জনতাৰ একেবাৰে কাষ চাপি গৈছিল, খােৱা-বােৱা কৰিছিল, নৃত্য-গীত-আনন্দ কৰিছিল বা তেজোদ্দীপ্ত ভাষণ দিছিল। গণচেতনাত তেওঁৰ আছিল অগাধ বিশ্বাস। তেওঁ বজ্ৰকণ্ঠে ঘােষণা কৰিছিল যে ৰাইজৰ মৰম-চেনেহেই ৰক্ষাকবচ আৰু ৰাইজৰ আশিসেই পাশুপাট অস্ত্র।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী কালতো তেখেতে শোষিতজনৰ স্বাধীনতাৰ বিৰুদ্ধে অন্য এক সংগ্ৰাম চলাই গৈছিল। জীৱনত এহাতে বন্দুক আৰু আনহাতে কলম লৈ সংগ্ৰাম চলাই যোৱা এইজন ব্যক্তিক বহুতে সব্যসাচী বুলিও কৈছিল। খিলঞ্জীয়া জনতাৰ হাতত ক্ষমতা প্ৰদানৰ বাবে জনজাগৰণ কৰিবলৈ তেখেতে বহু তেজস্বী বক্তৃতা প্ৰদান কৰিছিল। সাম্প্ৰতিক সময়ৰ পৰিস্থিতিত ৰাভাদেৱৰ “হাল যাৰ, মাটি তাৰ” শ্লোগানেৰে খেতিয়ক-মজদুৰক মাটিৰ মালিকীস্বত্ব প্ৰদান, জমিদাৰী প্ৰথাৰ অন্ত পেলোৱা আদি বিষয়ক চিন্তাধাৰা তথা আদৰ্শ বোৰ খুবেই প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ বিভিন্ন জনগোষ্ঠী আৰু জাতি সত্তাৰ মাজত ঐক্য সম্প্ৰীতি প্ৰতিষ্ঠা কৰি আকাশৰ দৰে সুবিশাল আৰু হিমালয়ৰ দৰে সুউচ্চ মানসিকতাৰে এক শক্তিশালী জাতি গঠনৰ উদ্দেশ্যে আগবাঢ়ি আহিছিল এইজনা মহান পুৰুষ। গণশিল্পী জনৰ সপোন আছিল হালোৱা-হজুৱা, কৃষক-শ্ৰমিক,বনুৱা-মজদুৰ সকলক লৈ এখন ন অসম প্ৰতিষ্ঠা কৰা। তেওঁৰ দৃষ্টিত ৰাইজেই ৰজা আছিল। তেওঁ অনুভৱ কৰিছিল, অসমৰ জাতীয় জীৱনৰ গৌৰৱময় সাংস্কৃতিক সৌধটোৰ ভিত্তি হ’ল অসমত যুগ যুগ ধৰি বসবাস কৰি অহা বিভিন্ন জাতি-জনগােষ্ঠীৰ সাংস্কৃতিক আহিলাসমূহ। সেয়ে তেওঁ এই জনগােষ্ঠীসমূহক বুজিবৰ বাবে অহৰহ চেষ্টা চলাইছিল। ৰাভাদেৱে কৈছিল— “কৃষ্টি-সংস্কৃতি আৰু সভ্যতা ধনী অসমীয়াৰ হাতত নাই। ধনতান্ত্রিক আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাৱঁলীয়া দুখীয়া, হালােৱা-হজুৱা, বনুৱা বাচি নাথাকিব। যদি অসমীয়াৰ দুখীয়া শ্রেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, অসমীয়া কৃষ্টি-সংস্কৃতি, অসমীয়া সভ্যতা সকলাে লয় পাব। অসমীয়াক বচাব পৰা যাব একমাত্র বিপ্লৱৰ মাজেদি। সেয়ে তেওঁ সকলাে হালােৱা-হজুৱা, কৃষক-শ্রমিকক সংগ্ৰামৰ বাবে আহ্বান জনাইছিল।

বিপ্লৱী আৰু শিল্পী সত্তাৰ বাহিৰেও তেওঁ এজন গৱেষকো আছিল। তেওঁক অসমৰ প্ৰথমজন নৃতত্ববিদ বুলিও আখ্যা দিয়া হয়। তেখেতে অসমৰ জাতি, জনগোষ্ঠী সমূহক লৈ “বানো-কোবাব” নামেৰে এখনি ক্ষেত্ৰ ভিত্তিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। তাত তেখেতে জনজাতীয় জীৱনৰ বিভিন্ন উপাদানসমূহক পদ্ধতিগতভাবে লিপিবদ্ধ কৰিছিল। তাৰোপৰি তেওঁ “অসমীয়া কৃষ্টিৰ সমূহ আভাস”, “অতীত অসম” নামেৰেও গৱেষণা মূলক গ্ৰন্থ প্ৰকাশ কৰিছিল। একেধাৰে বহু প্ৰতিভাৰ অধিকাৰী এইজনা মহান ব্যক্তি ১৯৫১ চনত ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি হৈছিল আৰু এই মঞ্চৰ যোগেদি কলিকতা আৰু মুম্বাইৰ পেশাদাৰী জগতৰ শীৰ্ষস্থানীয় লোকৰ সৈতে সান্নিধ্যলৈ অহাৰ স্বত্বেও তেওঁ কলাক কাহানিও পেশা হিচাপে অবলম্বন কৰা নাছিল। ৰাষ্ট্ৰীয় খ্যাতিৰ আশাত তেওঁ কাহানিও নিজ ৰাজ্য এৰি মঞ্চ বিচাৰি যোৱা নাছিল। তেখেত অসমৰ জনজাতীয় সংস্কৃতি, পৰম্পৰা তথা ঐতিহ্যক লৈ খুবেই সচেতন আছিল। তেখেতৰ যুক্তি মতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ গুৰি জনজাতীয় মূলৰ। উচ্চবৰ্ণৰ বৌদ্ধিক দমনেহে হয়তো এই কথা সদৰি কৰিবলৈ নিদিলে বুলিও তেওঁ মত পোষণ কৰিছিল। তেখেত কোনো এটা জাতি বা জনজাতীয় পৰিচয়ৰে সামৰিব পৰা সত্তা নাছিল। বিষ্ণু ৰাভাই ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক ভাষা জানিছিল। তেওঁৰ সংঘাটময় বৈপ্লৱিক জীৱনত গাঁৱে গাঁৱে বিভিন্ন সম্প্রদায় তথা জাতিৰ মানুহৰ মাজত ঘূৰি ফুৰােঁতে, কাম কৰােঁতে এই ভাষা জ্ঞানে যথেষ্ট সহায় কৰিছিল। শিল্পী হিচাপে ৰাভাদেৱৰ কৃতিত্ব তুলনাবিহীন। কৃষক-শ্রমিকক শােষণ বিৰােধী সংগ্ৰামত উদ্বুদ্ধ কৰিবৰ বাবে তেওঁ যি গীত-মাত ৰচনা কৰিছিল, সেই ৰচনাই তথাকথিত ৰক্ষণশীল লােকসকলৰ ভেম মষিমূৰ কৰিবলৈ সক্ষম হৈছিল। সংগ্রামী শিল্পীগৰাকীৰ গীতৰ কথাৰ মহত্ব, সুৰৰ লালিত্য আৰু শব্দৰ সংযােজন সঁচাই অতুলনীয়।

তেখেতৰ প্ৰথম পত্নী প্ৰিয়লতা বৰুৱাৰ মৃত্যুৰ পিছতে তেওঁ শোকাগ্নিত জাহ গৈ লিখি উলিয়াইছিল যুগ সৃষ্টিকাৰী “পৰজনমৰ শুভ লগনত….” গীতটি। বিভিন্ন কলাৰ যোগেদি অসমীয়া সংস্কৃতিৰ সাধনা কৰা এইজন লোকে অতীত প্ৰীতি, শংকৰ-মাধৱৰ জীৱনাদৰ্শ আদিক বাৰুকৈয়ে অনুকৰণ কৰিছিল। ১৯৩৯ চনত তেওঁ লিখি উলিয়াইছিল “অ অসমীয়া ডেকা দল, আজি তোৰ তেজাল হিয়া মলিয়ন কিয় হ’ল..” শীৰ্ষক গীতটি। ৰংপুৰ কলেজত পঢ়ি থকা সময়ত ৰাভাদেৱে “বাঁহী” আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু “আৱাহন” আলোচনীৰ বাবেও লেখা মেলা কৰিছিল। ঢোল, খোল, বাঁহী, মৃদংগ আদিকে ধৰি বহু বাদ্যযন্ত্ৰও বজাব পাৰিছিল তেওঁ। ১৯৪৬ চনত”ছিৰাজ” ছবিত তেওঁ অভিনয়ো কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস কেইখন হ’ল- “সোণপাহি”, “মিচিং কনেং” আৰু “জীৱন লালসা”। নাটক- “গেঙনি-ৰেঙনি” আৰু গল্পৰ ভিতৰত-মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং,ফুংকা। ছিৰাজৰ উপৰিও ৰাভাদেৱে “এৰা বাটৰ সুৰ”আৰু “প্ৰতিধ্বনি” বোলছবিতো অভিনয় কৰিছিল। তেখেতৰ সোঁৱৰণতেই “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা” প্ৰদান কৰা হয়৷ তেওঁৰ গীত আৰু কবিতাসমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা বাৰুকৈয়ে জিলিকি উঠিছিল। সেইসময়ত ৰচিত গীত সমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেম জাগ্ৰত কৰিছিল। জীৱনৰ শেষৰ চোৱাত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেখেতে "এয়ে মোৰ শেষ গান,মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান......" শীৰ্ষক গীতটি লিখিছিল আৰু এনেদৰেই ১৯৬৯ চনৰ ২০ জুনত এইজনা মহান আত্মাই চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় লৈছিল। তেওঁৰ সংগ্ৰাম আছিল সমাজৰ দুৰ্গত জনৰ বাবে। নিজৰ দূৰদৰ্শীতা আৰু অনুভূতিৰ বলত তেওঁ বৃহত্তৰ অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ দিশত এক গণ জাগৰণৰ সপোন দেখিছিল। শ্ৰীমন্ত শংকৰদেৱক অনুসৰণ কৰি তেওঁ যেন শংকৰদেৱৰ আধৰুৱা কামখিনি কৰিবৰ বাবেহে যত্নপৰ হৈ উঠিছিল। প্ৰতিজন নাগৰিকক কলা সংস্কৃতিৰ জড়িয়তে আকৰ্ষিত কৰি সংস্কৃতিবান কৰি তুলিব বিচাৰিছিল তেওঁ। এইয়াই আছিল বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান। গোটেই জীৱনজুৰি বিষ্ণু ৰাভাৰ সংগ্রামী সত্তা প্রস্ফুটিত হৈছিল আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াৰ ক্ষেত্ৰত তেওঁ অকৃত্ৰিমভাৱে চিন্তা-চৰ্চা কৰিছিল বাবে তেওঁ গণশিল্পী, যােদ্ধা, অক্লান্ত সৈনিক শিল্পী আৰু পূর্ণ প্রতিভাৰ এগৰাকী যুগনায়ক হ’ব পাৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আলােকযাত্রাৰ মূল সহযাত্রী, চিৰবিপ্লৱী, অশান্ত-অমৰ শিল্পী, কলাগুৰু বিষ্ণু ৰাভাৰ চিন্তা, আদর্শ আৰু দর্শন আজিৰ পুৰুষৰ বাবে প্রকৃত অর্থতেই এক অনুকৰণীয় দৃষ্টান্ত।

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি! তুমি সাৰে আছা, সাৰে আছে প্ৰীতি…” সাম্প্ৰতিক সময়ৰ পৰিস্থিতিত যেন এইষাৰ কথাই বাৰুকৈয়ে হৃদয়স্পৰ্শ কৰি যাব ধৰিছে। হয়তো এতিয়া কব লাগিব যে, “বিষ্ণু ৰাভা বহুত ৰাতি”। সাধাৰণ জনগণৰ মাজত উজাগৰে থাকি নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা বিষ্ণুৰাভাৰ ত্যাগক সন্মান জনাবৰ বাবে যেন আজিৰ অসমীয়া অসমৰ্থ। মাথো তেওঁৰ প্ৰীতি যেন জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনৰ জকমকীয়া অনুষ্ঠানৰ মাজত। প্ৰায় লুপ্ত হব ধৰিল তেখেতৰ স্বাৰ্থহীন সমাজ গঠনৰ স্বপ্নটোও।

মানৱ সমাজ, শিক্ষা আৰু সাম্প্ৰতিক উপলদ্ধি

নিজৰ সৃষ্টিক লৈ হোৱা অত্যাধিক অহংকাৰ, চাৰিওফালে মাত্ৰ হত্যা, হিংসা, শোষণ, সীমা চেৰাই যোৱা ভণ্ডামি ইত্যাদি ঋণাত্মক দিশবোৰৰ ক'লা ধোৱাজাকে যেন মানৱ জাতিৰ ধনাত্মক দিশবোৰকো বৰ বেয়াকৈ আৱৰি ধৰি কলুষিত কৰিছে। যাৰ বাবে মানৱ সভ্যতাই ইতিহাস হোৱাৰ দিশলৈ অহৰ্নিশে গতি কৰিব ধৰিছে। প্ৰকৃতিৰ সৃষ্টিক ধ্বংস কৰি, প্ৰকৃতিৰ হিয়াভগা কান্দোনকো আওকাণ কৰি মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি আৰু নিজৰ সৃষ্টিৰ ওপৰতেই মানৱ জাতি ইমানেই মগন আৰু গৰ্বিত, যে পৃথিৱীৰ নিয়মৰ এষাৰ অতি গুৰুত্বপূৰ্ণ কথাই পাহৰি পেলাইছে।মানৱে পাহৰি পেলাইছে যে, এটা পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰিত হৈ থাকিবৰ বাবে যে মানুহৰ বাহিৰেও, সেই সুক্ষ্মতম খালী চকুৰে মনিব নোৱাৰা অণুজীৱটোৰ পৰা আৰম্ভ কৰি,গছ-গছনিৰ লগতেই প্ৰকৃতিৰ সৃষ্টি আন সৰু-বৰ জীৱ-জন্তু,চৰাই-চিৰিকটিলৈকে, সকলো জীৱই প্ৰয়োজনীয়। এই প্ৰাণীসমূহৰ এটাক বাদ দিলেও জীয়াই থকাৰ ক্ষেত্ৰত বহু কঠিনতাৰ সৃষ্টি হয়। এটা সুস্থ পৰিস্থিতি তন্ত্ৰ গঢ়ি তুলাৰ ক্ষেত্ৰত প্ৰত্যেক জীৱই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু, আমি কিমানজনে এই কথাষাৰ অন্তৰৰ পৰা উপলব্ধি কৰিছো?ই বিশেষকৈ সাম্প্ৰতিক সময়ত এক জটিল প্ৰশ্ন হৈ পৰিছে। প্ৰকৃততে আমি মানৱ জাতিটো ইমানেই স্বাৰ্থপৰ যে , পৰীক্ষাত মাত্ৰ দুটামান নম্বৰৰ বাবেই জ্ঞানসমূহ অৰ্জন কৰি নম্বৰকেইটা পোৱাৰ পিছতেই কিতাপখন ভৰাই ৰাখিছো এটা বাকচৰ ভিতৰত নতুবা পাহৰিও গৈছো যে প্ৰকৃততে পৰিস্থিতি তন্ত্ৰ মানেনো কি?আজি শিক্ষিতসকলৰ কেইজনে সমাজৰ আন দুজনমানক বুজাইছো যে এটা পৰিৱেশৰ ভাৰসাম্যতা কেনেদৰে ৰক্ষা কৰিব পৰা যায়।সকলো জানি- বুজিওটো আমি আজি চকু মুদা কুলিৰ দৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ পিছতেই অহৰ্নিশে দৌৰি আছো। দৌৰিছো আৰু দৌৰিছো। আমাৰ ক্ষন্তেকৰ বাবেও সময় নাই পিছলৈ ঘূৰি চোৱাৰ। জীৱনৰ দৌৰত আমি কি কি মূল্যবান বস্তু হেৰুৱাই আহিছো সেইয়া হয়তো আমিও নাজানো আৰু উপলদ্ধি কৰিবৰ বাবেও নাই আমাৰ ইচ্ছা। আমি এবাৰলৈও উপলদ্ধি কৰিব পাৰিচোনে যে, আমাৰ এনে শিক্ষাৰ প্ৰয়োজনীয়তা কি, যি শিক্ষাক কেৱল আমি নিজ স্বাৰ্থ সিদ্ধিৰ বাবেহে দৈনন্দিন ব্যৱহাৰ কৰি আছো।সমাজৰ কল্যাণৰ হকে প্ৰকৃততে তাৰ কিমান শতাংশ শিক্ষাক ব্যৱহাৰ কৰিছো? কেতিয়াবা নিজকে এবাৰলৈও এই প্ৰশ্ন কৰিছোনে? দৈনিক হাজাৰ হাজাৰ নিৰ্বনানীকৰণ,মাটি,পানী,বায়ু,শব্দ সকলো প্ৰদূষণ, নিৰ্দোষী জীৱ-জন্তুৰ অকাল মৃত্যু,প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ আদিৰ দৰে জঘন্য প্ৰাকৃতিৰ অত্যাচাৰমূলক কাণ্ড সংঘটিত হৈ আহিছে আমাৰ চকুৰ সন্মুখত আৰু দিনে দিনে এইবোৰৰ মাত্ৰা বৃদ্ধিহে যাব ধৰিছে। গোলকীয় উত্তাপ বৃদ্ধিয়ে পৃথিৱীখনক ক্ৰমাৎ দুৰ্বল কৰি আনিছে। কিন্তু আমি জানো এবাৰলৈও ভাবিছো?নাই, আমিবোৰটো ব্যস্ত, নিজৰ নিজৰ জীৱনটোক লৈ।নিজৰ জীৱনটোৰ ব্যস্ততাখিনিৰ পৰাই আমাৰ আহৰি নাই ,এই বহুমূলীয়া কথাবোৰৰ বাবে। অথচ আমি ব্যস্ত, কেইবাজনো লগ হৈ পৰচৰ্চা কৰাত, আনক দমন কৰি নিজে কেনেকৈ ওপৰলৈ উঠিব পাৰো,সামাজিক মাধ্যমত এটা অৰ্থ হীন কথাকেই কেৱল মনোৰঞ্জনৰ বাবে প্ৰচাৰ কেনেকৈ চলাব পাৰো,কাক,কেতিয়া,কেনেদৰে উপহাস কৰিব পাৰো ইত্যাদি কুচিন্তাবোৰত। হত্যা, হিংসা, জাতি-ভেদ আদিৰ ক'লা ধোৱাজাকৰ মায়াজালত আমি কব নোৱাৰাকৈয়ে বন্দী হৈয়েই আছো। যাৰ ফলস্বৰূপে আমি কেৱল ধনী-দুখীয়া, জাতি-ধৰ্মৰ বিভেদ সৃষ্টিকাৰী এক আচৰিত ধৰনৰ প্ৰাণীলৈহে দিনক দিনে পৰিণত হৈছো। সকলো ক্ষেত্ৰতে মাত্ৰ ঋণাত্মক দিশবোৰ বিচাৰি ফুৰাটো যেন বৰ্তমান সময়ত মানৱ সভ্যতাৰ এক বৈশিষ্ট্য হৈ পৰিছে। আমি কিয় প্ৰত্যেক কথাৰে ঋণাত্মক দিশটোৰ প্ৰতিহে বেছিকৈ ধাৱমান হব ধৰিছো, সেইয়া এক ডাঙৰ প্ৰশ্ন। হয়তো যিদিনাই মানুহে কোনো এক বিষয়ৰ ধনাত্মক দিশবোৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিব, তেতিয়াই মানৱ মনবোৰতো ঋণাত্মক দিশবোৰে ৰাজত্ব কৰিবৰ বাবে সুবিধা লাভ নকৰিব। কেৱল ঋণাত্মক দিশবোৰকেই খুচৰি থকাৰ বাবেই হয়তো পৃথিৱীখন ধ্বংসৰ গৰাহলৈ গতি কৰি আছে,আৰু তাৰ প্ৰতি আমাৰ কাণষাৰেই নাই। প্ৰকৃত অৰ্থত মানৱতা কি, আমি হয়তো সময়ৰ সোঁতত পাহৰিয়েই পেলাইছো। সেয়ে আজি মানৱ সভ্যতা অনবৰতে পতনৰ দিশে গতি কৰি থকা দেখিও সেই বিষয়ে আমি উপলদ্ধি কৰিবলৈও অপাৰগ। আজি সকলোফালৰ পৰাই কেৱল ঋণাত্মক দিশবোৰেই আমাক বেছিকৈ আকৰ্ষণ কৰিবলৈ ধৰিলে,ধনাত্মক দিশবোৰ বিচাৰিবলৈ যেন আমি পাহৰিয়েই পেলালো। আজি কোনোবাজনে কৰা ভাল কামবোৰত আমি কেইজনে সঁহাৰি জনাও? তাৰ পৰিৱৰ্তে কোনোবা এজনে কৰা বেয়া কৰ্মক খুচৰি খুচৰি আতি-গুৰি মাৰি জানিবলৈ উৎসুক হৈ পৰা মনটোক নিয়ন্ত্ৰণ কৰাৰ শক্তিকণো যেন নোহোৱা হৈ পৰিব ধৰিছে আমাৰ। আনৰ জীৱনক এখন বোলছবিৰ দৰে উপভোগ কৰিবলৈ শিকিছো আমি। আমাৰ পৰচৰ্চাবোৰৰ পৰা যেন সাৰি নাযায় নামঘৰ, মন্দিৰ আদিৰ দৰে পবিত্ৰ ধৰ্মীয় স্থানসমূহো। সকলোৱেই মাত্ৰ মই বৰ আৰু এই মই বৰ বুলি ভবাটোৱেই আজি হয়তো মানৱ জীৱনৰ বাবে এক অভিশাপ স্বৰূপ হৈ পৰিছে। দয়া ,মমতা, ক্ষমা আদি ইতিবাচক দিশবোৰ যদিও আজি এচামৰ হৃদয়ত জীয়াই আছে, আমাৰ মাজৰ কিমানজনে সেই সমূহ অনুকৰণ কৰিছো নাইবা তেনে কৰ্ম কৰা কেইজনক উৎসাহ যোগাইছো, ভাল কাম কৰি যাবলৈ। কিয়নো আমিতো আন দহজনৰ বেয়া গুণসমূহ বিচাৰ কৰাতহে বেছিকৈ আগ্ৰহী। আমাৰ জীৱনৰ নৈতিক শিক্ষাবোৰ লাহে লাহে এতিয়া ধূলিসাৎ হব ধৰিছে আমাৰ অনিয়ন্ত্ৰিত মনটোৰ কবলত। এই সমূহৰ মাজত আকৌ সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰি ফুৰা এচাম লোকৰ অভাৱ নাইয়েই। সমালোচনাৰ প্ৰয়োজন আছে আমাৰ জীৱনত,সেই কথাক আমি নুই কৰিব নোৱাৰোঁ। তাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে বাঢ়ি অহা পৰচৰ্চাবোৰে আমাৰ জীৱনলৈ যে অন্ধকাৰ নমাই আনিছে, সেইয়াও এক তিতা সত্য। মুঠতে মানৱ সভ্যতাই এতিয়া নিজৰ পথৰ পৰা বিচলিত হৈ মৰুভূমিত মৰীচিকা খেদি ঘূৰ্মূটিয়াই ফুৰা পথিকলৈহে পৰিণত হৈছে আৰু নিজৰ শুদ্ধ পথ বিচাৰি সোনকালে সেই পথ ধৰিব নোৱাৰিলে এদিন নিশ্চয় মানৱ জাতি ইতিসাহ হব। পৃথিৱীৰ আজি অসুখ আৰু এই অসুখে বৰ্তমান বিচাৰ কৰা নাই কোনো জাতি-ধৰ্ম, ধনী-দুখীয়া, নতুবা কোন শক্তিশালী,কোন দুৰ্বল। এফালৰ পৰা মাত্ৰ ধবংসী লৈ গৈছে মূল্যবান জীৱনবোৰ। অহংকাৰৰ কাৰণ হৈ পৰা মানৱৰ শক্তিশালী সৃষ্টিবোৰেও জীৱনবোৰক ধৰি ৰাখিব নোৱাৰি হয়তো হাৰ মানিবলৈ বাধ্য হৈছে প্ৰকৃতিৰ তাণ্ডৱত।এইয়া মানৱ জাতিৰ বাবে এক সকীয়নিহে মাত্ৰ। কৰোনা ভাইৰাছে সৃষ্টি কৰা আতংকৰ বাবেই আজি সমগ্ৰ বিশ্বতে শক্তিশালী বুলি জনাজাত ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰনেতা কেইজনৰ চকুতো কিয় অশ্ৰু দেখা গৈছে? কিয়নো প্ৰকৃতিৰ আগত যে মানৱ তেনেই নগন্য, সেইয়া প্ৰকৃতিয়ে হয়তো প্ৰমাণ কৰি দেখুৱাইছে৷ সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি, ৰাজনীতি, শিক্ষা সকলো কঁপাই এক অকল্পনীয় আৰু অসহনীয় পৰিস্থিতিৰ সন্মুখীন হবলৈ মানুহক বাধ্য কৰাইছে এই মহামাৰীয়ে। অৰ্থনীতি আজি ৰুগ্ন, শিক্ষাবোৰ ব্যৰ্থ, ৰাজনীতিৰ নীতিবোৰ যেন ক্ৰমাৎ অৰ্থহীন হৈ পৰিছে। প্ৰতিখন দেশেই মাথো উঠি পৰি লাগিছে, মানৱ জাতিক উদ্ধাৰ কিদৰে কৰিব পাৰি তাৰ চিন্তাত।মানৱৰ অহংকাৰ, দম্ভ, ভেদাভেদ আদিবোৰৰ আজি চকুৰ সন্মুখতে ধাৰাষাৰে স্খলন ঘটিছে। কোনখন ৰাষ্ট্ৰ অধিক শক্তিশালী,তাক লৈ হোৱা প্ৰতিযোগিতাখনো এতিয়া স্তব্ধ হৈ পৰিছে। এই সকলোবোৰৰ মাজত প্ৰকৃতিয়ে আজি দীঘলকৈ উশাহ লৈছে। প্ৰদূষণ মুক্ত হব ধৰা পৃথিৱীৰ আকাশখন এতিয়া নীলিম আৰু কপাহী ডাৱৰৰ পৰশত শুভ্ৰ। মুকলি মনে গীত জোৰা পক্ষীৰ কাকলিয়ে আজিকালি পুৱাটো প্ৰায়ে ৰঙীন কৰি তুলে। গছ-গছনিবোৰৰ কুঁহিপাতে এতিয়া নতুন বতৰা কঢ়িয়াই আনিছে ধৰাৰ বুকুলৈ। প্ৰকৃতি কিন্তু প্ৰতিদিনৰ দৰেই নিজৰ কৰ্মত আজিও মগন। মাত্ৰ মানৱেহে কটাইছে এক বন্দীত্ব জীৱন। স্বাৰ্থপৰ মানৱৰ এই অৱস্থাত হয়তো প্ৰকৃতিয়ে উপহাস কৰিছে । এতিয়া মাত্ৰ সেই দিনটোলৈ অপেক্ষা, যিদিনা এই মহামাৰীৰ নাশ হৈ মানৱ জাতিয়ে পুনৰ এক মুক্ত জীৱন ঘূৰাই পাব।আশাবাদী, এদিন এই মহামাৰীৰো নাশ হব, সেইয়াও মানৱেই কৰিব। কিয়নো মানৱৰ মগজুৰ সৃষ্টি সঁচাই সুন্দৰ,মাত্ৰ অহংকাৰেহে পতনক কঢ়িয়াই আনিছে মানৱ জীৱনলৈ৷ হয়তো এদিন আগৰ দৰেই পুনৰ সকলোৰে ব্যস্ততাবোৰো আৰম্ভ হব।পুনৰ জৰাজীৰ্ণ আলিবাট,নিথৰ অনুষ্ঠান,প্ৰতিষ্ঠানবোৰে প্ৰাণ পাই উঠিব মানৱৰ সমাগমত আৰু এইখিনি সময়ৰ শিক্ষাক আকোৱালি লৈ সকলো আগুৱাই যাব লাগিব এক নতুন দিগন্তলৈ। প্ৰকৃতিক আওকাণ কৰি আমি যে জীয়াই থকাৰ সপোন ৰচিব নোৱাৰো, সেই কথাষাৰ অন্তৰৰ পৰা আমি প্ৰত্যেকজনেই উপলব্ধি কৰিব পাৰিব লাগিব। মানৱতাৰ ধৰ্মক প্ৰতিজনেই হৃদয়ঙ্গম কৰিব লাগিব। ধনী- দুখীয়া, জাতিভেদ, উচ্চ- নীচ, হত্যা- হিংসা,অন্যায় এই ঋণাত্মক দিশবোৰে আকৰ্ষণ কৰিব নোৱাৰাকৈ নিজকে অধিক শক্তিশালী কৰি মনটোক নিয়ন্ত্ৰণ কৰিব পৰাকৈ নিজকে গঢ়ি তুলিব লাগিব। মুঠতে অন্যায়-অধৰ্মৰ বিৰুদ্ধে সকলো সমানে থিয় হব লাগিব,সেইয়া লাগিলে প্ৰকৃতিৰ ওপৰতেই হওকঁ নতুবা মানুহৰ ওপৰতেই নহওঁক কিয়। সস্তীয়া জনপ্ৰিয়তাৰ পিছত নদৌৰি প্ৰতিজনেই প্ৰকৃত মানৱ কৰ্ম কৰি যাব লাগিব। সাম্প্ৰতিক সময়ৰ এই শিকনিক মানৱ ইতিহাসৰ এক অত্যন্ত গভীৰ শিকনি হিচাপে গ্ৰহণ কৰি ভৱিষ্যতে যাতে পৃথিৱীৰ নিয়ম শৃংখলাবদ্ধভাৱে বজাই ৰাখিব পাৰো তাৰ প্ৰতি মানৱ সমাজে লক্ষ্য ৰাখিব লাগিব।

সংকিট নহয় সজাগ হওকঁ


Source of the pic- google

(Stay safe, eat healthy, sleep properly, take care of your mental health, engage yourself with your favorite activities, do yoga or exercise, develop your skills.)

সাম্প্ৰতিক সময়ত কৰোনা ভাইৰাছে সৃষ্টি কৰা ত্ৰাসে সমগ্ৰ মানৱ জাতিৰ বাবেই যি সংকট কঢ়িয়াই আনিছে, সেইয়া আমাৰ সকলোৰেই পৰিলক্ষিত হৈছে। এইখিনি সময়ত নিজকে মানসিক বাঢ়ে সুস্থ কৰি ৰখাটো খুবেই প্ৰয়োজনীয়, কিয়নো মানসিক শক্তি সবল হৈ থাকিলেহে আমি শাৰিৰীক ভাৱেও এখন যুদ্ধ কৰিবলৈ শক্তি লাভ কৰিম। লকডাউনৰ এই সময়চোৱাত সকলোৱেই নিজৰ ঘৰতে থাককচোন। কোনো ধৰনৰ প্ৰয়োজনীয় কাম নাথাকিলে কোনেও বাহিৰলৈ যাতে ওলাই নাযায়, তাৰ বাবে সমাজৰ এজন সুস্থ ব্যক্তি হিচাপে আপুনি নিজেও কথাষাৰ পালন কৰক আৰু আন দহজনকো কওকঁ। সাম্প্ৰতিক সময়ত অসমত ভয়াবহ ৰূপত কৰোনা ৰোগী বাঢ়িব ধৰিছে, গতিকে এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি যাৱতীয় যিখিনি সাৱধানতা, সেইখিনি পাৰে মানে গ্ৰহণ কৰক। সমাজত এনে এচাম লোক আছে, যিসকল বৰ্তমানেও এই ভয়ংকৰ মহামাৰীৰ বিষয়ে জ্ঞাত নহয়, যাৰ বাবে সংক্ৰমণ তেওঁলোকৰ দ্বাৰাও বিয়পাৰ সম্ভাবনা আছে।গতিকে এই মহামাৰীৰ বিষয়ে,আমি যিসকল জ্ঞাত, তেনে লোক সকলক ভালদৰে বুজাই দিয়াটো আমাৰ কৰ্তব্য, সেইয়াও কিন্তু সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখিহে।

কৰোনা ক’ত, কেনেদৰে, কিহৰ মাধ্যমেৰে সংক্ৰমণ হব পাৰে আমাৰ জীৱনলৈও,হয়তো ঘৰতে থকা স্বত্বেও আমাৰ বাবে সেইয়া বৰ্তমানে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গতিকে এইখিনি সময় সংকিট হৈ কাম কৰাৰ সময় নহয়। মাত্ৰ প্ৰতিটো সময়তেই সকলোৱেই সজাগ হৈ থাকি আন দহজনকো সজাগ কৰি ৰখাৰহে সময়। মানসিক অৱস্থা সুস্থ সবল কৰি ৰাখিবলৈ আমি নিজকে যদি ভাল পোৱা কামবোৰেৰে ব্যস্ত কৰি ৰাখো, তেনেহলে বহুখিনি সকাহ পাব পাৰি। কোনোবাই ৰান্ধি ভাল পায়, ৰান্ধক, কোনোবাই সাহিত্যৰ চৰ্চা ভাল পাই, কৰক, নতুবা সংস্কৃতি ভাল পোৱাসকলে সংস্কৃতিৰে চৰ্চা কৰক, মুঠতে নিজক মানসিক ভাবে সুস্থ কৰি ৰাখিবলৈ যত্ন কৰক।

মাস্ক, ছেনিটাইজাৰ এইসমূহৰ ব্যৱহাৰ কৰিবলৈ পাহৰি নাযাব। ঘৰৰ বাহিৰত খোজবোৰ সজাগ হৈহে আগবঢ়াই দিব।
সংকট কালচোৱাত সংকিট নহয়, সজাগ হওকঁ।

ঘৰতে থাকক,সুৰক্ষিত হৈ থাকক😄।

মাজ ৰাতি কেতেকী (MAJ RATI KETEKI-an amazing Assamese film)

“মই যেতিয়া সেউজীয়া ঘাঁহ আছিলো আছিলো তেওঁ মোৰ ৰঙা বেলিটো আছিল।” – মাজ ৰাতি কেতেকী। ” When I was green grass, he was my red sun.”

(National award winning amazing Assamese film. Available on Netflix.)

সমগ্ৰ বিশ্বতে এতিয়া কৰোনাৰ তাণ্ডৱ। আমিবোৰে কটাইছো এটা বন্দীত্বৰ জীৱন, যি মানৱ জীৱনৰ বাবে সচাঁকৈয়ে এক জটিলতাৰ সময় হৈ পৰিছে। মানসিক ভাৱে নিজকে সৱল কৰি ৰাখিবৰ বাবে সেয়েহে বহুলোকেই নিজকে ব্যস্ত কৰি ৰাখিছে ভালপোৱা কামসমূহেৰে। ঠিক সেইদৰে ময়ো ৰাখিছো।লকডাউনৰ সময়চোৱাত উপভোগ কৰা কেইবাখনো কথাছবিৰ ভিতৰত এখন অন্যতম হৃদয়স্পৰ্শী(heart touching film) কথাছবি হ'ল- স্বনামধন্য অভিনেতা(prominent actor) আদিল হুচেইন অভিনীত এখনি সুন্দৰ অসমীয়া কথাছবি "মাজ ৰাতি কেতেকী"। কথাছবি খনৰ পৰিচালক ডা: শান্তনা বৰদলৈ। পূৰ্বতে তেওঁৰ "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাস খনৰ আধাৰত নিৰ্মিত "অদাহ্য" আৰু এতিয়া "মাজ ৰাতি কেতেকী" দুয়োখন ছবিয়েই একো একো খন কলাত্মক ছবি।

ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হোৱা "মাজ ৰাতি কেতেকী" ছবিখনে সমাজৰ বহু কেইটা দিশক সুন্দৰভাবে দাঙি ধৰাৰ লগতে অতীত আৰু বৰ্তমানৰ দৃশ্য সমূহক সমান্তৰালভাৱে দৰ্শকৰ আগত উপস্থাপন কৰিছে। জীৱনৰ বাটত শৈশৱ কালৰ সময়চোৱাই কিদৰে প্ৰভাৱ পেলাই, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে যে জীৱন সংগ্ৰামৰ সংজ্ঞা বেলেগ বেলেগ, আদি বহুবোৰ কথাৰ সংমিশ্ৰণে আৰু সুন্দৰ প্ৰকাশভংগীয়ে কথাছবি খনক অধিক আকৰ্ষণীয় কৰি তুলিছে‌। তাতেই আকৌ ছবিখনৰ চিনেমেট্ৰোগ্ৰাফী, সংগীত ব্যৱস্থাপনা, দৃশ্যগ্ৰহণ, আদিও বহু উচ্চ মানদণ্ডৰ‌।

ছবিখনৰ মুখ্য চৰিত্ৰ প্ৰিয়েন্দু হাজৰিকাই প্ৰায় ১০ বছৰৰ বিৰতিৰ মূৰত অসমলৈ অহাৰ পিছত তেওঁৰ মানস পটত শৈশৱৰ ঘটনাৱলী কিদৰে ভাঁহি আহিছে আৰু বৰ্তমানটোক তেওঁ কিদৰে গঢ়িছে সকলোবোৰ কথাই যেন একো একোটা অৰ্থ বহন কৰিছে।মুঠতে কথাছবিখনে সচাঁকৈয়ে মোৰ হৃদয় স্পৰ্শ কৰি গ'ল। সাধাৰণ ঘটনাৱলীৰ অথচ সেইসমূহৰে এক অসাধাৰণ উপস্থাপন শৈলী। এনে কথাছবিয়ে অসমীয়া বোলছবি জগতলৈ সচাঁকৈয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ ছবিখনৰ কেইটামান ভাল লগা সংলাপ-

১.সন্দেহ আৰু সত্যৰ বোজা আমি সকলোৱে কঢ়িয়াও।
২. প্ৰিয়জনৰ বিষয়ে সত্য লিখিবলৈ হ’লে কলিজাত বৰফ জমা হয়৷
৩. কিয় তুমি পুৰষ্কাৰ নোপোৱা কিতাপবোৰ নপঢ়া নেকি?
৪. নকল কৰি কিতাপ লিখিব পাৰি, সাহিত্যিক হব নোৱাৰি।
৫. মই যেতিয়া সেউজীয়া ঘাঁহ আছিলো, তেওঁ মোৰ ৰঙা বেলিটো আছিল।
কথাছবি খন নোচোৱা সকলে এবাৰ চাব। সচাঁই নিজৰ জীৱনৰ কিছু মূহূৰ্তক বিচাৰি পাব। মুঠতে হৃদয়ত সাঁচ বহুৱা এখন অসমীয়া ছবি।

(Watch the fim, it is an amazing story.)

Every_picture_has_a_story

#mini_tale

I still remember that beautiful day. We (ma, pita and i) were passing through the #Dihing_Patkai reserve. There is a small roadside market called “#Maya_Bazar”. You can find different kinds of local and fresh vegetables,local fish ect in that small market produced by the local farmers or villagers and their most of the customers are those visitors who passes through that reserve by personal vehicle.Whenever we pass through that market, my mom always buy something from that market.
At that day I too went with my mom.When mom was busy buying vegetables.Suddenly I saw them( those two old smiling queens of my grandma’s age).They were in a very happy mood. The way they were smiling and talking with each others, they looked so beautiful. At that moment their smiling faces gave me a strange feeling in my heart..I also started to smile and took out my phone to capture those beautiful smiles. But, then I felt that, they may feel uncomfortable if I take their pictures without their permission.
So I went to their stalls and asked them, “aita(grandma) can I click your pics?” They smiled and one of them asked me”Mai(dear),you want to click our pictures? Ahhh,we become old now” and they laughed. Again I requested them just one aita, your smile is so beautiful and I want to capture it on my phone,so can I?.” Then they said to me, “wait dear, let me make up my dress properly.OK…now you can click.” I smiled and said okkk.When I showed their beautiful pictures, they asked me “is it me, waw, I am looking so beautiful na?” I said yes, “dhuniya(beautiful) aita”.
After all these, they asked my name,what I m doing these days,my address etc and touched my cheeks in a lovey way. I swear now I can’t express that feeling…..At that moment I felt that I know them for so many years. I also felt that their love was really pure and selfless.And ya…I must say that, it doesn’t matter who you are,from where you belong to,what is your status, it’s all about love,kindness, and selflessness which make you a great and awesome person..They had nothing to gave me, but they had so many things to share with me. After all they had a good and a big heart. The way they treated me, it was an undescribable feeling for me.
Now I wonder,how they are surviving in this present situation.Because the source of their earning is also in a lockdown mood. #dhuniya_aita.

#portrait_photography #lockdown #stay_home_stay_safe.

Continue reading “Every_picture_has_a_story”

মৰিচীকাৰ পমখেদি

সাগৰৰ ঢৌবোৰে সিহঁতৰ দুয়োৰে ভৰি বাৰে বাৰে স্পৰ্শ কৰি গৈছে।জোনৰ পোহৰে নীলিম সাগৰত যেন সোণহে চৰাইছে। জোনাকী পৰুৱাবোৰে যেন সিঁহতৰ কথাবোৰ কাণপাতি শুনি আছে। সাগৰৰ গভীৰ ঢৌবোৰ যেন ক্ৰমান্বয়ে অধিক অশান্ত হৈ পৰিছে সিহতৰ কথোপকথনত। বহুদূৰৈত জ্বলি আছে লাইট পোষ্টৰ সেই ৰঙা লাইটতো।তাই উমান কৰিছে, জাহাজবোৰে যেন সাগৰখনৰ সৈতে এক অন্তৰংগ আলাপত লিপ্ত হৈছে।তাৰ মৌন ওঁঠৰ ভাষাবোৰ তাই দুচকুয়ে পঢ়ি গৈছে।প্ৰকৃতিপ্ৰেমী হোৱাৰ বাবেই সি বহুপৰ প্ৰকৃতিতেই কটায়।সদায় ফোনত কৈ থকাৰ দৰেই তাইক আজি সি ফুৰাবলৈ লৈ গৈছে। তেনেতে হঠাৎ সাৰ পাই তাই দেখিছে যে সেইয়া তাইৰ এক স্বপ্ন। নেদেখিবওনো কিয়? তাইৰ উৰণীয়া মনটো যে আজি তাৰ অধীন। সি তাইৰ কাহানিও নহয় বুলি জানিও অবুজ মনটোক বুজনি দিয়াত তাই ব্যৰ্থ।


সাধাৰণ সি টোৰ প্ৰেমত চঞ্চলা তাইজনী বৰ গভীৰভাৱে সোমাই পৰিল। তাই আজি উপায়হীন। তাইৰ অকোৱা- পকোৱা কথাবোৰত হয়তো কেতিয়াবা সি অস্বস্তিবোধও কৰে।কাহানিও কিন্তু সি তাইক সলনি হবলৈ দাবী নকৰে। সি তেনেই সাধাৰণ যদিও তাই তাৰ মাজতেই তাইৰ কল্পনাৰ মানুহজনক বিচাৰি পায়। হয়তো সন্ধান পাই তাইৰ সুখৰ পৃথিৱীখনৰো। সি ব্যস্ততাৰ মাজতো নিজকে জীয়াই ৰাখিবলৈ শিকাই তাইক। তাইৰ অভিমানবোৰ ক্ষন্তেকতে কথাৰেই নাশ কৰিব পাৰে সি। ধৈৰ্য কি, তাৰ পৰাই শিকিছে তাই। তাইক নিজৰ সৈতে চিনাকী কৰোৱা মানুহজনো হয়তো সিয়েই।


তাই আজিকালি প্ৰায়েই তাহাঁতৰ সম্পৰ্কটোৰ নাম বিচাৰি ফুৰে।সেইয়া বন্ধুত্ব নে আন কিবা? নাম নোহোৱা এটা সম্পৰ্কৰেই যেন সকলো আৰম্ভও হৈছিল আৰু এদিন হয়তো সমাপ্তও হব সকলো তেনেদৰেই। সেয়েহে তাই ভৱিষ্যতটোলৈ ভূমূকি মাৰিবলৈও ভয় খায়।কেতিয়াবা অনুভৱ কৰে তাৰ অবিহনে তাইৰ অস্তিত্ব কি? তাই যেন তাৰ পৰা কাহানিও বিছিন্ন হব নোখোজে, সেয়ে তাই নামবিহীন সম্পৰ্কটোকে আজিও বুকুত বান্ধি লৈ ঘূৰি ফুৰে। সি কিন্তু সেই আগৰ দৰেই আজিও সন্ধ্যাৰ কথাই তাইৰ আগত প্ৰকাশ কৰে। সি প্ৰেমত ভাগি পৰা এজন দূৰ্দান্ত প্ৰেমিক, যি এতিয়া প্ৰেমক ভয় কৰে। কাহিনীটো আৰম্ভ হৈছিল,তিনিবছৰৰ আগত বৰুৱা গাৰ্লচ পি.জিৰ ৭ নম্বৰ ৰোমটোত।

ৰূমটোত নিশা, আৰ্হি আৰু শ্ৰেয়া তিনিজনী। শ্ৰেয়া আৰু আৰ্হিতকৈ নিশা ডাঙৰ যদিও তিনিওজনী সমনীয়াৰ দৰেই থাকে। সকলোসময়তে বিন্দাছ কৈ থকা নিশাই ফুৰি,বজাৰ কৰি বিৰাট ভাল পায়। আনফালে আৰ্হি আকৌ নিজৰ পৃথিৱীত ব্যস্ত হৈ থাকি ভালপোৱা ছোৱালীজনী। শ্ৰেয়াক আকৌ হোষ্টেলত সকলোৱে ড্ৰামেবাজ বুলিয়েই জানে। কল্পনাৰ পৃথিৱীৰ মাজত থাকি ভালপোৱা ছোৱালীজনী শ্ৰেয়া। ডাঙৰ হৈছে যদিও যেন মনটো আজিও এজনী কণমানি ছোৱালীতকৈ কোনো গুণেই কম নহয় তাইৰ। তথাপিও আৰ্হি আৰু নিশাৰ বাবেই হয়তো তাই বহুখিনি সলনি হ’ল লাহেকৈ। সিহতি জীৱনৰ বহুখিনি প্ৰয়োজনীয় কথাই শিকালে শ্ৰেয়াক। তথাপিও গোটেই পৃথিৱীখনকে সহজ সৰল বুলিয়েই ভবা ছোৱালীজনীৰ মানুহক চিনি পাবলৈ এতিয়াও বহুখিনিয়েই বাকী। ২য় ষান্মাষিকৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই আৰ্হি ঘৰলৈ গুচি গ’ল। ৰোমটোত তেতিয়া মাত্ৰ নিশা আৰু শ্ৰেয়া। শ্ৰেয়াই সিহঁতৰ সন্মুখৰ ৰোমটোতে থকা হিয়া আৰু এনিৰ লগত কম্পিউটাৰৰ ক্লাছ কৰিবলৈ যায়। আৰ্হিৰ পিছতেই হিয়া আৰু এনি শ্ৰেয়াৰ খুবেই ভাল বান্ধৱী। শ্ৰেয়াই কলেজীয়া জীৱনটোত যদি ভাল বান্ধৱী হিচাপে কাৰোবাক বিচাৰি পালে সেইয়া হিয়া,এনি আৰু আৰ্হি। ইজনী সিজনীৰ বাবে সুখ-দুখৰ লগৰী।ইজনীয়ে সিজনীৰ প্ৰায় প্ৰতিটো কথাই জানে। কেতিয়াবা খুট-খাটকৈ সৰু -সুৰা কথা কিছুমানত তাহাঁতৰো নলগা নহয়। তথাপি মৰম বোৰে তাহাঁতক এৰাএৰি হবলৈ নিদিয়ে‌। য’লৈকে নাযাঁওক কিয়, যিয়েই নকৰক কিয়? তাহাঁতৰ সকলো একেলগে আৰু লগত নিশাও তাঁহাতৰ লগৰী। নিশা আৰু শ্ৰেয়াই ৰাতি প্ৰায় তিনিমান বজালৈকে কথা পাতে। জীৱনৰ কথা। মাজে মাজে ইজনীয়ে সিজনীক উপদেশো দিয়ে। তাহাঁতৰ কল্পনাবোৰ যে কাহানিও শেষ নোহোৱা বিধৰ,সেইয়া সিহঁতিও বুজে। অথচ কথাবোৰ বন্ধ নহয় তাঁহাতৰ । কেতিয়াবা যদি গভীৰ আলোচনা,কেতিয়াবা আকৌ খুহুতীয়া। মুঠতে ইজনীয়ে সিজনীৰ সকলো জানে। সৰু কথা এটাৰ পৰা গৈ গৈ কথাই কোনটো দিশে গতি কৰে দুইজনীয়ে ধৰিবই নোৱাৰে। আৰ্হি থাকিলে তাইয়ো মাজে মাজে এষাৰ দুষাৰমান কয়। কেতিয়াবা আকৌ তাই শুই গলেও শ্ৰেয়া আৰু নিশাৰ কথা শেষেই নহয়।

নিশাই প্ৰায়ে শ্ৰেয়াক নিশাৰ এজন বন্ধুৰ বিষয়ে কয়। শ্ৰেয়াইও মন দি শুনে। আচলতে নিশাই শ্ৰেয়াক বহুতৰ কথাই কয়। কিন্তু, শিৱাশীষৰ কাহিনীটোৱে শ্ৰেয়াক তাই বুজিব নোৱাৰাকৈয়ে বৰকৈ প্ৰভাৱ পেলায়। কিয় জানো ল’ৰাটোলৈ বৰকৈ দুখ লাগে তাইৰ। নিশাই বহুদিন তাৰ কথা নুলিয়ালেও শ্ৰেয়াই নিজেই সুধে তাৰ কথা। প্ৰেমত পোৱা প্ৰতাৰণাৰ বাবেই শিৱাশীষে আজিদিন ধৰি প্ৰেমত বিশ্বাস নকৰে। বৰ্তমান পুণেৰ এটা মাল্টিনেচনেল কোম্পানীত তাৰ চাকৰী। এজন ভদ্ৰ আৰু দায়িত্বশীল ল’ৰা সি। এদিন নিশাই শিৱাশীষৰ সৈতে কথা পাতি থাকোঁতেই ফোনটো শ্ৰেয়াৰ ফালে দি কৈছিল-“শিৱাশীষ,লোৱা মোৰ ৰোমমেটৰ লগত কথা পাতা। মই যে তোমাক কৈছিলো তাইয়েই। তাইৰ লগত চিনাকী হোৱা।তাইয়ো তোমাক খুব ভালদৰেই চিনি পায়। প্ৰথম অৱস্থাত শ্ৰেয়াই ফোনটো লবলৈ অলপ অস্বস্তিবোধ কৰিছিল। কিয়নো এজন অচিনাকি ল’ৰাৰ সৈতে তাইৰ সেইয়া প্ৰথম কথা আছিল। সেই যে দুয়োটাই হেল্ল’টোৰে আৰম্ভ কৰিছিল তাৰ পিছত প্ৰায় ত্ৰিশ মিনিট সময় কেনেদৰে পাৰ হৈছিল সিহঁতে গমেই পোৱা নাছিল। শ্ৰেয়াৰ অনুভৱ হৈছিল, তাই যেন তাক আগৰ পৰাই চিনি পায়। সি যেন তাইৰ কোনোবা আপোন মানুহ এজনহে। কব নোৱাৰাকৈয়ে শ্ৰেয়াৰ কিবা এটা ভাল লাগিছিল তাৰ সৈতে কথা পাতি আৰু তাহাঁতি কথা পাতি মন কৰিছিল যে গানৰ পৰা আৰম্ভ কৰি তাহাঁতৰ চিন্তা-ধাৰা বোৰলৈকে দুয়োটাৰ মাজত বহু কথাৰে মিল আছিল। সেই কথোপকথনটোৰে যে আৰম্ভ হৈছিল আজিও চলি আছে সকলোবোৰ‌ ঠিক সেইদৰে হয়তো আজিকালি আৰু অধিক গভীৰহে হব ধৰিছে তাহাঁতৰ কথাবোৰ। কোনোদিন লগ নোপোৱাকৈয়ো বছৰৰ পিছত বছৰ জানো কোনোবা কাৰোবাৰ ইমান আপোন হব পাৰে। শ্ৰেয়াক এই কথাই আজিও আমনি কৰে। তথাপি শ্ৰেয়াই অনুভৱবোৰক সযতনে সামৰি ৰাখি থয়, তাইৰ মাজতে। ইটোৱে সিটোৰ কথা প্ৰায় সকলো জানে। জীৱন সম্পৰ্কে,ভাললগা, বেয়ালগাবোৰৰ বিষয়ে সকলো কথাই দুয়োটাই আলোচনা কৰে। আটাইতকৈ ডাঙৰ কথা ইটোৱে সিটোৰ মনৰ কথাবোৰ সকলো বুজি পায় শব্দৰ অবিহনেও। শ্ৰেয়াৰ সৰুতকৈয়ো সৰু কথাকেইটাও তাক নকলে তাই নোৱাৰে। সি তাইৰ প্ৰতিটো কামত উৎসাহ দিয়ে, তাই হাৰি যাব খুজিলে সাহস দিয়ে, তাইক হাঁহিবলৈ শিকায়, জীৱনটোক চম্ভালি লবলৈ শিকায় সি। ঠিক সেইদৰে শ্ৰেয়াইও তাৰ মৌনতা বোৰক পঢ়িব পাৰে,দুখবোৰক অলপ হলেওঁ সুখৰ নাম দিব জানে,সি তাৰ সুখবোৰক তাইৰ আগত ব্যক্ত কৰিলে তাই আকোৱালি লব জানে।

প্ৰথমে সেই হোৱাটচ্এপত দুয়োৰে ভাললগা গানৰ সালসলনি আৰু এতিয়া সেইবোৰ পৰিণত হ’ল দৈনন্দিন বাৰ্তা বোৰলৈ। শ্ৰেয়াৰ কেতিয়াবা ভাবিও আচৰিত লাগে যে তাই কেনেকৈ যে তাৰ দৰে কাৰোবাক বিচাৰি পালে। কেনেকুৱা এটা আচৰিত সম্পৰ্ক, যাৰ সান্নিধ্যই তাইৰ ধীৰ গতিত চলি থকা জীৱনটোৰ বহুখিনিয়েই সলনি কৰি পেলালে। নিজকে কোনোবা অচিন ঠাইত হেৰুৱাই দিয়া তাইজনীয়ে পুনৰ নিজকে বিচাৰি পালে। যি প্ৰতিপল তাইক প্ৰেৰণা দি যায় জীৱনটোক সুচাৰুৰূপে গঢ়িবলৈ। তাই কেতিয়াবা অনুভৱ কৰে হয়তো ভগৱানে তাক পঠিয়াইছে তাইৰ কাষলৈ,তাইৰ জীৱনটোক গঢ় দিবলৈ।

সময়ৰ তাগিদাত লাহেকৈ তাহাঁতৰ জীৱনৰ দিশবোৰো সলনি হবলৈ ধৰিলে। শ্ৰেয়াৰ ৰোমটোলৈ নিশা বাৰ ঠাইত আহিল প্ৰিঞ্চি।তাইৰ মৰমৰ নিশা বাক আজিও তাই মিছ কৰে। অৱশ্যে ফোনত কথা পাতে, তথাপিও ওচৰত থকা নিশা বাজনী আৰু ফোনত কথা পতা জনীৰ মাজত তাই অলপ হলেওঁ পাৰ্থক্য বিচাৰি পায়। শ্ৰেয়াহত এতিয়া হোষ্টেলৰ চুপাৰ চিনিয়ৰ মানে পঞ্চম ষান্মাষিকৰ ছাত্ৰী। কিনাৰৰ ৰোমত থাকে ৰিয়া, কাবেৰী।মাতে কথাই খুব মৰম লগা ছোৱালীকেইজনী। তাতেই আকৌ প্ৰাৰ্থনা, শিৱানী, কৃতি (যাক সকলোৱে কচুগুটি বুলি কয়)সিহঁত আছেই। বৰুৱা পি.জি ৰ আদ্দাবোৰ লাহে লাহে আৰু অধিক ৰঙীন হব ধৰিলে সময়ৰ গতিত। তাতে আকৌ আৰ্হি, শ্ৰেয়া, এনি আৰু হিয়াৰ একেবাৰেই শেষৰ কেইটা দিন নহয় জানো কলেজীয়া জীৱনৰ। তাহাঁতৰ ফুৰা-মেলাবোৰ বাঢ়িছে আগতকৈ। বন্ধ দিন হলেই হ’ল। গোটেইকেইজনী সাজি কাঁচি ওলাই যোৱাটো নিয়ম তাহাঁতৰ।মালিকৰ ওচৰত হাজাৰটা বাহানা দি হলেও ওলাই যাবই। তাহাঁতৰ দুখ যে মৰমৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ক আৰু কেইমাহমানৰ পিছতে বিদায় দিব লাগিব।বিদায় দিব লাগিব তিনিটা বছৰ পাৰ কৰা বৰুৱা পি.জিটো আৰু তাৰ মৰমৰ ছোৱালীখিনিক। স্নাতক শেষ হোৱাৰ পিছত আকৌ কোন কলৈ যায় পঢ়িবলৈ কোনেওটো নাজানে। শ্ৰেয়াৰ আকৌ সপোন নাহৰৰ দেশ মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰ্হিক প্ৰায়েই কৈ থাকে তাই,তই আৰু মই একেলগে পঢ়িম দেই।ভাল লাগিব এতিয়া যেনেকৈ স্ফূৰ্তি কৰো, তেতিয়াও কৰিম। আৰ্হিয়ে আকৌ সদায় কয়,হবচোন ৰ এতিয়াই নাভাবিবি। আগতে এইটোৱেই শেষ হৈ লওক আমাৰ। ইহ্ হব যা মই তোক এৰি নাথাকো বুলি শ্ৰেয়াই তাইক সাবটি ধৰে। তাহাঁতৰ পি.জিতে আকৌ আছে নিষ্ঠা নামৰ এক নম্বৰ চুলবুলি ছোৱালীজনী। যি নিজৰ প্ৰেমিকক লৈয়ে বহু সুখী। সকলোৰে ৰোমত নিজৰ প্ৰেমৰ কাহিনী কৈ কৈ ঘূৰি ফুৰা ছোৱালী জনীয়েই হ’ল মৰমৰ নিষ্ঠা। সকলো কামলৈয়ে তাইৰ খুব ভয়। চিনিয়ৰক সুধিহে কামবোৰ কৰে দেই বাইদেৱে।শ্ৰেয়াহতৰ মৰম বুটলিবলৈ আকৌ ৰিয়া, কাবেৰী,নিধি,প্ৰিঞ্চি, প্ৰাৰ্থনা,কৃতিহতো পিছ পৰি থকা বিধৰ নহয় । মৰম লগা ছোৱালী কেইজনী,প্ৰত্যেক জনীৰে নিজৰ নিজৰ মৰম লগাব পৰা গুণ আছে। সকলোকে ব্ৰো’ কোড ব্যৱহাৰ কৰি কথা কোৱা বিন্দাছ কৃতিয়ে শ্ৰেয়াক সদায় জোকাই ,”Can a girl and a boy be best friends?”.কিয়নো শ্ৰেয়াই যে কোনোবা এজন ল’ৰাৰ লগত চিনাকি হৈ কথা পাতিবলৈ ধৰিছে কথাটো দুজনীমানে জানে। সেয়ে কেতিয়াবা তাইক তাহাঁতি জোকাইয়ো। কিন্তু তাইয়ো হাঁহি এটা মাৰি হেই নহয় বুলি কথাটো পাতলাই থৈ দিয়ে। তাৰ পিছত আহে শ্ৰেয়াই সদায় বড়ো বিউটি বুলি জোকোৱা প্ৰাৰ্থনাজনী,যি মিচিকিয়া হাঁহিটোৰে সকলোকে মুহিব পাৰে। তাইৰ ৰোমমেট শিৱানী যি জীৱনটোক খুবেই সীমিত পৰিধিৰ মাজত ৰাখি থব বিচাৰে‌ আৰু সকলোৱে তাইক কয় যে, এটাই জীৱন ভালদৰে জীয়াই থাক। কিমান দিনৰনো পৃথিৱী। তাইৰ কিন্তু চিন্তাৰ কোনো অন্তই নাই। সৰু কথাটোও পাৰে মানে চিন্তা কৰে তাই। ৰিয়া আৰু কাবেৰী দুইজনী খুবেই মৰমিয়াল তাহাঁতৰ লগতে আকৌ স্বেতা আছেই। গোটেইকেইজনীয়ে শ্ৰেয়া হতৰ সৈতে কম ধেমালি কৰে নে? শ্ৰেয়াহতৰঁ সৈতে ফুৰিবলৈ যোৱা, একেলগে কাৰোবাৰ জন্মদিন থাকিলে উৎপাত কৰা আৰু বহুতো। দিনবোৰ শেষ হবলৈ অলপ দিন থাকোতেই শ্ৰেয়া আৰু আৰ্হিৰ লগৰ প্ৰিতীও আহিল তাহাঁতৰ পি.জি টোলৈ। ৰাংঢালি ছোৱালীজনীয়ে সকলোকে হহুৱাই ভাল পায়। খুব কম সময়তেই বৰুৱা পি. জিৰ সকলোৰে লগতে ভাল সম্পৰ্ক গঢ়ি উঠিল তাইৰ। মুঠতে শেষৰ দিন কেইটা তাহাঁতিকেইজনীয়ে ইমানেই ভালকৈ উপভোগ কৰিছে যে ভৱিষ্যতলৈ হয়তো মনত ৰৈ যাব দিনবোৰ।

প্ৰীতিৰ আগমনে বৰুৱা পি.জিটোক আৰু অধিক ৰঙীন কৰি তুলিল। সকলোৱে হাঁহিবহে পাৰে তাইৰ খুহুতীয়া কথাবোৰত। আৰ্হি, হিয়া, শ্ৰেয়া আৰু এনিৰ লগত তাইৰ মনটো মিলি যায় বাবে তাহাঁতৰ স্ফূৰ্তি বোৰ আৰু বাঢ়ি গৈছে। তাতেই আকৌ আজিকালি শ্ৰেয়াক সকলোৱে বেছিকৈ জোকোৱা হৈছে, কিয়নো তাইৰ মুখেৰে অজানিতে শিৱাশীষৰ নাম বেছিকৈ ওলাই যে। তাইয়ো অনুভৱ কৰিছে, হয়তো তাই তাৰ প্ৰেমত পৰিছে। আকৌ তাই ভাৱে, হবই নোৱাৰে। তাই আৰু প্ৰেম। পঢ়িবলৈ আছে,কেৰিয়াৰটো আছে।আগত শেষৰটো ষান্মাষিকৰ পৰীক্ষা আহি আছে। তাকো কোনোদিন লগ নোপোৱা ল’ৰাজনৰ সৈতে। যেনেহলেও ল’ৰা মানুহ‌। আকৌ ভাবে, ল’ৰাটো ভাল দেখোন। তথাপিও? তাই মনে মনে হাঁহেও কেতিয়াবা,কেতিয়াবা দুখো কৰে। তাই পালেই যেনিবা, সি জানো পাব। ভালপোৱা বুলিয়েইতো তাৰ এলাৰ্জি হোৱা হ’ল। কত বাৰ যে শ্ৰেয়াই বুজাইছে তাক। হলেও সি জানো বুজে। সদায় এটাই কথা তাৰ “সব ছোৱালী একেই”। সেয়ে আজিকালি শ্ৰেয়াই তাক নোকোৱা হ’ল। সময়বোৰ বাঢ়ি অহাৰ লগতেই শ্ৰেয়াৰ যেন তাৰ প্ৰতি ভালপোৱাবোৰো বাঢ়ি আহিব ধৰিল আৰু নহবওনো কিয়? তাৰ যে স্বভাৱেই তেনেকুৱা । কেৱল শ্ৰেয়াই নে, যিকোনো ছোৱালী হলেও প্ৰেমত পৰিব‌। দুটাবছৰত শ্ৰেয়াই ভলদৰেই তাক পঢ়িছিল। হয় তাই ডাঠি কব পাৰিব। সি আনৰ দৰে নহয়। সেয়ে হয়তো এদিন হঠাৎ তাই শিৱাশীষক সকলো কথা খুলি কৈ পেলালে। ভিতৰি আকৌ ভয়তে তাইৰ হাহোঁ নে কান্দো অৱস্থা । তাই আজিও ভাবে সেইখিনি সাহস সেই মূহূৰ্তত তাইৰ আহিল ক’ৰ পৰা। মনৰ খো-দোৱনি বোৰ এটা দীঘল পেৰাগ্ৰাফত লিখি শিৱাশীষক দি দিলে। শিৱাশীষ কিন্তু আনৰ দৰে নহয়। সি কথাখিনি পঢ়ি লৈ তাইক কথাবোৰ ইমানেই ধুনীয়াকৈ বুজালে যে তাই অন্ততঃ সকাহ এটা পালে। সেইদিনা হয়তো শিৱাশীষৰ নাটোৱে তাইক অলপ দুখ দিছিল যদিও তাই যে কথাবোৰ খুলি কৈছিল , তাতেই তাইৰ সুখ। তাৰ প্ৰতি থকা অনুভৱখিনি আজিও সাৰুৱা তাইৰ হৃদয়ত। তাই আজিও নিজৰ প্ৰাৰ্থনাত তাক সামৰি লয়। প্ৰতিটো সুখ- দুখৰ বাতৰিৰ সিয়েই প্ৰথম শ্ৰোতা। আন কাৰো প্ৰতি দেখোন শ্ৰেয়াৰ তেনে অনুভৱ নহয়‌। শিৱাশীষে তাইক বহুত বুজাই, কিন্তু তাই অবুজ। তাই যেন হৃদয়খন কাৰো সৈতে ভগাই লবই নোখোজে। এতিয়া কেৱল কেৰিয়াৰটোৰ প্ৰতিহে তাইৰ মোহ।

সময়বোৰ সলনি হোৱাৰ লগে লগেই স্নাতক ডিগ্ৰী লৈ শ্ৰেয়া আজি স্নাতকোত্তৰৰ ছাত্ৰী। যিদিনা শ্ৰেয়াৰ স্নাতকোত্তৰৰ এডমিচন আছিল। সেইদিনাই শিৱাশীষৰো নতুন চাকৰিত যোগদানৰ দিন আছিল। দুয়োটাই দুয়োটাকে নতুন জীৱনৰ শুভেচ্ছা দি সেই দিনা বহুপৰ কথা পাতিছিল। পঢ়াৰ ক্ষেত্ৰত শিৱাশীষে সদায় শ্ৰেয়াক উৎসাহ দিয়ে‌। কেৱল পঢ়াই নে? তাইৰ সকলো ভাল কামত। হয়তো আজি শিৱাশীষৰ উৎসাহবোৰেই তাই জীৱনত হেৰাই পেলোৱা বহুখিনি তাইক ঘূৰাই দিলে। এতিয়া দুয়োটাৰে মাথো সেইদিনটোলৈ অপেক্ষা, যিদিনা দুয়োটাই ইটোৱে সিটোক সন্মুখৰ পৰা সাক্ষাৎ কৰিব। শিৱাশীষেও আজিকালি প্ৰায়েই কয়, তোমাক ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ আছে বহুত। শ্ৰেয়াও কমজনী নে? ডিজিটেল পৃথিৱীখনৰ বাহিৰলৈ ওলাই আহি প্ৰকৃত সত্যক ওচৰৰ পৰা পাবলৈকে এতিয়া দুয়োটাই অপেক্ষা কৰিছে‌। শ্ৰেয়াই যেন আজিও মৰিচীকাৰ পম খেদিয়েই ঘূৰি ফুৰিছে‌। তাই আচলতে প্ৰতিদিনেই নিৰিবিলি পৰবোৰত তাহাঁতৰ সম্পৰ্কটোৰ নাম বিচাৰি ফুৰে। কিন্তু সি সেই আগৰ দৰেই। তথাপি শ্ৰেয়াৰ অভিমান নাই। তাই তেনেদৰেই হয়তো সুখী।যাৰ সাহসে আজি তাইক ইমানখিনি ঘূৰাই দিলে হয়তো তেওঁ এজন ফৰিস্তা। সেইয়াই মৰিচীকাৰ পম খেদি শ্ৰেয়াৰ হৃদয়ৰ এক যাত্ৰা। তিনিটা বছৰ এতিয়া আৰু বহু দূৰ আছে।

সমাপ্ত

কৰোনা ভাইৰাচৰ আতংক আৰু কিছু উপলব্ধি

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ বাবেই ভয়াবহতা কঢ়িয়াই অনা কৰোনা ভাইৰাচে এক ভয়ংকৰ ৰূপ ধাৰণ কৰি মানৱ জাতিটোক কেনেদৰে কোঙা কৰি পেলাইছে, সেইয়া আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে। বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই কম বেচি পৰিমাণে এই ভয়াৱহতাৰ সন্মুখীন হৈছে। এই ভাইৰাচবিধ ৰোধিব পৰাকৈ বৰ্তমানলৈকে কোনো ধৰণৰ শক্তিশালী ঔষধ আবিষ্কাৰ হোৱা নাই। দুই এখন দেশত আবিষ্কাৰ হৈছে যদিও বিশ্বব্যাপী ইয়াৰ প্ৰচাৰ সম্ভৱ হৈ উঠা নাই। এই ভাইৰাচবিধ ইমানেই মাৰাত্মক যে যিকোনো বস্তুৰ জড়িয়তেই ই মানৱ দেহলৈ এজনৰ পৰা আন এজনলৈ সহজেই সংক্ৰমণ হয়। আজি সমগ্ৰ বিশ্বতে দপদপাই থকা বহুকেইখন উন্নত দেশতেই এই ভাইৰাচ বিধে উপদ্ৰৱ চলাই দেশসমূহৰ অৱস্থা অতিকৈ সূচনীয় কৰি তুলিছে। কোঙা কৰি পেলাইচে দেশসমূহৰ অৰ্থনীতি। তেনে ক্ষেত্ৰত ভাৰতবৰ্ষ তথা ভাৰতৰ দৰে আন আন উন্নয়নশীল আৰু অনুন্নত দেশসমূহ কেনেধৰনৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বা অনাগত সময়ত কেনে এক পৰিস্থিতিয়ে বিৰাজ কৰিব তাক কল্পনা কৰিবলৈও ভয় লগা অৱস্থা হৈছে।
চীন দেশৰ ওৱান চহৰৰ এক বজাৰ অঞ্চলত এই ভাইৰাচ বিধৰ প্ৰথম সৃষ্টি হৈছিল বুলি তথ্য পোৱা গৈছে যদিও বৰ্তমানেও এই বিষয়ে বহু পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে যে প্ৰকৃততে এই ভাইৰাচবিধৰ উৎপত্তি ক’ত, কেনেদৰে হৈছিল। বিভিন্ন সূত্ৰই সদৰি কৰিছে যে এই ভাইৰাচ বিধৰ উৎপত্তিৰ কথা বহু কিতাপ-আলোচনীত হেনো বহু বৈজ্ঞানিকে আগতেই উল্লেখ কৰিছিল। মুঠতে এইবিধ ভাইৰাচৰ উৎপত্তিয়ে মানৱ সভ্যতালৈ যি দুৰ্যোগ কঢ়িয়াই আনিছে সেইয়া সঁচাই বৰ নিৰ্মম। আজি বিশ্বৰ চৌপাশে কেৱল মৃত্যুৰ ঘণ্টাহে বাজি থকা পৰিলক্ষিত হৈছে। নিজৰ আপোনজনক হেৰুওৱাৰ হৃদয় বিদাৰক দৃশ্যবোৰে সকলোৰে বুকু কপাই তুলিছে। সকলো দেশতে বন্ধ কৰি দিয়া হৈছে জনসমাগমৰ স্থলীসমূহ। আজি যেন সকলো জাতি- ধৰ্ম, হিংসা-বিদ্ৰোহ, বিভেদ আদিক আওকাণ কৰি প্ৰত্যেকজনেই প্ৰাৰ্থনা কৰিছে মাত্ৰ বিশ্ব শান্তিৰ অৰ্থে। সকলোৰে মনত এটাই আশা পুৰণি পৃথিৱীখন ঘূৰাই লাগে। এই বিশ্বব্যাপী চলি থকা ত্ৰাসৰ পৰা মুক্তি লাগে সমগ্ৰ বিশ্বকে।
অৱশ্যে এই ভাইৰাচবিধে যেন আমাক বহু কথাই শিকাইছে। আমি যদি ২২ মাৰ্চৰ সেই বিশেষ দিনটোলৈকে মন কৰো,অৰ্থাৎ যিদিনা গোটেই দিনটোৰ বাবেই ১৪৪ ধাৰা জাৰি কৰা হৈছিল সমগ্ৰ ভাৰতবৰ্ষতে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবাসীকে নিজ নিজ ঘৰৰ পৰাই সন্ধিয়া ৫ বজাত জনসাধাৰণৰ সেৱাত বৰ্তী থকা প্ৰশাসনিক বিষয়া, চিকিৎসা কৰ্মী আদি লোক সকলক উৎসাহ যোগাবলৈ কৈছিল , সেই ক্ষণটোৱেই হয়তো বহু কথাই কৈ গৈছিল। সেইদিনটোতে শুনিবলৈ পাইছিলোঁ গাৱঁৰ প্ৰতি ঘৰ মানুহৰ ঘৰতে ৫ বজাৰ লগে লগেই বাজি উঠা ডবা, কাহঁ আৰু ঘণ্টাৰ শব্দ। বিভিন্ন মাধ্যম সমূহৰ জড়িয়তে দেখিছিলো নগৰ অঞ্চলসমূহতো প্ৰায় তেনে এক পৰিৱেশেই। অৱশ্যে এচামে লোকে আকৌ এইটোকে লৈ বহু উদ্ভদালিৰ সৃষ্টি কৰাও দেখা গৈছিল। হয়তো সেই লোকসকলৰে এচামৰ এই ভাইৰাচবিধৰ ভয়াৱহতাৰ সম্পৰ্কে জ্ঞানৰ অভাৱ নতুবা তেওঁলোকে আনক দেখিয়েই তেনেদৰে ওলাই আহিছিল ঘৰৰ বাহিৰলৈ। সি যি কি নহওক এজন সুস্থ নাগৰিক হিচাপে আমাৰো এটা দায়িত্ব আছে যে এনে লোকসকলক কেনেদৰে সজাগ কৰিব পাৰি সেই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাটো। এই ভাইৰাচ বিধ যে কিমান ভয়াৱহ সেই বিষয়ে তেওঁলোকক জ্ঞাত কৰোৱাতো।
সকলো ক্ষেত্ৰৰে ঋণাত্মক দিশ বিচাৰি ফুৰাটো যেন বৰ্তমান সময়ত মানৱ সভ্যতাৰ এটা বৈশিষ্ট্য হৈ পৰিছে। আমি কিয় প্ৰত্যেক কথাৰে ঋণাত্মক দিশটোৰ প্ৰতিহে বেচিকৈ ধাৱমান হব ধৰিছো, সেইয়া এক ডাঙৰ প্ৰশ্ন। যিদিনাই মানুহে ধনাত্মক দিশবোৰকো সমানে বিচাৰি ওলিয়াই আনিব হয়তো ঋণাত্মক দিশবোৰে ৰাজত্ব কৰিবৰ বাবে সুবিধাই নাপাব। কেৱল ঋণাত্মক দিশবোৰকেই খুচৰি থকাৰ বাবেই হয়তো পৃথিৱীখন ধ্বংসৰ গৰাহলৈ গতি কৰি আছে। সেয়েহে মাত্ৰ সেই দিনটোৰ কথালৈয়ে যদি আমি ভাৱি চাওঁ দেখিম যে প্ৰকৃতিয়ে কিমান শান্তিত জিৰণি লৈছিল। চাৰিওফালৰ প্ৰদূষণবোৰ স্তব্ধ হৈ পৰিছিল, চৰাই মাতবোৰে চৌদিশে শান্তিৰ বতৰা কঢ়িয়াই আনিছিল, বহুত দিনৰ মূৰত ঘৰৰ সকলোৱে মিলি ভাৱৰ আদান- প্ৰদান কৰিছিল,সেই পুৱাটো যে কিমান ধুনীয়া আছিল। প্ৰতিটো দিনেই যদি এনেদৰে মধুৰ হ’লহেতেন হয়তো পৃথিৱীৰ পৰা ভয়াৱহতাসমূহো নোহোৱা হ’লহেতেন। সচাঁকৈয়ে এটা ভাইৰাচে আমাক বহু কথাই উপলব্ধি কৰাইছে। আজি ধৰ্ম আৰু ভগৱানৰ নামত চলি থকা বজাৰখনেও মুক্তি পাইছে। যেন পবিত্ৰ হৈ পৰিছে বিশ্বৰ প্ৰতিটো মন্দিৰ, মছজিদ আৰু গীৰ্জা, কিয়নো তাত নাই এতিয়া জীৱশ্ৰেষ্ঠৰ সমাগম। মুক্ত হৈছে ভগৱান বহু মিছা অপবাদৰ পৰাও।এতিয়া সমগ্ৰ বিশ্ববাসীৰে অপেক্ষা মাথো এই ভাইৰাচৰ ত্ৰাস অন্ত হোৱালৈ। সকলোৱে মিলি যদি যাৱতীয় ব্যৱস্থাবোৰ গ্ৰহণ কৰি এই ভাইৰাচৰ বিৰুদ্ধে যুঁজ দিয়া হয় মানৱ জাতিৰ নিশ্চয় জয় হব। তাৰ বাবেই লাগিব একতা আৰু সজাগতা আৰু এই একতা আৰু সজাগতাক নিজ নিজ গৃহৰ পৰাই আমি পালন কৰাটো নিত্যান্তই প্ৰয়োজনীয় এইসময়চোৱাত। এই ত্ৰাসৰ সময়ত ঘৰতে থাকক, নিজৰ পৰিয়ালৰ লগতে পৃথিৱীখনকো এই ৰোগৰ পৰা মুক্ত হোৱাত সহায় কৰক। লগতে যিসকল প্ৰশাসনিক সেৱা, চিকিৎসা সেৱা আদি আন আন সেৱা আগবঢ়োৱা লোক আছে তেওঁলোকক উৎসাহ যোগাওঁক নিজ গৃহৰ পৰাই।

শৰ্মিষ্ঠা ৰাজগুৰু
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়

শংকা

স্কুলৰ পৰা ভাগৰি অহা মোৰ দহ বছৰীয়া মাজনীক মই সুধিছো- “মাজনী, স্কুলৰ পৰা আহিলা? মাজনী তোমাক কিবা এটা সুধিছো , মুখেৰে নামাতা কিয়? আজি তোমাক চাৰে পিটিলে নেকি? নোকোৱা কিয় একো?দুখ মনেৰে তাই মোৰ কাষৰ পৰা উঠি গুচি গৈছিল।

মইয়ো তাইৰ কি হ’ল ধৰিব নোৱাৰি নিজৰ কামত লাগিলো। সন্ধিয়া সময়ত নিজৰ ৰূমৰ পৰা ওলাই আহি পাকঘৰত সোমাই তাই মোক সুধিছিল-“মা, আজি হিষ্ট্ৰি চাৰে কৈছে, এসময়ত আমাৰ অসমৰ চৰকাৰী ভাষা হেনো অসমীয়া আছিল। এতিয়াও তেনেদৰে থকা হ’লে তুমিয়েই মোক পঢ়াত সহায় কৰিব পাৰিলাহেঁতেন। কিমান ভাল লাগিলহেঁতেন। আমাৰ দেশৰ সকলো ৰাজ্যতে নিজৰ থলুৱা ভাষাটোৱেই চৰকাৰী ভাষা হোৱাৰ দৰেই অসমতো অসমীয়া হলহেঁতেন। আমি সকলো ৰাজ্যৰে চৰকাৰী ভাষাৰ বিষয়ে আজি পঢ়িছো। কেৱল অসমৰহে দেখোন বেলেগ। মা চাৰে কৈছে অসমীয়া মানুহবোৰে হেনো নিজৰ ভাষা- সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে আৰু সেয়ে অসমখন বিদেশীৰ অধীনলৈ গুচি গ’ল। কিয় এনে হ’ল মা?অসমৰ মানুহ দূৰ্বল আছিল নেকি?

তেনেকুৱা নহয় মাজনী বুলি মই বহুপৰ থমকি ৰ’লো তাইৰ কাষত।তেনেতেই মাৰ চিঞৰ।মোৰো টোপনি ভাঙিল। ঘড়ীত সময় তেতিয়া সাত বাজি বিশ মিনিট। মোৰ বুকুত এক অবুজ শংকা ভৱিষ্যতটোক লৈ।

তথাপি মই জীয়াই আছো….

মই সাৰে আছোঁ, নিৰ্জন ৰাতিৰ বুকুত। সপোনবোৰৰ দিশে বাৰে বাৰে দৌৰিছো। বাৰে বাৰে আগুৱাই যাব খোজিও কৰবাত যেন থমকি ৰৈছো।হঠাৎ এক অজান শক্তিৰ বাধা অনুভৱ কৰিছো দুভৰিত। পিছলৈ ঘূৰি চাই দেখিছো-“এডাল বাধাৰ শিকলি”। শুনিছো বহু জনতাৰ কোলাহল। কাণত বাজি উঠিছে কেইষাৰিমান নিৰ্দিষ্ট বাক্য। যিকেইষাৰ বাক্যই, মোক কঁপাই তুলিছে।মোৰ দুৰ্বলতাবোৰক যেন আৰু অধিক সবল কৰি তুলিছে। মই মাত্ৰ চিঞৰি চিঞৰি কান্দিছো। লক্ষ্য কৰিছো,মুখা পিন্ধা সকলে মন খুলি মৰা হাঁহিবোৰ। কি হৈছে মোৰ? মই মোৰ সাহসবোৰ দেখোন হেৰুৱাই পেলাইছো হঠাতে। সেইখিনিতেই ৰৈ গৈছো বহু প্ৰশ্নৰ সৈতে মই অকলশৰে ।মই নাজানো,উত্তৰবোৰৰ বাবে মই কালৈ অপেক্ষা কৰিছোঁ। এপলক সময়ৰ বাবে নিজকে সুধিছো-উত্তৰটো মোৰ মাজতেই আবদ্ধ নেকি? এনেতে কাৰোবাৰ চিঞৰত সাৰ পাই অনুভৱ কৰিছিলো-সেইয়া মোক কঁপাই তোলা এক সপোন আছিল। এতিয়া…পুৱা ক্লাছৰ বাবে মোক ৰূমমেটে চিঞৰি চিঞৰি উঠাইছে।

দিনটোৰ বাবে যেন বিন্দাছ মইজনী হেৰাই গৈছিলো সেই সপোনটোৰ মাজত। কিয় সপোনটোৱে মোক বাৰে বাৰে আমনি কৰিছিল,হয়তো মইয়ো অজ্ঞাত আছিলো। ভাবিছিলো-মই দেখা আন সপোন বোৰৰ পৰা ই পৃথক আছিল নেকি?বহু চিন্তাৰ মেৰপাকত যেন আবদ্ধ হৈ পৰিছিলোঁ মই। আগবেলাৰ ক্লাছবোৰৰ পিছত দিয়া বিৰতিতোও যেন কম হৈ পৰিছিল,মোৰ চিন্তাৰ বাবে । যেনে তেনে বিয়লি ২.৩০ বজাৰ ক্লাছটো শেষ হোৱাৰ বাবে অপেক্ষা কৰিছিলো মই । কিয়নো সপোনটোৱে মোক তেতিয়াও শান্তি দিয়া নাছিল। সেইখিনি সময়তেই ছাৰ সোমাই আহিছিল আৰু এষাৰ বাক্য লিখিছিল বৰ্ডত। বাক্যশাৰী আছিল “I Am Still Alive” আৰু আমাক এই বাক্যশাৰীৰ ওপৰত দুআষাৰ মনৰ ভাৱ লিখিবলৈ কৈছিল।

মই ধৰিব পৰা নাছিলোঁ, মোৰ কলমটোৱে সেইখিনি সময়ত কেনেদৰে নিমিষতে মোৰ মনটোক পঢ়ি পেলাইছিল। ই অহৰহ লিখি গৈছিল মোৰ অব্যক্ত শব্দবোৰক। অপ্ৰকাশিত হৈ ৰোৱা মোৰ অনুভৱবোৰক। মোৰ দুখবোৰক। পাৰ হৈ যোৱা সময়বোৰ মোৰ দৃশ্যপটত ভাঁহি আহিছিল তন্নতন্নকৈ। হয়তো সেইখিনিতে মই বহু কথাই বুজি উঠিছিলো,মোৰ অনুভৱখিনিক পঢ়ি। বহু কঠিন পৰক নেওচি যদি মই আজি এইখিনিত, হয়তো আৰু বেছি দূৰ নাই …..৷ এনেদৰেই ওখোৰা-মোখোৰা বাটেৰেই আগুৱাই যাব লাগিব সপোনৰ পম খেদি।এইখিনিত আহি থমকি ৰলে হয়তো বেলেগে নহয়, মোৰ জীৱনেই মোক উপলুঙা কৰিব।

মই নাজানো,সপোনবোৰে বাস্তৱক স্পৰ্শ কৰিবলৈ মই আৰু কিমান পৰ অপেক্ষা কৰিব লাগিব। এতিয়া এবাৰলৈ মই ভাবি উঠিছো ,নতুন সপোনবোৰক মই কলিতেই এৰি দিম নে? বিশৃংখল চিন্তাবোৰক মোক অহৰহ আমনি কৰাৰ অনুমতি দিম নে? আনৰ এষাৰ কথাতে নিজকে নিম্নতম কৰি তুলিম নে? দুৰ্বলতাবোৰক এনেদৰেই এৰি দিম নে?জীৱনক মোৰ সৈতে মই কঢ়িয়াই লৈ যাম, নে জীৱনক মোক কঢ়িয়ায় লৈ যাবৰ বাবে এৰি দিম এনেকৈ? বাৰুকৈয়ে অনুভৱ হৈছিল মোৰ …জীৱনটো যেন এক প্ৰশ্নৰ সমষ্টি মাথোঁন। এটা প্ৰশ্নৰ সমাধান মানেই যেন আন এটাৰ উদয়। হয়তো কিছুমান প্ৰশ্নৰ সমাধান নোহোৱাকৈয়ে জীৱনটো কোনোবা এদিন স্তব্ধ হৈ পৰিব আৰু সমাধানৰ বাবে মইয়ো নাথাকিম নতুবা উত্তৰ বোৰৰ বাবে কৰা অপেক্ষাবোৰৰো এদিন অন্ত হব। মোৰ লগতে প্ৰশ্নবোৰো বিলীন হব নিয়তিৰ বুকুত। মাত্ৰ মই বুজি উঠিছো-এইয়া যে আৰম্ভণিহে মাথোন আৰু বহু দূৰ যাবলৈ আছে এনেদৰেই সাহসবোৰক বুকুত বান্ধি………।।